ভাৰতীয় দন্ত চিকিৎসক সন্থাৰ অসম শাখাই দাখিল কৰা অভিযোগ অনুসৰি শিলচৰ আৰক্ষীয়ে আজি চহৰখনত অভিযান চলাই দুজন ভুৱা চিকিৎসকক আটক কৰে। যোৱা দহ বছৰ ধৰি এই চিকিৎসক দুজনে চিকিৎসা চলাই আহিছিল। কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নুমল মহাত্তাই প্ৰকাশ কৰা মতে আজি আৰক্ষীৰ দলটোৱে তালাচী চলাই কামৰুল ইছলাম হাজাৰী আৰু টিংকু মজুমদাৰ নামৰ ভুৱা চিকিৎসক দুজনক আটক কৰে। এই সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰিছে।
Assamese | September 7, 2025 8:38 PM | Assam Police
শিলচৰ আৰক্ষীৰ দুজন ভুৱা দন্ত চিকিৎসকক আটক