December 31, 2024 7:02 PM

views 84

অসম গ্রন্থমেলাত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিক অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা প্ৰদান

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত খানাপাৰাত অনুষ্ঠিত অসম গ্রন্থমেলাত আজি বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিক অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা প্ৰদান কৰা হয়। ‘মৌন ওঁঠ মুখৰ হৃদয়' উপন্যাসখনৰ বাবে ২০০৫ চনত সাহিত্য একাডেমী বঁটা লাভ কৰা সাহিত্যিকগৰাকীক ‘ধাৰ আৰু অন্যান্য গল্প' শীৰ্ষক সংকলনটোৰ কাৰণে অসম প্ৰকাশন পৰিষদ বঁটা আগবঢ়োৱা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি অসম গ্ৰন্থমেলাৰ পঞ্চম দিনা শ্রী ঠংছিক এই বঁটা প্ৰদান কৰে ৷ বঁটা গ্ৰহণ কৰি বিশিষ্ট সাহিত্যিকগৰাকীয়...

December 31, 2024 1:42 PM

views 66

অসম গ্রন্থমেলাত আজি য়েছে দৰজে ঠংচিক অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা প্ৰদান

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত খানাপাৰাত অনুষ্ঠিত অসম গ্রন্থমেলাত আজি বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা প্ৰদান কৰা হ'ব । ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰিব। ধাৰ আৰু অন্যান্য গল্প পুথিখনৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে।

December 30, 2024 8:21 PM

views 45

অসম গ্ৰন্থমেলাৰ আজি চতুর্থ দিনত ভালেকেইটা মনোজ্ঞ অনুষ্ঠানৰ আয়োজন

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ আজি চতুর্থ দিনাও ভালেকেইটা মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰকাশন পৰিষদৰ উদ্যোগত আজি বিয়লি চলচ্চিত্ৰৰ প্ৰচাৰ আৰু ব্যৱসায় সন্দৰ্ভত এখন আলোচনাসত্র অনুষ্ঠিত হয়। অনুষ্ঠানত বিশিষ্ট চলচ্চিত্র সমালোচক নয়ন প্রসাদ, অভিনেতা তথা পৰিচালক কেনি বসুমতাৰী, শ্যাম বৰা, অচিন্ত শংকৰ, অভিনেতা কমললোচন, প্ৰিয়ংকা বৰুৱা আদি আলোচক হিচাপে উপস্থিত থাকে। অপৰাজি...

December 30, 2024 12:39 PM

views 68

অসম গ্ৰন্থমেলাৰ আজি চতুর্থ দিনা কেইবাটাও মনোজ্ঞ অনুষ্ঠানৰ আয়োজন

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ আজি চতুর্থ দিনা কেইবাটাও মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুসৰি আজি দিনৰ ২ বজাত চলচ্চিত্ৰৰ প্ৰচাৰ আৰু ব্যৱসায় সন্দৰ্ভত এখন আলোচনাসত্ৰৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত বিশিষ্ট চলচ্চিত্র সমালোচক নয়ন প্ৰসাদ, অভিনেতা তথা পৰিচালক কেনি বসুমতাৰী, শ্যাম বৰা, অচিন্ত শংকৰ, অভিনেতা কমললোচন, প্রিয়ংকা বৰুৱা আদি আলোচক হিচাপে উপস্থিত থাকিব। অপৰাজিতা প...

December 29, 2024 8:56 PM

views 70

গুৱাহাটীৰ খানাপাৰাত চলি থকা অসম গ্ৰন্থমেলাত তৃতীয় দিনা অগণন লোকৰ সমাগম

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিনাও কেইবাটাও মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হয়। আজি বিয়লি গ্রন্থমেলাথলীত ভিন্ন সাহিত্য ধাৰাৰ গ্ৰন্থ পঠনৰ আনন্দ শীর্ষক আলোচনাচক্র সম্পন্ন হয়। আলোচনাত অংশ লৈ বিশিষ্ট সাহিত্যিক-সমালোচক ড০ আনন্দ বৰমুদৈয়ে কয় যে সাহিত্যৰ পৰিমণ্ডল ন-ন ৰূপেৰে প্ৰসাৰিত হোৱা হেতুকে অধ্যয়নৰ বাবে গ্ৰন্থ নির্বাচন কৰাটো পাঠকৰ গুৰুদায়িত্ব। অনুষ্ঠানত গুৱা...

December 26, 2024 8:07 PM

views 57

বৰ্ণিল কাৰ্যসূচীৰে কাইলৈৰ পৰা ১২ দিনীয়া অসম গ্রন্থমেলা-২০২৪

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত কাইলৈৰ পৰা গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰত ১২ দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অসম গ্রন্থমেলা-২০২৪ অনুষ্ঠিত হ'ব। চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰৰ পৰিৱৰ্তে এইবেলি খানাপাৰালৈ এই গ্রন্থমেলা স্থানান্তৰিত কৰা হৈছে। আজি খানাপাৰাৰ অসম গ্ৰন্থমেলাৰ অস্থায়ী কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই কথা প্রকাশ কৰে । কাইলৈ বিয়লি ৩ বজাত হ'বলগীয়া উদ্বোধনী অনুষ্ঠানত ...

December 18, 2024 8:34 PM

views 79

খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন

গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অহা ২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈ হ'বলগীয়া অসম গ্ৰন্থমেলাৰ আজি লাইখুঁটা স্থাপন কৰা হয়। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাৰ যৌথ উদ্যোগত আয়োজন কৰা গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই গ্ৰন্থমেলাসমূহে ৰাজ্যত গ্রন্থ আন্দোলনৰ জৰিয়তে অধ্যয়নৰ পৰিৱেশ গঢ়ি তুলিছে বুলি মন্তব্য কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে কয়, যে অসম গ্ৰন্থমেলাই বিদ্যায়তনিক...

November 21, 2024 6:29 PM

views 24

২৭ ডিচেম্বৰত গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্ৰন্থমেলা আৰম্ভ

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ যৌথ উদ্যোগত অহা ২৭ ডিচেম্বৰৰ পৰা ১২ দিনীয়া কাৰ্যসূচীৰে গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। নুনমাটিৰ পৰা আমবাৰীলৈকে উৰণ সেতুৰ নিৰ্মাণৰ কাম চলি থকাৰ বাবে চানমাৰিত হৈ থকা যান-জঁটৰ পৰিপ্ৰেক্ষিতত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰৰ পৰিৱৰ্তে বিকল্প স্থান হিচাপে খানাপাৰাত এইবাৰৰ অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব বুলি প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এটা বিবৃতিযোগে জানিবলৈ দিছে। ২৬ জানুৱাৰীৰ গণৰাজ...

November 21, 2024 12:22 PM

views 67

অহা ২৭ ডিচেম্বৰৰ পৰা গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্ৰন্থমেলা

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ যৌথ উদ্যোগত অহা ২৭ ডিচেম্বৰৰ পৰা ১২ দিনীয়া কাৰ্যসূচীৰে গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। নুনমাটিৰ পৰা আমবাৰীলৈকে উৰণ সেতুৰ নিৰ্মাণৰ কাম চলি থকাৰ বাবে চানমাৰিত হৈ থকা যান-জঁটৰ পৰিপ্ৰেক্ষিতত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰৰ পৰিৱৰ্তে বিকল্প স্থান হিচাপে খানাপাৰাত এইবাৰৰ অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব বুলি প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এটা বিবৃতিযোগে জানিবলৈ দিছে। ২৬ জানুৱাৰীৰ গণৰাজ...

November 20, 2024 8:48 PM

views 54

২৭ ডিচেম্বৰৰ পৰা ১২ দিনীয়া কাৰ্যসূচীৰে ‘অসম গ্রন্থমেলা’ অনুষ্ঠিত হ’ব

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ যৌথ উদ্যোগত অহা ২৭ ডিচেম্বৰৰ পৰা ১২ দিনীয়া কাৰ্যসূচীৰে গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্রন্থমেলা অনুষ্ঠিত হ'ব। প্রকাশন প্রতিষ্ঠান তথা অন্যান্য বিপণীৰ বাবে ইতিমধ্যে আবেদন পত্ৰ মুকলি কৰা হৈছে। গুৱাহাটীৰ বামুণীমৈদামত থকা অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয় তথা পাণবজাৰৰ যশৱন্ত পথৰ সৰস্বতী মার্কেটত থকা সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ কাৰ্যালয় আৰু www.publicationboardassam.com ৱেবছাইটৰ পৰা আবেদন সংগ্ৰহ কৰিব ...