March 11, 2025 8:31 PM

views 80

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত জিলা পৰিষদ পৰ্যায়ত ৫৯৪টা আৰু উন্নয়ন খণ্ড পৰ্যায়ত ২,৭১০টা পদ খালী হৈ আছেঃ ৰণজিৎ কুমাৰ দাস

ৰাজ্যত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত জিলা পৰিষদ পৰ্যায়ত ৫৯৪টা আৰু উন্নয়ন খণ্ড পৰ্যায়ত ২,৭১০টা পদ খালী হৈ আছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বিধানসভাত বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে খালী হৈ থকা পদসমূহ প্ৰয়োজন সাপেক্ষে পূৰণ কৰাৰ লগতে পর্যায়ক্রমে পদোন্নতিৰ ব্যৱস্থা কৰা হ'ব। বিভাগটোৰ অধীনত বৰ্তমান ৭,৫৮৭ জন ঠিকাভিত্তিক কৰ্মচাৰী বিভিন্ন পৰ্যায়ত কৰ্মৰত হৈ আছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

February 21, 2025 6:44 PM

views 66

দুবাৰকৈ স্থগিত অসম বিধানসভাৰ কাৰ্যক্ৰমণিকা

কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনাক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি অসম বিধানসভাৰ কাৰ্যক্ৰমণিকা দুবাৰকৈ স্থগিত ৰাখিবলগীয়া হয়। পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছৰ বিধায়কসকলে এই ঘটনা সন্দৰ্ভত সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই ঘটনাৰ বিষয়ত পৰৱৰ্তী সময়ত আলোচনা কৰা হ'ব বুলি উল্লেখ কৰি সদনৰ কাম-কাজ চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ বিৰোধী সদস্যসকলক আহ্বান জনায়। বিৰোধী সদস্যসকলে এই ঘটনাৰ সৈতে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয় জ...