July 24, 2025 6:42 PM

views 65

গুৱাহাটীত লুকাই থকা কেৰালা আৰু মহাৰাষ্ট্ৰৰ ৩জন চাইবাৰ অপৰাধত অভিযুক্ত ব্যক্তিক গ্ৰেপ্তাৰ

দিছপুৰ আৰক্ষীয়ে গুৱাহাটী মহানগৰীত লুকাই থকা কেৰালা আৰু মহাৰাষ্ট্ৰৰ তিনিজন চাইবাৰ অপৰাধত অভিযুক্ত ব্যক্তিক আজি গ্ৰেপ্তাৰ কৰে। দিছপুৰ ছুপাৰ মাৰ্কেটৰ এখন হোটেলৰ পৰা আৰক্ষীয়ে গৌতম শিরু লীনা, মহম্মদ সমীৰ আৰু অমন আছে সিন্দে নামৰ ব্যক্তি তিনিজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

July 23, 2025 8:58 PM

views 63

গোলাঘাটৰ সৰুপথাৰৰ উৰিয়ামঘাটৰ পিঠাঘাটত বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ

গোলাঘাট জিলাৰ সৰুপথাৰৰ উৰিয়ামঘাটৰ পিঠাঘাটত আজি আৰক্ষীয়ে চলোৱা অভিযানত বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰা হয়। আৰক্ষীয়ে এজন লোকৰ বাসগৃহৰ পৰা হেৰ’ইন জব্দ কৰাৰ লগতে লোকজনক গ্ৰেপ্তাৰ কৰে।

July 23, 2025 8:56 PM

views 92

বকোত অভিযান চলাই প্রায় ১ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ কামৰূপ আৰক্ষীৰ

কামৰূপ আৰক্ষীয়ে আজি বকোত অভিযান চলাই প্রায় ১ কোটি টকা মূল্যৰ হেৰ'ইন জব্দ কৰে। গুৱাহাটীৰ পৰা মানকাচৰ অভিমুখী এখন বাহনৰ পৰা ড্ৰাগছখিনি জব্দ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত চলা অভিযান ড্ৰাগছখিনি জব্দ কৰা হয়।

July 18, 2025 1:27 PM

views 61

গৌৰীপুৰত আৰক্ষী অভিযানত মাদক দ্রব্য জব্দ কৰাৰ লগতে ২ সৰবৰাহকাৰীক আটক

■ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে কালি অভিযান চলাই বুজন পৰিমাণৰ মাদকদ্রব্য জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰে। গৌৰীপুৰৰ ডুমৰদহৰ ঠেংমেলা হাটত কালি বিয়লি চলোৱা অভিযানত আৰক্ষীয়ে বুজন পৰিমাণৰ ব্ৰাউন ছুগাৰৰ লগতে আঠটা ম'বাইল ফোন, দুখন মটৰ চাইকেল আৰু অন্যান্য সামগ্রী জব্দ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ধৃত সৰবৰাহকাৰী দুজনে দীৰ্ঘদিন ধৰি মাদক দ্রব্য সৰবৰাহ কৰি অহাৰ অভিযোগ আছে। আৰক্ষীয়ে লোক দুজনক থানালৈ নি সোধাপোছা কৰি আছে। ইপিনে, মৰিগাঁও জিলাৰ জাগীৰোড আৰক্ষীয়ে যোৱানিশা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপ...

July 6, 2025 8:59 PM

views 56

যোৰহাট জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ নিশাৰ ভাগত আৰক্ষী থানা তথা চকীসমূহ পৰিদৰ্শন

যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই শেহতীয়াকৈ নিশাৰ ভাগত আৰক্ষী থানা তথা চকীসমূহ পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছে। জৰুৰীকালিন অৱস্থাত আৰক্ষী বিভাগৰ সহাৰি তথা বিভাগটোৰ কাম-কাজৰ বুজ লবলৈ শ্রীমিশ্ৰই এই পদক্ষেপ হাতত লৈছে। তদুপৰি নিয়মীয়া তালাচী অভিযান, সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযানকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত নিশাৰ ভাগত আইন শৃংখলা পৰিস্থিতি অটুত ৰখাৰ বাবে সকলো ব্যৱস্থা সূচাৰুৰূপে অব্যাহত ৰখা হৈছে। উল্লেখযোগ্য যে গোলাঘাট জিলাই দুখনকৈ বহিঃৰাজ্যৰ সীমা স্পৰ্শ কৰি থকাৰ পৰিপ্ৰেক্ষিতত আৰক্ষী ব...

June 19, 2025 12:44 PM

views 48

দেশ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

● অসম আৰক্ষীয়ে দেশ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অধীনত এই পর্যন্ত ৯৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। শেহতীয়াকৈ কামৰূপ আৰক্ষীয়ে ছফিকুল হক নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। সামাজিক মাধ্যমত পাকিস্তানক সমৰ্থন কৰি প'ষ্ট দিয়াৰ উপৰি বিভিন্ন ছিমকার্ড ব্যৱহাৰ কৰা ছফিকুলক নিৰন্তৰ নিৰীক্ষণৰ পাছত আৰক্ষীয়ে কালি নলবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে।

June 19, 2025 12:23 PM

views 72

পাণ্ডুৰ শদিলাপুৰত আৰক্ষীৰ অভিযানত ড্রাগ্‌ছ সৰবৰাহকাৰীক আটক

■ গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ শদিলাপুৰত আৰক্ষীয়ে কালি অভিযান চলাই প্রাঞ্জল দাস নামৰ এজন ড্রাগ্‌ছ সৰবৰাহকাৰীক আটক কৰিবলৈ সমৰ্থ হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা আৰক্ষীয়ে ১০ টা হেৰ'ইন ভর্তি কণ্টেইনাৰ জব্দ কৰে। ধৃত প্রাঞ্জল দাস বৰ্তমান জালুকবাৰী আৰক্ষীৰ জিম্মাত আছে। ইপিনে, মহানগৰীৰ পাণবজাৰ আৰক্ষীয়ে কালি বুজন পৰিমাণৰ ড্ৰাগছসহ জহুৰা পাৰবিন নামৰ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী মহিলাক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। আৰক্ষীয়ে মহিলাগৰাকীৰ পৰা হেৰ'ইন ভর্তি ৫০ টা কণ্টেইনাৰ আৰু নগদ টকা জব্দ কৰে। আৰক্ষীৰ আন এটা অভিযা...

June 7, 2025 7:50 PM

views 56

দেশবিৰোধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰখা অভিযানত এতিয়ালৈ ৯০জন লোকক গ্ৰেপ্তাৰ

সামাজিক মাধ্যমত সাম্প্রদায়িক মন্তব্য কৰাৰ অভিযোগত কামৰূপ আৰক্ষীয়ে বকোৰ পথালিপাৰাৰ ছানিদুল ইছলাম নামৰ এজন লোকক যোৱা নিশা গ্ৰেপ্তাৰ কৰে। কেইদিনমান পূর্বে ছানিদুল ইছলামে সামাজিক মাধ্যমত এটা ভিডিঅ'যোগে সাম্প্ৰদায়িক মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কত সামাজিক মাধ্যমত উল্লেখ কৰা অনুসৰি দেশবিৰোধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰখা অভিযানত এতিয়ালৈ ৯০জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

June 6, 2025 8:57 PM

views 68

মৰিগাঁও আৰক্ষীৰ অভিযান চলাই ৫জন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

মৰিগাঁও আৰক্ষীয়ে যোৱা নিশা জিলাখনৰ লাহৰিঘাট আৰক্ষী থানাৰ অন্তৰ্গত বোৱালগুৰিত অভিযান চলাই পাঁচজনকৈ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে। অপৰাধীকেইজন হ'ল আন্নাছ আলী, আছলাম আহমেদ, আপ্তাৰুল ইছলাম, আবু আয়ুব আনছাৰী আৰু নুৰ উদ্দিন। এই চাইবাৰ অপৰাধকাৰী কেইজনে বহু ব্যক্তিৰ নামত ভুৱা পানকাৰ্ড, আধাৰকাৰ্ড আদি নথি-পত্ৰ প্ৰস্তুত কৰি প্ৰবঞ্চনাৰে ঋণ লোৱাৰ অভিযোগ উত্থাপিত হৈছে।

June 2, 2025 9:07 PM

views 75

শিৱসাগৰ নগৰৰ সমীপৰ ভটিয়াপাৰত মাদক দ্রব্য জব্দৰ লগতে দুজন যুৱকক গ্ৰেপ্তাৰ

শিৱসাগৰ আৰক্ষীয়ে আজি নগৰখনৰ সমীপৰ ভটিয়াপাৰত মাদক দ্রব্য জব্দ কৰাৰ লগতে দুজন যুৱকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে যোৰহাটৰ পৰা শিৱসাগৰ অভিমুখী এখন বাহনত তালাচী চলাই মাদক দ্রব্যখিনি জব্দ কৰে। ধৃত যুৱক দুজনে চাবোনৰ বাকচত মাদক দ্রব্যখিনি লুকুৱাই আনিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।