August 3, 2025 11:21 AM

views 68

বিভাগীয় বিষয়াসকলৰ সৈতে খৰাং সদৃশ পৰিস্থিতিৰ সন্দৰ্ভত কৃষি মন্ত্ৰী অতুল বৰাৰ আলোচনা

● ৰাজ্যৰ শেহতীয়া খৰাং সদৃশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে কালি কৃষিমন্ত্ৰী অতুল বৰাই বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনা কৰে। দিছপুৰত অনুষ্ঠিত পর্যালোচনা বৈঠকত তেওঁ লগতে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যথোচিত পদক্ষেপ গ্ৰহণৰ বাবে বিষয়াসকলক যাৱতীয় নিৰ্দেশনা দিয়ে। মন্ত্ৰীগৰাকীয়ে পি. এম. কিষাণ, প্রধানমন্ত্রী ফচল বীমা যোজনা, আৰ. আই. ডি. এফকে ধৰি বিভিন্ন কৃষি আঁচনিৰ অধীনৰ কাম-কাজৰ শেহতীয়া অগ্ৰগতি আৰু ৰূপায়ণৰ সবিৱেশ পৰ্যালোচনা কৰে। তদুপৰি আঁচনিসমূহৰ সফল ৰূপায়ণৰ দ্বাৰ...

August 1, 2025 7:02 PM

views 84

ডিব্ৰুগড় জিলা কৃষি বিভাগৰ কঠীয়াতলী প্ৰস্তুতৰ বাবে ধানৰ বীজ সিঁচা কাৰ্যসূচীত কৃষকসকলক সহায় কাৰ্যসূচী

ডিব্ৰুগড় জিলা কৃষি বিভাগৰ উদ্যোগত আজি জিলাখনৰ খোৱাং, মানকটা, টেঙাখাট, বৰবৰুৱা, নাহৰকটীয়া, ৰহমৰীয়া, ৰাজগড়, চেচুঘাট আৰু মৰাণ কৃষি চক্ৰৰ অন্তৰ্গত অঞ্চলসমূহত সমূহীয়া কঠীয়াতলী প্ৰস্তুতৰ বাবে ধান বীজ সিঁচা কাৰ্যসূচীত কৃষকসকলক সহায় কৰা হয়। এই কাৰ্যসূচীত জিলা কৃষি বিষয়া অনুপ কুমাৰ পেগু আৰু কৃষি উন্নয়ন বিষয়াসকল, কৃষি পৰিদৰ্শক, সহকাৰী কৃষি পৰিদৰ্শক আৰু কৃষি সম্প্ৰসাৰণ সহায়কসকলে সহযোগিতা আগবঢ়ায়।

July 19, 2025 12:00 PM

views 50

খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাসমূহৰ কৃষকসকলক চৰকাৰে ক্ষতিপূৰণ প্ৰদান কৰিব

■ ৰাজ্য চৰকাৰে খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাসমূহৰ কৃষকসকলক ক্ষতিপূৰ্ণ প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত কালি এই সিদ্ধান্ত গ্রহণ কৰা হয়। মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্রী ড০ শর্মাই কয়, যে ৰাজ্যত খৰাংসদৃশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক ৰাজ্যিক দুৰ্যোগ বুলি বিবেচনা কৰি মন্ত্ৰীসভাই অসম দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নীতি অনুসৰি নিৰ্ধাৰিত জিলাসমূহৰ কৃষকসকলক ক্ষতিপূৰণৰ সুবিধা প্রদানত অনুমোদন জনায়। খৰাংসদৃশ প...

June 12, 2025 7:49 PM

views 73

দৰং জিলাত বিকশিত কৃষি সংকল্প অভিযান ২০২৫ৰ কাৰ্যসূচীৰ সামৰণি

দৰং জিলাত বিকশিত কৃষি সংকল্প অভিযান ২০২৫ৰ কাৰ্যসূচীৰ আজি সামৰণি পৰে। যোৱা ২৯ মে’ তাৰিখৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ উদ্যোগত দেশজুৰি আয়োজিত এই অভিযানৰ অংশ হিচাপে দৰং জিলাৰো ছটা উন্নয়নত খণ্ডত ২০০ খন গাঁৱত কৃষি প্রযুক্তি, ভূমি স্বাস্থ্য সুৰক্ষা আৰু বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। প্রায় ১০ হাজাৰৰো অধিক কৃষকক এই কাৰ্যসূচীত সামৰি লোৱা হয়। উন্নত বীজ আৰু কৃষি প্রযুক্তি, ৰাসায়নিক সাৰৰ সঠিক ব্যৱহাৰ, জৈৱিক কৃষিৰ সম্ভাৱনা, পশু পালন আৰু মীন পালনত...

May 29, 2025 6:17 PM

views 58

আজিৰে পৰা ১২ জুনলৈ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযানৰ আয়োজন

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ে আজিৰে পৰা ১২ জুনলৈ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযানৰ আয়োজন কৰিছে। এই অভিযানৰ উদ্দেশ্য হৈছে – দেশৰ ৭০০ খন জিলাৰ প্ৰায় ডেৰ কোটি কৃষকক কৃষি আৰু আনুষংগিক ক্ষেত্ৰসমূহৰ বিষয়ে সজাগ কৰা। অসমতো এই অভিযানত ২৬ খন জিলাৰ ৩ হাজাৰ ২৫০ খন গাঁও আৰু ৫ লাখৰো অধিক কৃষকক সামৰি লোৱাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে এই অভিযানৰ বাবে কৃষি বিভাগ, আনুসংগিক বিভাগ আৰু কৃষি বিজ্ঞানীসকলক লৈ ৫২টা গোট গঠন কৰা হৈছে। এই কাৰ্যসূচীৰ সময়ছোৱাত খাৰিফ শস্য উৎপাদনত সহায়ক হোৱাকৈ বহনক্ষম প্ৰযুক্তিৰ বিষ...

May 23, 2025 12:25 PM

views 65

শনিবাৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অংকুৰিত অসম কৃষি বঁটা প্ৰদান কৰা হ’ব

আত্মনিৰ্ভৰ অসম গঢ় দিয়াৰ লক্ষ্যৰে গঠিত অংকুৰিত অসমৰ প্ৰচেষ্টাত বিগত বৰ্ষৰ দৰে এইবাৰো কৃষকসকলক উৎসাহিত কৰাৰ বাবে কাইলৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অংকুৰিত অসম কৃষি বঁটা প্ৰদান কৰা হ'ব। কৃষি, উদ্যান শস্য, মীন পালন, হস্ততাঁত আৰু বস্ত্ৰশিল্প, পশুপালন আৰু কৃষি উদ্যমী এই ৬ টা শিতানত বঁটাসমূহ প্ৰদান কৰা হ'ব। তিনিগৰাকীকৈ শ্ৰেষ্ঠ কৃষকক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। এই অনুষ্ঠানতে অংকুৰিত অসম কৃষক ৰত্ন বঁটাও প্ৰদান কৰা হ'ব।

March 16, 2025 7:31 PM

views 37

ধেমাজি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত কৃষক মেলা ২০২৫ অনুষ্ঠিত

ধেমাজি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত এদিনীয়া কাৰ্যসূচীৰে আজি কৃষক মেলা ২০২৫ অনুষ্ঠিত হয়। কৃষি প্রযুক্তি ব্যৱস্থাপনা অভিকৰণ, এ টি এম এৰ সৌজন্যত আৰু জিলা কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত কৃষক মেলাত আধুনিক কৃষি প্রযুক্তি প্ৰদৰ্শন হোৱাৰ লগতে কৃষি বিশেষজ্ঞই কৃষকসকলক বিভিন্ন পৰামৰ্শ আগবঢ়ায়। প্রায় ১৫ খন বিপণী থকা কৃষক মেলাখনত জনজাতি উন্নয়ন পৰিষদ, ধেমাজিৰ অধ্যক্ষ, কৃষি বিষয়া, কৃষি বিজ্ঞানী, কৃষক আৰু আত্মসহায়ক গোটৰ সদস্যসকল উপস্থিত থাকে।

November 28, 2024 6:21 PM

views 61

কৃষিখণ্ডৰ সৰ্বাংগীন উত্তৰণৰ হকে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ বিভিন্ন পদক্ষেপ

কৃষিখণ্ডৰ সৰ্বাংগীন উত্তৰণৰ হকে ৰাজ্য চৰকাৰে কৃষি বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। খাৰিফ বিপণন ঋতু ২০২৪-২৫ বৰ্ষত প্ৰতি কুইণ্টলত ন্যূনতম সমর্থিত মূল্য ২,৩০০ টকাত কৃষকৰ পৰা ধান ক্ৰয়ৰ ব্যৱস্থা কৰা হৈছে। ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত ধান ক্ৰয়ৰ ব্যৱস্থা আৰম্ভ হ'ব। এই ব্যৱস্থাৰ জৰিয়তে উপকৃত হ'বলৈ কৃষকসকলক জিলা কৃষি বিষয়া অথবা কৃষি উন্নয়ন বিষয়াৰ সৈতে যোগাযোগ কৰিবলৈ কৃষি মন্ত্ৰী অতুল বৰাই আহ্বান জনাইছে।

October 7, 2024 11:41 AM

views 61

কলাক্ষেত্ৰত কৃষি যন্ত্রপাতি, ভূমি স্বাস্থ্য-পত্ৰ বিতৰণ, কৃষি জ্ঞান কেন্দ্ৰ মুকলি অনুষ্ঠানৰ আয়োজন ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে আজি কৃষি যন্ত্রপাতি আৰু ভূমি স্বাস্থ্য-পত্ৰ বিতৰণৰ লগতে কৃষি জ্ঞান কেন্দ্ৰ মুকলি অনুষ্ঠানৰ আয়োজন কৰিছে। গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কৃষিমন্ত্রী অতুল বৰা উপস্থিত থাকিব। এই অনুষ্ঠানত কৃষি যান্ত্ৰিকীকৰণৰ উপ অভিযানৰ অধীনত ২৫০টা কৃষক গোটৰ লগতে দুহেজাৰ ৪৯০ গৰাকী কৃষকলৈ ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, কঠীয়া ৰোপণ যন্ত্ৰকে ধৰি বিভিন্ন যন্ত্রপাতি বিতৰণৰ শুভাৰম্ভ কৰা হ'ব। অনুষ্ঠানত কৃষকৰ মাজত চাৰি লাখতকৈও অধিক সংখ...

October 6, 2024 8:42 PM

views 86

কাইলৈ গুৱাহাটীত কৃষি যন্ত্রপাতি আৰু ভূমি স্বাস্থ্য-পত্ৰ বিতৰণৰ লগতে কৃষি জ্ঞান কেন্দ্ৰ মুকলি অনুষ্ঠান

ৰাজ্য চৰকাৰে কাইলৈ কৃষি যন্ত্রপাতি আৰু ভূমি স্বাস্থ্য-পত্ৰ বিতৰণৰ লগতে কৃষি জ্ঞান কেন্দ্ৰ মুকলি অনুষ্ঠানৰ আয়োজন কৰিছে। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কাইলৈ হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত থাকিব। এই অনুষ্ঠানত কৃষি যান্ত্ৰিকীকৰণৰ উপ অভিযানৰ অধীনত ২৫০টা কৃষক গোটৰ লগতে ২,৪৯০ গৰাকী কৃষকলৈ ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, কঠীয়া ৰোপণ যন্ত্ৰকে ধৰি বিভিন্ন যন্ত্রপাতি মুকলি কৰা হ'ব। কৃষকৰ মাজত চাৰি লাখতকৈও অধিক সংখ্যক ভূমি স্বাস্থ্য...