কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে জনসাধৰাণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে ৷ শ্ৰী শ্বাহে এটা বাৰ্তাত কয়, যে ধৰিত্ৰীয়ে একোটা জীৱন সৃষ্টি কৰি জীৱকুলৰ বৃদ্ধি আৰু ক্ৰমাগত বিকাশৰ বাবে প্ৰয়োজনীয় পৰিস্থিতি তন্ত্ৰক লালন পালন কৰে। ইয়াৰ বাবে প্ৰতিজন লোকেই পৃথিৱীৰ সুৰক্ষাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে বহনক্ষম বিকাশৰ বাবে মোদী চৰকাৰে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। শ্ৰী শ্বাহে পৃথিৱীখনক জীয়াই থকাৰ উপযোগীকৈ গঢ়ি তোলাৰ ক্ষেত্ৰত পৰিৱেশ সংৰক্ষণবিদসকলৰ প্ৰচেষ্টাৰ শলাগ লয়।
Assamese | April 22, 2025 3:05 PM | Akashvani News | Amit sah | earth day
বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে গৃহমন্ত্ৰী অমিত শ্বাহৰ জনসাধৰাণলৈ শুভেচ্ছা জ্ঞাপন