November 2, 2024 6:22 PM
32
ৰাজ্য চৰকাৰৰ উদ্যোগত কাইলৈৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হ’ব
অসমীয়াৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষা আৰু বৰ্ণিল সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত কাইলৈৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হ'ব। অসমীয়া ভাষাই লাভ কৰা ধ্ৰুপদী ভাষাৰ বিৰল স্বীকৃতিক প্ৰতিজন অসমীয়াৰ ওচৰলৈ নিয়াৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। চতুৰ্থ শতিকাৰ পৰা পৰ্যায়ক্রমে অসমীয়া ভাষা সাহিত্যলৈ বৰঙণি যোগোৱা মনিষী, পণ্ডিত আৰু ভাষাবিদসকললৈ কৃতজ্ঞতা জ্ঞাপনৰ লগতে ভাষা গৌৰৱ সপ্তাহৰ বিভিন্ন কাৰ্যসূচীৰ অধীনত প্ৰকাশন পৰিষদে প্ৰকাশ কৰা ধ্...