অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কাইলৈৰ পৰা অসমী চৰচ মেলা অনুষ্ঠিত হ’ব। অহা ১৫ ডিচেম্বৰলৈ চলিবলগীয়া এই মেলা প্রতিদিনেই দিনৰ ১০ বজাৰ পৰা নিশা ৯ বজালৈ থাকিব। এই মেলাৰ জৰিয়তে জনসাধাৰণে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে দেশৰ ভিন ভিন জনগোষ্ঠীৰ চহকী হস্তশিল্প আৰু পৰম্পৰাগত সামগ্ৰী লাভ কৰিব পাৰিব। মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই মেলাই মহিলা সবলীকৰণৰ লগতে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত এই মেলাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বুলি প্ৰকাশ কৰে।
Assamese | November 29, 2024 6:32 PM | Assam | Khanapara | Saras Mela 2024
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত খানাপাৰাত কাইলৈৰ পৰা ১৫ ডিচেম্বৰলৈ ‘অসমী চৰচ মেলা’ অনুষ্ঠিত