অসম ভাৰোত্তোলন সন্থাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নতুন প্রতিভা চিনাক্ত কৰাৰ বাবে অভিলাষী আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে শিৱসাগৰ জিলাৰ ভাৰোত্তোলন সন্থাৰ সহযোগত অহা ১৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰত নামতিত নতুন প্রতিভা বাছনি শিবিৰ অনুষ্ঠিত হ’ব। উত্তৰ প্ৰদেশৰ শ্ৰীৰাম স্পোর্টছ একাডেমীয়ে সহযোগিতা কৰিবলগীয়া এই শিবিৰত টকিঅ’ অলিম্পিকত ৰূপৰ পদক জয়ী মীৰাবাঈ চানু উপস্থিত থাকিব। শিবিৰলৈ ৮ বছৰৰ পৰা ১৩ বছৰ বয়সৰ ল’ৰা-ছোৱালীক প্ৰেৰণ কৰিবলৈ সকলো জিলা সন্থাকে ৰাজ্যিক সন্থাৰ সভাপতি ভৱজ্যোতি গোস্বামীয়ে আহ্বান জনাইছে।
Assamese | November 1, 2024 7:51 PM | Assam | SPORTS | weightlifting
অসম ভাৰোত্তোলন সন্থাৰ নতুন প্রতিভা চিনাক্ত কৰাৰ বাবে অভিলাষী আঁচনি গ্ৰহণ