November 30, 2024 8:10 PM

views 31

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজিৰে পৰা ‘অসমী চৰচ মেলা’ অনুষ্ঠিত

অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ উদ্যোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজিৰ পৰা অসমী চৰচ মেলা অনুষ্ঠিত হৈছে। অহা ১৫ ডিচেম্বৰত সামৰণি পৰিবলগীয়া এই মেলাত ৰাজ্যখনৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ আত্মসহায়ক গোটসমূহৰ দ্বাৰা উৎপাদিত হস্ততাত বস্ত্ৰশিল্প, অন্যান্য খলুৱা সামগ্ৰী আৰু জনগোষ্ঠীয় খাদ্যসম্ভাৰ উপলব্ধ হৈছে। এই মেলাত ৰাজ্যখনৰ প্ৰতিখন জিলাৰ পৰা অহা আত্মসহায়ক গোটৰ মহিলা আৰু ২৬ খন ৰাজ্যৰ পৰা অহা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। চৰচ মেলাৰ লগত সংগতি ৰাখি আজি সমূহীয়া দৌৰ কাৰ্যসূচী অনুষ্ঠিত...

November 29, 2024 6:32 PM

views 53

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত খানাপাৰাত কাইলৈৰ পৰা ১৫ ডিচেম্বৰলৈ ‘অসমী চৰচ মেলা’ অনুষ্ঠিত

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কাইলৈৰ পৰা অসমী চৰচ মেলা অনুষ্ঠিত হ'ব। অহা ১৫ ডিচেম্বৰলৈ চলিবলগীয়া এই মেলা প্রতিদিনেই দিনৰ ১০ বজাৰ পৰা নিশা ৯ বজালৈ থাকিব। এই মেলাৰ জৰিয়তে জনসাধাৰণে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে দেশৰ ভিন ভিন জনগোষ্ঠীৰ চহকী হস্তশিল্প আৰু পৰম্পৰাগত সামগ্ৰী লাভ কৰিব পাৰিব। মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই মেলাই মহিলা সবলীকৰণৰ লগতে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত এই মেলাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বুলি প্ৰকাশ কৰে...

November 24, 2024 6:59 PM

views 36

ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত অসমী সৰস মেলা ২০২৪ আৰম্ভ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত কালিৰ পৰা অসমী সৰস মেলা ২০২৪ আৰম্ভ হৈছে। দহদিনীয়াকৈ হ'বলগীয়া এই মেলাৰ শুভাৰম্ভ অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, দুলিয়াজানৰ বিধায়ক তেৰছ গোৱালা, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, জিলা আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মিছন সঞ্চালককে বহুগৰাকী বিশিষ্টি ব্যক্তি উপস্থিত থাকে। মেলাখনত ৰাজ্যৰ লগতে গোৱা, উত্তৰ প্রদেশ, পাঞ্জাব, কেৰালা, ছিকিম, জম্ম...