উজনি অসমৰ ৪খন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূর্বে অসম বিধানসভাৰ অধিবেশন অন্ত পৰিব। কালি অনুষ্ঠিত অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে। সেই অনুসৰি ৩১ জুলাইৰ পৰিৱৰ্তে কাইলৈ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সামৰণি পৰিব।
উল্লেখযোগ্য যে যোৱা ৬ জুলাইৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিবেশন ৩১ জুলাইত অন্ত পৰাৰ দিন ধার্য কৰা হৈছিল। ইপিনে, বিধানসভাত কালি পূর্বে দাখিল কৰা ৩ খন বিধেয়ক সদনে গৃহীত কৰে।
গৃহীত হোৱা এই বিধেয়ককেইখন হ’ল- অসম সামগ্ৰী সেৱা কৰ সংশোধনী বিধেয়ক, ভূমি অধিগ্রহণ পুনর্বাসন আৰু পুনঃসংস্থাপনত উচিত ক্ষতিপূৰণ আৰু স্বচ্ছতা অধিকাৰ সংশোধনী বিধেয়ক আৰু ২০২৬ চনৰ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক।
সদনত কালি ৪ খন নতুন বিধেয়ক উত্থাপন কৰা হয়। মন্ত্রী কেশৱ মহন্তৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্রী পীযুষ হাজৰিকাই অসম ভূমি আৰু ৰাজহ নিয়ন্ত্রণ সংশোধনী বিধেয়ক, ভূমিক্ষেত্ৰৰ পৰিসীমা নির্ধাৰণ সংশোধনী বিধেয়ক, পঞ্জীয়ন অসম সংশোধন বিধেয়ক, ভাৰতীয় ষ্টাম্প অসম সংশোধন বিধেয়ককেইখন উত্থাপন কৰে।