অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ যৌথ উদ্যোগত অহা ২৭ ডিচেম্বৰৰ পৰা ১২ দিনীয়া কাৰ্যসূচীৰে গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্রন্থমেলা অনুষ্ঠিত হ’ব। প্রকাশন প্রতিষ্ঠান তথা অন্যান্য বিপণীৰ বাবে ইতিমধ্যে আবেদন পত্ৰ মুকলি কৰা হৈছে। গুৱাহাটীৰ বামুণীমৈদামত থকা অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয় তথা পাণবজাৰৰ যশৱন্ত পথৰ সৰস্বতী মার্কেটত থকা সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ কাৰ্যালয় আৰু www.publicationboardassam.com ৱেবছাইটৰ পৰা আবেদন সংগ্ৰহ কৰিব পাৰিব। সংগৃহীত আবেদন পত্ৰসমূহ পূৰণ কৰি অহা ৩ ডিচেম্বৰৰ ভিতৰত জমা দিব লাগিব। অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই জনোৱা অনুসৰি অসমৰ লগতে দেশ-বিদেশৰ বহুকেইটা আগশাৰীৰ প্ৰকাশন গোষ্ঠীয়ে ইতিমধ্যে অসম গ্রন্থমেলা, গুৱাহাটীত অংশগ্ৰহণৰ বাবে যোগাযোগ কৰিছে। উল্লেখযোগ্য যে উৰণ সেতু নিৰ্মাণৰ বাবে চানমাৰিত হৈ থকা যান-জঁটৰ পৰিপ্ৰেক্ষিতত বিকল্প স্থান হিচাপে খানাপাৰাত এইবাৰৰ অসম গ্রন্থমেলা অনুষ্ঠিত হ’ব।
Assamese | November 20, 2024 8:48 PM | Assam Book Fair | Guwahati | Publication Board of Assam
২৭ ডিচেম্বৰৰ পৰা ১২ দিনীয়া কাৰ্যসূচীৰে ‘অসম গ্রন্থমেলা’ অনুষ্ঠিত হ’ব