অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত খানাপাৰাত অনুষ্ঠিত অসম গ্রন্থমেলাত আজি বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিক অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা প্ৰদান কৰা হয়। ‘মৌন ওঁঠ মুখৰ হৃদয়’ উপন্যাসখনৰ বাবে ২০০৫ চনত সাহিত্য একাডেমী বঁটা লাভ কৰা সাহিত্যিকগৰাকীক ‘ধাৰ আৰু অন্যান্য গল্প’ শীৰ্ষক সংকলনটোৰ কাৰণে অসম প্ৰকাশন পৰিষদ বঁটা আগবঢ়োৱা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি অসম গ্ৰন্থমেলাৰ পঞ্চম দিনা শ্রী ঠংছিক এই বঁটা প্ৰদান কৰে ৷ বঁটা গ্ৰহণ কৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে অৰুণাচল প্ৰদেশত নৱ প্ৰজন্মৰ মাজত সাহিত্য চৰ্চাৰ কাৰণে তেওঁ একাধাৰে নিৰৱচ্ছিন্নভাৱে হাতত লোৱা প্ৰচেষ্টাসমূহৰ বিষয়ে উল্লেখ কৰে। আজিৰ অসম প্ৰকাশন পৰিষদৰ সচিব প্রমোদ কলিতা, পুথি প্ৰকাশন আৰু বিক্রেতা সংস্থাৰ সভাপতি ধীৰাজ গোস্বামীকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Assamese | December 31, 2024 7:02 PM | Assam Book Fair
অসম গ্রন্থমেলাত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিক অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা প্ৰদান