September 5, 2025 6:33 PM

views 58

কাছাৰ জিলাৰ আইন শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমিত সিঙৰ গুৰুত্বপূৰ্ণ বৈঠক

অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমিত সিঙে আজি কাছাৰ জিলাৰ আইন শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়। এই বৈঠকত সকলো উচ্চ পদস্থ বিষয়াৰ লগতে প্ৰতিখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সকলে এই বৈঠকত অংশ লয়। সঞ্চালক প্ৰধান গৰাকীয়ে বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয় যে অসম আৰক্ষীক দেশৰ শীৰ্ষ পাঁচটা আৰক্ষী বাহিনীৰ ভিতৰত অন্তৰ্ভূক্ত কৰাৰ লক্ষ্যৰে কাম কৰি থকা হৈছে । ইয়াৰ বাবে আৰক্ষী বাহিনীৰ আন্তঃগাঁথনি নিৰাপত্তা ব্যৱস্থা আৰু সেৱাৰ উন্নয়ন সন্দৰ্ভত গুৰুত্ব দিয়া হৈছে বুলি তে...

August 25, 2025 10:37 AM

views 58

মাদকদ্রব্য বিৰোধী দুটা পৃথক অভিযানত ২০ হাজাৰ য়াবা টেবলেট জব্দ শ্ৰীভূমি আৰক্ষীৰ

■ শ্ৰীভূমি আৰক্ষীয়ে যোৱা নিশা মাদকদ্রব্য বিৰোধী দুটা পৃথক অভিযানত ২০ হাজাৰ য়াবা টেবলেট জব্দ কৰে। জব্দ কৰা টেবলেটখিনিৰ বজাৰ মূল্য তিনি কোটি টকাৰো অধিক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে এই সংক্ৰান্তত দুজন লোকক আটক কৰে।

August 21, 2025 8:34 PM

views 55

বিত্তীয় প্ৰৱঞ্চনাৰ সৈতে জড়িতৰ অভিযোগত অসম আৰক্ষীয়ে দক্ষিণ দিল্লীত অনিৰ্বাণ দেউৰী নামৰ লোকক আটক

নগাঁও জিলাৰ বিভিন্ন ব্যক্তিৰ পৰা অধিক মুনাফা দিয়াৰ প্ৰতিশ্ৰুতিৰে বিত্তীয় প্ৰৱঞ্চনাৰ সৈতে জড়িত থকাৰ অভিযোগত অসম আৰক্ষীয়ে কালি দক্ষিণ দিল্লীত অনিৰ্বাণ দেউৰী নামৰ এজন লোকক আটক কৰে। ধৃত লোকজনে অনলাইন ট্রেডিঙৰ জৰিয়তে প্রায় ৮০ কোটি টকা আত্মসাৎ কৰি যোৱা দুমাহ ধৰি পলাতক হৈ আছিল। নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীৰ এটা দলে অনিৰ্বাণ দেউৰীক আটক কৰে। আৰক্ষীয়ে যোৱা নিশা দিল্লীৰ পৰা বিমানযোগে গুৱাহাটীলৈ অনাৰ পাছত অনিৰ্বাণ দেউৰীক আজি নগাঁও সদৰ থানাত হাজিৰ কৰোৱা হয়। নগাঁও আৰক্ষীয়ে অন...

August 11, 2025 12:03 PM

views 68

মাদকদ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

● অসম আৰক্ষীয়ে মাদকদ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ধুবুৰী জিলাৰ গৌৰীপুৰত কালি আৰক্ষীয়ে বুজন পৰিমাণৰ মাদক দ্রব্যসহ তিনিজন সৰবৰাহকাৰীক আটক কৰে। গৌৰীপুৰ বালাজান দ্বিতীয় খণ্ড গাঁৱত মাদকদ্রব্য বিক্ৰী কৰি থকাৰ সময়তে অঞ্চলটোৰ লোকে সৰবৰাহকাৰীকেইজনক ধৰি আৰক্ষীক গতাই দিয়ে। ধৃত যুৱককেইজন লালকুৰাৰ জাকিৰুল হক, বালাজানৰ ছফিকুল হক আৰু আবু তালেব শ্বেইখ বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে যুৱককেইজনৰ পৰা মাদকদ্ৰব্য ভৰ্তি ছটা কণ্টেইনাৰ আৰু দুটা ম'বাইল ফোন জব্দ কৰে। ইপিনে, কাছাৰ জিলা আৰক্ষীয়ে শিলচৰ চহৰত ...

August 10, 2025 12:05 PM

views 30

স্বাধীনতা দিৱসৰ পূৰ্বে উজনি অসমৰ ডিব্ৰুগড়, যোৰহাট, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউৰ গুৰুত্বপূৰ্ণ স্থানৰ আৰক্ষীৰ সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা

স্বাধীনতা দিৱসৰ পূৰ্বে উজনি অসমৰ ৫ খন জিলা ডিব্ৰুগড়, যোৰহাট, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউৰ গুৰুত্বপূৰ্ণ স্থানৰ সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰিবলৈ যোৱানিশা ডিব্ৰুগড়ৰ আৰক্ষী অতিথি শালাত এখন উচ্চ স্তৰীয় পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত তেলৰ পাইপ লাইন, ৰে'লপথ বৃহৎ দলং আৰু অন্য গুৰুত্বপূৰ্ণ সম্পত্তিসমূহৰ সুৰক্ষাত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। একেদৰে দেশৰ শক্তিখণ্ডত উজনি অসমত গুৰুত্বৰ কথা বিবেচনা কৰি অইল ইণ্ডিয়া লিমিটেডৰ খাদ আৰু পাইপ লাইন আদিৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হয়। এই পু...

August 5, 2025 11:37 AM

views 62

শিলচৰত স্ত্ৰী ৰোগ বিশেষজ্ঞ হিচাপে চিকিৎসা আগবঢ়াই থকা ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

■ শিলচৰত স্ত্ৰী ৰোগ বিশেষজ্ঞ হিচাপে চিকিৎসা আগবঢ়াই থকা এগৰাকী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰি ৬ দিনৰ বাবে আৰক্ষীয়ে জিম্মাত লৈছে। পুলক মালাকাৰ নামৰ এই চিকিৎসকজনে ২০১৬ চনৰ পৰাই ভুৱা চিকিৎসকৰ প্ৰমাণ পত্ৰ দাখিল কৰি ৰোগীক চিকিৎসা কৰি আহিছিল বুলি কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। লোকজনৰ নথিপত্ৰ পৰীক্ষণৰ অন্তত ভুৱা বুলি প্ৰমাণিত হোৱাত ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰাৰ পাছত কালি শিলচৰৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে তেওঁক ছদিনৰ আৰ...

August 4, 2025 7:55 PM

views 66

যোৰহাট আৰক্ষীৰ তিতাবৰ মহকুমা শাখাই চুৰি গোচৰত ৫জন ব্যক্তিক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ

যোৰহাট আৰক্ষীৰ তিতাবৰ মহকুমা শাখাই আজি এটা চুৰি গোচৰত পাঁচজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। তিনি দিন আগতে তিতাবৰৰ মিহিৰাম শ‍ইকীয়া বিদ্যালয়ত সংঘটিত এটা চুৰিৰ গোচৰৰ পৰিপ্ৰেক্ষিতত ব্যক্তিকেইজনক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ লগতে আৰক্ষীয়ে অভিযুক্তকেইজনৰ পৰা চুৰি হোৱা সামগ্ৰীসমূহ উদ্ধাৰ কৰে৷

August 4, 2025 7:51 PM

views 74

এআইইউডিএফৰ প্ৰতিনিধি দলৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আইন শৃংখলাৰ মহা পৰিদৰ্শক অখিলেশ সিঙক সাক্ষাৎ

উজনি অসমৰ কেইবাখনো জিলাত একাংশ দল-সংগঠনে বিশেষ সম্প্ৰদায়ৰ লোকৰ ওপৰত আতিশয্য চলোৱাৰ অভিযোগ তুলি আজি এ আই ইউ ডি এফৰ এটা প্ৰতিনিধি দলে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আইন শৃংখলাৰ মহা পৰিদৰ্শক অখিলেশ সিঙক সাক্ষাৎ কৰে। বিধায়ক ৰফিকুল ইছলাম, কৰিমউদ্দিন বৰভূঞা, সুজামুদ্দিন লস্কৰসহ প্রতিনিধি দলটোৱে আৰক্ষী মহাপৰিদৰ্শক গৰাকীক সাক্ষাৎ কৰি একাংশ দল- সংগঠনে সংগঠনটোৰ লোকক কৰা হাৰাশাস্তিৰ ঘটনা ৰোধ কৰিবলৈ আহ্বান জনায়। ইপিনে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি বজালী জিলাত সাংবাদিকৰ আগত কয়, যে এনেধৰণৰ কোনো আত...

July 28, 2025 6:44 PM

views 58

কাছাৰ আৰক্ষীৰ অভিযানত ২০ হাজাৰ য়াবা টেবলেট জব্দ

অসম আৰক্ষীয়ে মাদক দ্ৰৱ্য বিৰোধী অভিযানত বৃহৎ সাফল্য লাভ কৰিবলৈ সমৰ্থ হৈছে। কাছাৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই ২০ হাজাৰ য়াবা টেবলেট জব্দ কৰে। এই টেবলেটখিনিৰ বজাৰমূল্য ৬ কোটি টকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে এই সংক্ৰান্তত দুজন লোকক আটক কৰিছে।

July 24, 2025 6:48 PM

views 78

মঙলদৈ চহৰৰ ২ নম্বৰ ৱাৰ্ডত আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ মাদক দ্রব্য, ৮টা মোবাইল ফোন, এটা টেবলেট, কম্পিউটাৰ আৰু নগদ ধনসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

দৰং আৰক্ষীয়ে মঙলদৈ চহৰৰ দুই নম্বৰ ৱাৰ্ডত অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্রব্য, ৮টা মোবাইল ফোন, এটা টেবলেট, কম্পিউটাৰ আৰু নগদ ধনসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী দুজনৰ এগৰাকী মহিলা। অধিক তথ্যৰ বাবে দৰং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।