অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ আজি চতুর্থ দিনাও ভালেকেইটা মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰকাশন পৰিষদৰ উদ্যোগত আজি বিয়লি চলচ্চিত্ৰৰ প্ৰচাৰ আৰু ব্যৱসায় সন্দৰ্ভত এখন আলোচনাসত্র অনুষ্ঠিত হয়। অনুষ্ঠানত বিশিষ্ট চলচ্চিত্র সমালোচক নয়ন প্রসাদ, অভিনেতা তথা পৰিচালক কেনি বসুমতাৰী, শ্যাম বৰা, অচিন্ত শংকৰ, অভিনেতা কমললোচন, প্ৰিয়ংকা বৰুৱা আদি আলোচক হিচাপে উপস্থিত থাকে। অপৰাজিতা পূজাৰীয়ে পৰিচালনা কৰিবলগীয়া এই আলোচনাত বিশিষ্ট অতিথি হিচাপে মুম্বাইৰ চলচ্চিত্র প্রযোজক, পৰিচালক, লেখক মনোজ শ্রীবাস্তৱ উপস্থিত থাকে। ইয়াৰ উপৰি গ্ৰন্থমেলাৰ বাকৰিত আজি কেইবাখনো গ্রন্থও উন্মোচন কৰা হয়।
Assamese | December 30, 2024 8:21 PM | Assam Book Fair
অসম গ্ৰন্থমেলাৰ আজি চতুর্থ দিনত ভালেকেইটা মনোজ্ঞ অনুষ্ঠানৰ আয়োজন