December 18, 2024 8:34 PM | Assam Book Fair

printer

খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন

গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অহা ২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈ হ‘বলগীয়া অসম গ্ৰন্থমেলাৰ আজি লাইখুঁটা স্থাপন কৰা হয়। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাৰ যৌথ উদ্যোগত আয়োজন কৰা গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই গ্ৰন্থমেলাসমূহে ৰাজ্যত গ্রন্থ আন্দোলনৰ জৰিয়তে অধ্যয়নৰ পৰিৱেশ গঢ়ি তুলিছে বুলি মন্তব্য কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে কয়, যে অসম গ্ৰন্থমেলাই বিদ্যায়তনিক ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছে। আজিৰ অনুষ্ঠানত ছিপাঝাৰ শিল্পীৰ এটা দলে সুকন্নানী ওজাপালি আৰু লুটুমা দিহানামৰ দলে নাম পৰিৱেশন কৰে। প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই গ্রন্থমেলাক সাফল্যমণ্ডিত কৰি তুলিবলৈ লেখক, প্রকাশক তথা পঢ়ুৱৈসকলৰ প্ৰতি আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।