July 29, 2026 1:10 PM

views 28

অসম বিধানসভাৰ চলিত বাজেট অধিবেশনৰ আজি সামৰণি পৰিব

অসম বিধানসভাৰ চলিত বাজেট অধিবেশনৰ আজি সামৰণি পৰিব। উজনি অসমৰ ৪ খন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূৰ্বে এই অধিৱেশন সামৰা হ'ব। কালি এই বিষয়ে বিধানসভাত ঘোষণা কৰা হয়। আজি প্রশ্নোত্তৰ ঘণ্টাৰে সদনৰ কাম-কাজ আৰম্ভ হৈছে। উল্লেখযোগ্য যে যোৱা ৬ জুলাইৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশন পূর্বে ৩১ জুলাইত অন্ত পৰাৰ দিন ধাৰ্য কৰা হৈছিল।

July 28, 2026 12:38 PM

views 29

উজনি অসমৰ ৪খন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূর্বে অসম বিধানসভাৰ অধিবেশন অন্ত পৰিব

উজনি অসমৰ ৪খন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূর্বে অসম বিধানসভাৰ অধিবেশন অন্ত পৰিব। কালি অনুষ্ঠিত অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে। সেই অনুসৰি ৩১ জুলাইৰ পৰিৱৰ্তে কাইলৈ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সামৰণি পৰিব। উল্লেখযোগ্য যে যোৱা ৬ জুলাইৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিবেশন ৩১ জুলাইত অন্ত পৰাৰ দিন ধার্য কৰা হৈছিল। ইপিনে, বিধানসভাত কালি পূর্বে দাখিল কৰা ৩ খন বিধেয়ক সদনে গৃহীত কৰে। গৃহীত হোৱা এই বিধেয়ককেইখন হ'ল- অসম সামগ্ৰী সেৱা কৰ সংশ...

July 7, 2026 7:22 PM

views 15

২০২৫বৰ্ষত মাদক দ্রব্য সম্পর্কিত গোচৰত ৪,৯০১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে

ৰাজ্যত মাদক দ্রব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্রকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত ড্ৰাগছমুক্ত অসম সন্দৰ্ভত হোৱা আলোচনাত প্ৰকাশ কৰে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৰাজ্যত মাদক দ্রব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ উত্থাপন কৰাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা জানিবলৈ দিয়ে। ড০ শৰ্মাই কয়, যে আৰক্ষীয়ে মাদক দ্রব্যমুক্ত অসম গঢ়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অপৰাধীয়ে আইন হাতত তুলি ল’লে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবলৈ ব...

July 6, 2026 6:16 PM

views 14

আজিৰে পৰা অনুষ্ঠিত অসম বিধানসভাৰ বাজেট অধিৱেশন

ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা ৯.৩০ বজাত প্ৰশ্নোত্তৰ কালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। এই ২১ দিনীয়া অধিৱেশনত মুঠ ১৬ খন বৈঠক অনুষ্ঠিত হ'ব। বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱাই ১০ জুলাইত ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূর্ণাংগ বাজেট উত্থাপন কৰিব। অহা ৩১ জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিষয়সমূহক লৈ সভা স...

June 12, 2026 11:34 AM

views 30

৬ জুলাইত ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ

ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন ৬ জুলাইত আৰম্ভ হ'ব। এই অধিৱেশনত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূর্ণাংগ বাজেট উত্থাপন কৰিব। বিত্তমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছতে বাজেট প্রস্তুতক লৈ তৎপৰ হৈ পৰা শ্ৰী মল্লবৰুৱাই কালি দিছপুৰত এখন প্রাক্  বাজেট বৈঠকত অংশ লয়। বৈঠকত বিত্ত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে বাজেটৰ প্ৰস্তুতি প্রধান শিতানসমূহ আৰু ভৱিষ্যত ৰূপৰেখা সম্পৰ্কে মন্ত্ৰীগৰাকীক অৱগত কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰে ভৱিষ্যতমুখী ব...

June 7, 2026 10:54 AM

views 39

ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত অসম মন্ত্রীসভাৰ উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত

অসম মন্ত্রীসভাই ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে ৫০০ কোটি টকা ধার্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্রশান্ত ফুকনক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়াত অনুমোদন জনাইছে। এই পৰিষদৰ অধীনত নগৰখনৰ ২০ কিলোমিটাৰ ব্যাসার্ধলৈকে উন্নয়নমূলক কাম-কাজ কৰা হ'ব। এই অনুমোদনে ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী ক্ষেত্র হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা ল'ব বুলি অধ্যক্ষৰ দায়িত্ব লাভ কৰা শ্ৰীফুকনে প্ৰকাশ কৰিছে। কেবিনেট ম...

November 30, 2025 11:17 AM

views 63

ৰাজ্যত ২০১৯ চনৰ পৰা বৰ্তমানলৈকে ৪৩০ জন চৰকাৰী বিষয়া কৰ্মচাৰীক দুর্নীতি নিবাৰণ আইনৰ অধীনত গ্ৰেপ্তাৰ

ৰাজ্যত ২০১৯ চনৰ পৰা বৰ্তমানলৈকে ৪৩০ জন চৰকাৰী বিষয়া কৰ্মচাৰীক দুর্নীতি নিবাৰণ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে ভিতৰত অসম আৰক্ষীৰ তদাৰকী আৰু দুর্নীতি নিবাৰণী শাখাই ৩০২ জনক, মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ শাখাই ৮৮ জনক আৰু আৰক্ষীয়ে ৪০ জন বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে। অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ কালি অন্তিম দিনা বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা সদৰি কৰে। তেওঁ কয়, যে গ্ৰেপ্তাৰ হোৱা বিষয়া-কৰ্মচাৰীৰ বিচাৰ প্ৰক্ৰিয়া আদালতত চলি আছে যদিও এত...

November 27, 2025 1:19 PM

views 96

ৰাজ্যৰ বান সমস্যা ৭০ শতাংশ সমাধান হৈছে: পীযূষ হাজৰিকা

● ৰাজ্যৰ বান সমস্যা ৭০ শতাংশ সমাধান হৈছে বুলি জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই কালি বিধানসভাৰ শীতকালীন অধিবেশনত তথ্য প্রকাশ কৰে। বিগত চাৰে চাৰি বছৰত ৰাজ্যত নতুনকৈ ১,১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে কালিৰ প্রশ্নোত্তৰ ঘণ্টাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত উল্লেখ কৰে। ৰাজ্য চৰকাৰে ১,১৫০ কিলোমিটাৰ মথাউৰি নথকা অঞ্চল চিনাক্ত কৰিছিল আৰু ইয়াৰে ৯৫০ কিলোমিটাৰ মথাউৰি ৰাজ্য চৰকাৰে নতুনকৈ নিৰ্মাণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে বাকী থকা মথাউৰি নিৰ্মাণৰ কামৰ...

November 25, 2025 1:15 PM

views 99

অসম বিধানসভাৰ শীতকালীন অধিৱেশনত ২৭ খন বিধেয়ক উত্থাপনৰ বাবে তালিকাভুক্ত

■ অসম বিধানসভাৰ শীতকালীন অধিৱেশন আজি আৰম্ভ হৈছে। চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা অনুসৰি এইবাৰৰ অধিৱেশনত ২৭ খন বিধেয়ক উত্থাপনৰ বাবে তালিকাভুক্ত কৰা হৈছে। আজি সদনত ১১ খন বিধেয়ক উত্থাপন হ'ব। ইয়াৰে তিনিখন নতুন আৰু ৮ খন সংশোধনী বিধেয়ক। প্রশ্নোত্তৰ শিতানেৰে সদনৰ দিনটোৰ কামকাজ আৰম্ভ হয়। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগ উত্থাপন কৰি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে এছ আই টিৰ তদন্ত সন্দৰ্ভত সৰব হৈ পৰে। সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগ উল্লেখ কৰি কয়, যে জুবিনৰ আদৰ্শৰ অপব্যাখ্যা কৰা হৈছ...

March 22, 2025 12:14 PM

views 79

বিধানসভাত ৰূপজ্যোতি কুৰ্মীৰ অশোভনীয় আচৰণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্রতিক্রিয়া

মৰিয়ণিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কালি অসম বিধানসভাত লোকনিৰ্মাণ বিভাগৰ কৰ্তন প্ৰস্তাৱ সন্দৰ্ভত অনুষ্ঠিত আলোচনাৰ সময়ত বিধায়ক অখিল গগৈ আৰু বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে অশোভনীয় আচৰণ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মৰিয়নি থানা চাৰিআলি, হেমলাই, চেলেংহাট, নকছাৰী আদিকে ধৰি বিধায়কগৰাকীৰ নিজা সমষ্টিৰ বিভিন্ন স্থানত কৃষক মুক্তি সংগ্রম সমিতিৰ লোকসকলে শ্ৰী কুৰ্মীৰ এনে আঁচৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰ জিলাৰ দৌলমুখ চাৰিআলিত ৰাইজৰ দলৰ সদস্যসক...