June 12, 2026 11:34 AM | Assam assaembly

printer

৬ জুলাইত ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ

ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন ৬ জুলাইত আৰম্ভ হ’ব। এই অধিৱেশনত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূর্ণাংগ বাজেট উত্থাপন কৰিব। বিত্তমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছতে বাজেট প্রস্তুতক লৈ তৎপৰ হৈ পৰা শ্ৰী মল্লবৰুৱাই কালি দিছপুৰত এখন প্রাক্  বাজেট বৈঠকত অংশ লয়। বৈঠকত বিত্ত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে বাজেটৰ প্ৰস্তুতি প্রধান শিতানসমূহ আৰু ভৱিষ্যত ৰূপৰেখা সম্পৰ্কে মন্ত্ৰীগৰাকীক অৱগত কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰে ভৱিষ্যতমুখী বাজেট প্ৰস্তুতৰ লক্ষ্য লৈছে, যাতে ৰাজ্যৰ বিকাশৰ হাৰ বহনক্ষম আৰু উন্নয়নৰ হাৰ ত্বৰান্বিত কৰিবলৈ সমৰ্থ হয়। তেওঁ কয়, যে ৰাইজৰ ওপৰত কৰৰ বোজা নিদিয়াকৈ কেনেকৈ ৰাজহ বৃদ্ধি কৰিব পৰা যায়, সেই বিষয়েও বাজেট প্রস্তুতিৰ সময়ত গুৰুত্ব আৰোপ কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজহৰ সৈতে জড়িত বিত্ত, বন আৰু খনি বিভাগত লোকচান-অপচয় ৰোধ কৰি ৰাজহ বৃদ্ধিৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা হ’ব। বন বিভাগৰ ৰাজহ বৃদ্ধি হোৱা উচিত বুলি তেওঁ মন্তব্য কৰে।