December 5, 2024 9:04 PM

views 61

দৰং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ৮ ডিচেম্বৰৰ পৰা ৩দিনীয়া কাৰ্যসূচীৰে উপ-ৰাষ্ট্ৰীয় পলিঅ’ দিৱস উদযাপন কৰা হ’ব

দৰং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাখনৰ অতিৰিক্ত মুখ্য চিকিৎ‍সা আৰু স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ৰ সহযোগত অহা ৮ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উপ-ৰাষ্ট্ৰীয় পলিঅ' দিৱস উদযাপন কৰা হ'ব। এই কাৰ্যসূচীৰ অধীনত জিলাখনৰ ৫ বছৰ তলৰ এক লাখ ৪০ হাজাৰ ৭১৩টা শিশুক ৮৫৭টা কেন্দ্ৰত প্ৰতিষেধক দিয়া হ'ব। ইতিমধ্যে ৩৪৯ গৰাকী এ এন এম, এহেজাৰ ১০ গৰাকী আশাকর্মী, এহেজাৰ ১১৯ গৰাকী অংগনৱাড়ী কৰ্মী, ২১১ গৰাকী পৰিদৰ্শক আৰু ২৯১ গৰাকী স্বেচ্ছাসেৱকক এই কাৰ্যসূচীত নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে ৮ ডিচেম্বৰত মঙলদৈ অসামৰিক ...

November 30, 2024 8:10 PM

views 37

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজিৰে পৰা ‘অসমী চৰচ মেলা’ অনুষ্ঠিত

অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ উদ্যোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজিৰ পৰা অসমী চৰচ মেলা অনুষ্ঠিত হৈছে। অহা ১৫ ডিচেম্বৰত সামৰণি পৰিবলগীয়া এই মেলাত ৰাজ্যখনৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ আত্মসহায়ক গোটসমূহৰ দ্বাৰা উৎপাদিত হস্ততাত বস্ত্ৰশিল্প, অন্যান্য খলুৱা সামগ্ৰী আৰু জনগোষ্ঠীয় খাদ্যসম্ভাৰ উপলব্ধ হৈছে। এই মেলাত ৰাজ্যখনৰ প্ৰতিখন জিলাৰ পৰা অহা আত্মসহায়ক গোটৰ মহিলা আৰু ২৬ খন ৰাজ্যৰ পৰা অহা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। চৰচ মেলাৰ লগত সংগতি ৰাখি আজি সমূহীয়া দৌৰ কাৰ্যসূচী অনুষ্ঠিত...

November 29, 2024 8:35 PM

views 58

কোচ বিহাৰ ট্ৰফীৰ দ্বিতীয় দিনাৰ সামৰণিত কেৰালাৰ বিৰুদ্ধে অসমে দ্বিতীয় ইনিংছত এটা উইকেট হেৰুৱাই ৩৩ ৰান সংগ্ৰহ

কেৰালাৰ বিৰুদ্ধে বৰপেটাত অনুষ্ঠিত কোচ বিহাৰ ট্ৰফী চাৰি দিনীয়া ক্রিকেট খেলখনৰ আজি দ্বিতীয় দিনাৰ সামৰণিত অসমে দ্বিতীয় ইনিংছত এটা উইকেট হেৰুৱাই ৩৩ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ পূৰ্বে কেৰালাৰ প্ৰথম ইনিংছ ১৮১ ৰানত সামৰণি পৰে। উল্লেখযোগ্য যে অসমে কালি প্রথম ইনিংছত ২৩৩ ৰান কৰে। ফলত অসমে সামগ্ৰিকভাৱে ৮৫ ৰানৰ অগ্ৰগতি লাভ কৰিছে।

November 29, 2024 6:59 PM

views 64

তামুলপুৰত জিলা উন্নয়ন সমিতিৰ সভাত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ বিভাগসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা

আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন সমিতিৰ নৱেম্বৰ মাহৰ বিভাগীয় পৰ্যালোচনা সভাখন অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন বিভাগ তথা মিছনৰ বিষয়াসকলে অংশগ্ৰহণ কৰা সভাখনত অধ্যক্ষতা কৰে জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে। সভাৰ আৰম্ভণিতে উপস্থিত বিষয়াসকলক জিলা আয়ুক্তগৰাকীয়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলাখনৰ সাফল্য সম্পৰ্কেও অৱগত কৰে। এই সাফল্যৰ বাবে বিষয়াসকলৰ সহযোগিতাৰো তেখেতে শলাগ লয়‌। তাৰ পাছতে বিভাগসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ পর্যালোচনা কৰাৰ লগতে উন্নয়নমূলক পদক্ষেপসমূহ সময় মতে ৰূপায়ণৰ বিষয়ে আলোচনা ক...

November 29, 2024 6:32 PM

views 62

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত খানাপাৰাত কাইলৈৰ পৰা ১৫ ডিচেম্বৰলৈ ‘অসমী চৰচ মেলা’ অনুষ্ঠিত

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কাইলৈৰ পৰা অসমী চৰচ মেলা অনুষ্ঠিত হ'ব। অহা ১৫ ডিচেম্বৰলৈ চলিবলগীয়া এই মেলা প্রতিদিনেই দিনৰ ১০ বজাৰ পৰা নিশা ৯ বজালৈ থাকিব। এই মেলাৰ জৰিয়তে জনসাধাৰণে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে দেশৰ ভিন ভিন জনগোষ্ঠীৰ চহকী হস্তশিল্প আৰু পৰম্পৰাগত সামগ্ৰী লাভ কৰিব পাৰিব। মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই মেলাই মহিলা সবলীকৰণৰ লগতে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত এই মেলাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বুলি প্ৰকাশ কৰে...

November 28, 2024 8:00 PM

views 60

বি চি চি আইৰ উদ্যোগত আৰু অসম ক্রিকেট সন্থাৰ সহযোগত বৰপেটাত অসম আৰু কেৰালাৰ মাজত ১৯ বছৰ অনূর্ধ কোচবিহাৰ ট্ৰফীৰ খেল অনুষ্ঠিত

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ চমুকৈ বি চি চি আইৰ উদ্যোগত আৰু অসম ক্রিকেট সন্থাৰ সহযোগত আজিৰ পৰা বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অসম আৰু কেৰালাৰ মাজত ১৯ বছৰ অনূর্ধ কোচবিহাৰ ট্ৰফীৰ খেল অনুষ্ঠিত হৈছে। চাৰিদিনীয়াকৈ অনুষ্ঠিত এই প্রতিযোগিতাত আজি অসম দলে ছৈত জয়লাভ কৰি প্রথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। আয়ুষ্মান মালাকাৰে নেতৃত্ব দিয়া অসম দলটোৱে প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ২৩৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। আনহাতে দিনটোৰ শেষলৈ কেৰালাই প্রথম ইনিংছত ৩টা উইকেটৰ বিনিময়ত ৩৩ ৰান সংগ্ৰহ কৰে।

November 28, 2024 7:50 PM

views 51

শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্প ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণ সমিতিৰ

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণ সমিতিয়ে আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্প ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰে। বিধানসভাৰ বিৰোধীৰ দলপতি দেৱব্ৰত শ‍ইকীয়াৰ অধ্যক্ষতাৰ এই নিৰীক্ষণ সমিতিয়ে আজি ডিমৌত নির্মীয়মান ৰাইছাই গ্ৰাম্য ষ্টেডিয়াম, লোকনিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মীয়মান ষ্টেডিয়াম সংযোগী পথৰ নিৰ্মাণকাৰ্যৰ বুজ লয়। সমিতিৰ সদস্যসকলে ৰুদ্ৰসাগৰত চলি থকা ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্যও পৰিদৰ্শন কৰে। ৭ গৰাকী সদস্য বিশিষ্ট এই সমিতিয়ে আজি জিলা দুখনৰ নির্মাণকার্য চলি থকা স্থানসম...

November 28, 2024 7:44 PM

views 78

চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্ত্তীত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱজনিত পৰিস্থিতি সন্দৰ্ভত পর্যালোচনাৰে মন্ত্ৰী কেশৱ মহন্তৰ সীমান্তৱৰ্তী অঞ্চল ভ্ৰমণ

চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্তী অঞ্চলত শেহতীয়াকৈ দেখা দিয়া মেলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱজনিত পৰিস্থিতি সন্দৰ্ভত পর্যালোচনা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী কেশৱ মহন্তই আজি অঞ্চলটো ভ্ৰমণ কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সদৰ কাজলগাঁৱত থকা জিলা অসামৰিক চিকিৎসালয়ত স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে পৰিস্থিতি পর্যালোচনা কৰি মেলেৰিয়া প্ৰতিৰোধৰ জৰুৰী ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাত বি টি আৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, বি টি আৰৰ মুৰব্বীৰ উপদেষ্টা উত্তম নাৰ্জাৰীৰ উপ...

November 28, 2024 6:49 PM

views 44

অসম চাইক্লিং সন্থাৰ উদ্যোগত খেলুৱৈক সম্বৰ্ধনা

সোণাপুৰ টেপেচিয়াস্থিত এল.এন.আই.পি.ই ৰ অমিয় কুমাৰ প্ৰেক্ষাগৃহত চেন্নাইত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপ-২০২৪ৰ চাইক্লিংত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ৪ গৰাকীকৈ খেলুৱৈক অসম চাইক্লিং সন্থাই সম্বৰ্ধনা জনায়। অসম চৰকাৰৰ ক্ৰীড়া সঞ্চালক প্ৰদীপ তিমুং, ছাইৰ সহকাৰী সঞ্চালক সম্ভু যাদৱ, ছাইৰ মুখ্য প্ৰশিক্ষক নৰেন্দ্ৰ সিং, সহকাৰী প্ৰশিক্ষক মাইয়ং পেটেল, অসম চাইক্লিং সন্থাৰ সাধাৰণ সম্পাদক ড° তপন দাসকে প্ৰমুখ্যে কৰি কেইবাজনো ক্ৰীড়াৰ সৈতে জড়িত ব্যক্তিৰ উপস্থিতি থাকে৷ ৰাষ্ট্ৰীয় ট্ৰেক চাইক্লিং প্ৰত...

November 28, 2024 6:29 PM

views 36

বৰ্তমানলৈকে ২০টা প্ৰজাতিৰ ডেম ডেউকাৰ প্ৰজাতি আৱিস্কাৰ অসমৰ জ্যেষ্ঠ উদ্ভিদ বিজ্ঞানী ড০ ৰাজীৱ গগৈৰ

অসমৰ জ্যেষ্ঠ উদ্ভিদ বিজ্ঞানী ড০ ৰাজীৱ গগৈয়ে ২০১২ চনৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত গৱেষণা কৰি এতিয়ালৈকে কমেও ২০টা প্ৰজাতিৰ ডেম ডেউকাৰ প্ৰজাতি আৱিস্কাৰ কৰিছে। বিজ্ঞানীগৰাকীৰ এই বিষয়টোত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিছে। উদ্ভিদৰ প্ৰজাতি আৱিস্কাৰৰ এই উল্লেখনীয় গৱেষণাৰ বাবে ড০ গগৈক ছুইজাৰলেণ্ডৰ পৰা প্ৰকাশিত বিশ্বৰ এখন আগশাৰীৰ আলোচনীয়ে স্বীকৃতি প্রদান কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বিজ্ঞানীগৰাকীক অভিনন্দন জ্ঞাপন কৰি এই কথা উল্লেখ কৰে। তেওঁ কয় যে ১৯৪৭ চনৰ পৰা ২০২৩...