May 13, 2025 12:35 PM

views 50

ভাৰতীয় সেনাবাহিনীক দেশৰ ঢাল আৰু শত্ৰু ধ্বংসকাৰী বুলি অভিহিত অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ভাৰতীয় সেনাৰ বীৰত্বক প্ৰশংসা কৰাৰ লগতে সেনাবাহিনীক দেশৰ ঢাল আৰু শত্ৰু ধ্বংসকাৰী বুলি অভিহিত কৰে। সামাজিক মাধ্যমৰ এটা পষ্টত শ্ৰীশ্বাহে পেহেলগামত নিহতসকলৰ আত্মাৰ প্ৰতি যথোচিত ন্যায় কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টান্তমূলক নেতৃত্বক শুভেচ্ছা জনায়। শ্রীশ্বাহে লগতে কয়, প্রধানমন্ত্ৰীয়ে দেশৰ শত্ৰুক সাৰি যাবলৈ দিয়া নাই। শ্ৰীশ্বাহে সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলৰো প্ৰশংসা কৰে। ইপিনে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰধানমন্ত্রীক প্ৰশংসা কৰি কয়,...

April 23, 2025 1:22 PM

views 64

পহলগামৰ ঘটনাস্থলীত উপস্থিত গৃহ মন্ত্ৰী অমিত শ্বাহ

জম্মু-কাশ্মীৰৰ পহলগামত কালিৰ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত ২৮ জন লোক নিহত হোৱাৰ পাছত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনা বাহিনী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যুটীয়া দলে নিশ্চিদ্র তালাচী অভিযান চলাইছে। সেনা বাহিনীৰ নৰ্ডান কমাণ্ডাৰ জি অ' চি লেফটেনেণ্ট জেনেৰেল এম ভি সুচেন্দ্ৰ কুমাৰে এই অভিযান তদাৰক কৰি আছে। নিৰাপত্তাবাহিনীসমূহে অভিযানত স্নিফাৰ ডগো ব্যৱহাৰ কৰিছে। ঘটনাৰ তদন্তৰ বাবে নিয়োগ কৰা ৰাষ্ট্ৰীয় তদন্ত সংস্থা- এন আই এৰ দল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে। কেন্দ্রীয় গৃহ ম...

April 23, 2025 12:34 PM

views 51

শ্ৰীনগৰত শীৰ্ষ বিষয়াসকলৰ সৈতে অমিত শ্বাহৰ উচ্চ পর্যায়ৰ পৰ্যালোচনা বৈঠক

 জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগাম এলেকাত কালি অচিনাক্ত সন্ত্রাসবাদীয়ে পৰ্যটকৰ ওপৰত আক্ৰমণ চলোৱাৰ পাছত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে যোৱা নিশা শ্ৰীনগৰত শীৰ্ষ বিষয়াসকলৰ সৈতে এখন উচ্চ পর্যায়ৰ পৰ্যালোচনা বৈঠকত মিলিত হয়। গৃহমন্ত্ৰীগৰাকীয়ে আজি উপ-ৰাজ্যপাল মনোজ সিনহাৰ সৈতে সন্ত্রাসবাদীয়ে আক্ৰমণ কৰা এলেকাটো পৰিদৰ্শন কৰিব। তেওঁ লগতে এই আক্ৰমণৰ প্ৰত্যক্ষদৰ্শীৰ সৈতে কথা-বতৰা হোৱাৰ লগতে চিকিৎসাধীন অৱস্থাত থকা আহতসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী যোৱা নিশা শ্ৰীন...

April 22, 2025 3:05 PM

views 85

বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে গৃহমন্ত্ৰী অমিত শ্বাহৰ জনসাধৰাণলৈ শুভেচ্ছা জ্ঞাপন

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে জনসাধৰাণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে ৷ শ্ৰী শ্বাহে এটা বাৰ্তাত কয়, যে ধৰিত্ৰীয়ে একোটা জীৱন সৃষ্টি কৰি জীৱকুলৰ বৃদ্ধি আৰু ক্ৰমাগত বিকাশৰ বাবে প্ৰয়োজনীয় পৰিস্থিতি তন্ত্ৰক লালন পালন কৰে। ইয়াৰ বাবে প্ৰতিজন লোকেই পৃথিৱীৰ সুৰক্ষাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে বহনক্ষম বিকাশৰ বাবে মোদী চৰকাৰে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। শ্ৰী শ্বাহে পৃথিৱীখনক জীয...

March 25, 2025 8:30 PM

views 67

বিচ্চিন্নতাবাদ এতিয়া কাশ্মীৰৰ বাবে অতীত বুলি অমিত শ্বাহৰ মন্তব্য

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বিচ্চিন্নতাবাদ এতিয়া কাশ্মীৰৰ বাবে অতীত বুলি মন্তব্য কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীশ্বাহে কেন্দ্ৰীয় চৰকাৰৰ একত্ৰীকৰণ নীতিসমূহে জম্মু আৰু কাশ্মীৰৰ বিচ্চিন্নতাবাদী আন্দোলনসমূহক সফলতাৰে নিৰ্মূল কৰা বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে হুৰিয়তৰ সৈতে সম্পৰ্ক থকা দুটাকৈ সংগঠনে বিচ্চিন্নতাবাদৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত ঘোষণা কৰা বুলি জানিবলৈ দিয়ে। এই সিদ্ধান্তক ৰাষ্ট্ৰীয় একতা সুদৃঢ় কৰাৰ ক্ষেত্ৰত উল্লেখনীয় পদক্ষেপ বুলি উল্লেখ কৰি শ্ৰীশ্বাহে তেনেধৰণৰ আন সংগ...

March 21, 2025 8:35 PM

views 67

সন্ত্ৰাসবাদৰ বিৰুদ্ধে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ শূন্য সহনশীলতাৰ নীতি গ্রহণ : অমিত শ্বাহ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্রহণ কৰিছে। পূৰ্বৰ এন ডি এ চৰকাৰৰ শাসন কালৰ তুলনাত জম্মু-কাশ্মীৰত বৰ্তমান সন্ত্রাসবাদী কাৰ্যকলাপৰ ফলত মৃত্যুৰ সংখ্যা ৭০ শতাংশ কম হৈছে। ৰাজ্যসভাত হোৱা এটা আলোচনাত আজি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই কথা প্ৰকাশ কৰে। শ্ৰীশ্বাহে কয় যে বিগত এটা দশকত চৰকাৰে ৰাজনৈতিক সদিচ্ছা আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে দেশৰ নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি গঢ়ি তুলিছে। জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদ, বাও শিবিৰৰ উগ্ৰবাদ আৰু ...

February 20, 2025 8:20 PM

views 53

২০১৪ চনৰে পৰা উত্তৰ পূৰ্বাঞ্চলত কমেও চাৰে ১০ হাজাৰ যুৱকে অস্ত্ৰ সম্বৰণ কৰি মূল সূতিলৈ ঘূৰি আহিছেঃ গৃহমন্ত্ৰী

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয়, যে ২০১৪ চনৰে পৰা উত্তৰ পূৰ্বাঞ্চলত কমেও চাৰে ১০ হাজাৰ যুৱকে অস্ত্ৰ সম্বৰণ কৰি মূল সূতিলৈ ঘূৰি আহিছে। নতুন দিল্লীত আয়োজিত একতা উৎসৱ–এটা কণ্ঠ এটা জাতি অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী শ্ৰীশ্বাহে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলক সমগ্রে দেশতে অষ্টলক্ষ্মীৰূপে প্ৰতিষ্ঠা কৰিছে।

February 18, 2025 11:46 AM

views 70

নতুন ফৌজদাৰী আইন ৰূপায়ণ সন্দৰ্ভত পর্যালোচনা বৈঠকত অমিত শ্বাহৰ অংশগ্ৰহণ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি জম্মু-কাশ্মীৰত নতুন ফৌজদাৰী আইন ৰূপায়ণ সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত ভাগ ল'ব। বৈঠকত মুখ্যমন্ত্রী ওমৰ আব্দুল্লা আৰু উপ-ৰাজ্যপাল মনোজ সিনহাও উপস্থিত থাকিব। বৈঠকত আৰক্ষী, কাৰাগাৰ, আদালত আদি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হ'ব। এই বৈঠকত কেন্দ্ৰীয় গৃহ সচিব জম্মু কাশ্মীৰৰ মুখ্য সচিবৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকিব।

February 14, 2025 8:46 PM

views 78

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছৰ সৈতে ৩খন ফৌজদাৰী আইন সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছৰ সৈতে নতুনকৈ কাৰ্যকৰী হোৱা তিনিখন ফৌজদাৰী আইন সন্দৰ্ভত নতুন দিল্লীত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই তিনিখন নতুন ফৌজদাৰী আইন হৈছে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম। আৰক্ষী, কাৰাগাৰ, আদালত, বিচাৰ আৰু ফৰেন্সিক সন্দৰ্ভত মহাৰাষ্ট্ৰত এই তিনিওখন আইনৰ কাৰ্যকৰীকৰণ আৰু ইয়াৰ বৰ্তমান স্থিতি সন্দৰ্ভত এই পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ সময়ছোৱাত শ্ৰীশ্বাহে ম...

January 25, 2025 8:36 PM

views 58

বিকশিত দিল্লী সংকল্পপত্র শীর্ষক দলীয় ইস্তাহাৰৰ তৃতীয় তথা অন্তিম অংশ মুকলি অমিত শ্বাহৰ

দিল্লীত বিজেপি ক্ষমতালৈ আহিলে দলটোৱে ৰাজধানীখনত ৫০ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিব বুলি প্রতিশ্রুতি দিছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আজি বিকশিত দিল্লী সংকল্পপত্র শীর্ষক দলীয় ইস্তাহাৰৰ তৃতীয় তথা অন্তিম অংশ মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰী শ্বাহে দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰিলে মহানগৰীখনত স্বতন্ত্রভাৱে কাম কৰা অস্থায়ী কৰ্মীসকলক ১০ লাখ টকাৰ জীৱন বীমা আৰু ৫ লাখ টকাৰ দুৰ্ঘটনা বীমাৰ সুবিধা প্ৰদান...