November 13, 2025 1:07 PM

views 60

শিৱসাগৰ জিলাৰ পৰাগধৰ চলিহা খেলপথাৰত ১৬ নৱেম্বৰলৈ আধ্যাত্মিক যুৱ সন্মিলনৰ আয়োজন

● শিৱসাগৰ জিলাৰ পৰাগধৰ চলিহা খেলপথাৰত আজিৰেপৰা ১৬ নৱেম্বৰলৈ আধ্যাত্মিক যুৱ সন্মিলনৰ আয়োজন কৰা হৈছে। মহিলাসকলক আধ্যাত্মিক শিক্ষাৰে উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে যোগ-প্রাণায়াম, আলোচনা চক্র, গীতা-ভাগৱতৰ তত্ত্ব কথা, দিহানাম আদিৰ আয়োজন কৰা হৈছে। সন্মিলনৰ সভাপতি তথা দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে কালি অনুষ্ঠানস্থলী পৰিদৰ্শন কৰি যাৱতীয় প্ৰস্তুতিৰ বুজ লয়। এই সন্মিলনত ৰাজ্যখনৰ প্ৰায় ৩ হাজাৰ মহিলাই অংশগ্ৰহণ কৰিব বুলি আয়োজক সমিতিয়ে জনাইছে।

November 13, 2025 12:56 PM

views 78

ৰাজ্যৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অহা ২৫ নৱেম্বৰত সমাধানৰ পথ প্ৰশস্ত হ’ব: মুখ্যমন্ত্রী

■ ৰাজ্যৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অহা ২৫ নৱেম্বৰত সমাধানৰ পথ প্ৰশস্ত হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কালি এই বিষয়টো লৈ বহু সময় ধৰি গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। আজিও চাহ জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ সৈতে এই বিষয়ত আলোচনা অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে পর্যায়ক্রমে অন্যান্য জনগোষ্ঠীয় সংগঠনৰ সৈতে আলোচনাৰ অন্তত ২৫ নৱেম্বৰত এই ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ দিশটো পৰ্যালোচনাৰ বাবে গঠিত মন্ত্ৰীৰ গোটে প্রতিবেদন দাখিল কৰিব। ইয়াৰ পাছতে ইতিবাচক ফ...

November 13, 2025 12:49 PM

views 64

আপত্তিজনক মন্তব্যৰ অভিযোগত বৰ্তমানলৈকে ১৫জন লোকক গ্ৰেপ্তাৰ

■ ৰাজ্যত দিল্লী বোমা বিস্ফোৰণ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত বৰ্তমানলৈকে ১৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে যোৱা নিশা এই ঘটনা সংক্ৰান্তত ৯জন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ইয়াৰ পূৰ্বে আপত্তিজনক মন্তব্য পোষ্ট কৰাৰ অভিযোগত ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছিল। দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈ উঠিছে। এই অনুসৰি কেন্দ্ৰীয় চৰকাৰে ধুবুৰী জিলাৰ বামুণীত এটা নতুন সামৰিক ঘাটি স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি...

November 13, 2025 12:40 PM

views 83

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে পৰৱৰ্তী সময়ত বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩০ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ১৯ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ আৰু অসমৰ ঠাই বিশেষে দুই এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইপিনে মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, মণিপুৰ আৰু মিজোৰামৰ বতৰ ফৰকাল হৈ থাকিব বতৰ বিজ্ঞান কেন্দ্ৰই আগলি ...

November 13, 2025 12:36 PM

views 54

আই টি এফ মাষ্টাৰ্ছ T- 200 আন্তর্জাতিক টেনিছৰ পুৰুষ আৰু মহিলাৰ চূড়ান্ত খেলসমূহ আজি অনুষ্ঠিত

■ অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলৰ টেনিছ প্ৰকল্পত চলি থকা আই টি এফ মাষ্টাৰ্ছ T- 200 আন্তর্জাতিক টেনিছ প্রতিযোগিতাখনৰ পুৰুষ আৰু মহিলাৰ সকলো শাখাৰে চূড়ান্ত খেলসমূহ আজি অনুষ্ঠিত হ'ব। পুৰুষৰ ৪৫ বছৰ উৰ্ধৰ একক শাখাত শ্লোকাভিয়াৰ পিটাৰ জাংকুস্কাৰ বিপৰীতে জার্মান খেলুৱৈ ডেনিয়েল জন ফাইনেলত অৱতীৰ্ণ হ'ব।

November 13, 2025 12:25 PM

views 78

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে শূন্য ব্যয় বীমা আঁচনি মুকলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

■ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত কালি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে শূন্য ব্যয় বীমা আঁচনি মুকলি কৰে। এই আঁচনিৰ অধীনত চলিত বছৰৰ পহিলা জানুৱাৰী বা তাৰ পাছত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়াললৈ ধনৰাশি প্ৰদান কৰা হ'ব। আঁচনিৰ অধীনত সৰ্বাধিক ১ কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনাজনিত বীমা আৰু ন্যূনতম ২ কোটি টকাৰ বিমান দুর্ঘটনাজনিত বীমা প্রদান কৰা হ'ব। একেদৰে, সম্পূৰ্ণৰূপে প্ৰতিবন্ধি হোৱা সকলক সর্বাধিক ১ কোটি টকাৰ বীমা আৰু আংশিকভাৱে প্ৰতিবন্ধিলৈ ৮০ লাখ টকাৰ বীমাৰ সুবিধা আগবঢ়োৱা হ'ব। আঁচনিখনৰ অধীনত...

November 13, 2025 12:17 PM

views 73

ৰাজ্যৰ ৫টা বিৰোধী দলে ঐক্যবদ্ধ হৈ কাম কৰিবলৈ একমত প্ৰকাশ

■ ৰাজ্যৰ পাঁচটা বিৰোধী দলে ঐক্যবদ্ধ হৈ কাম কৰিবলৈ একমত প্ৰকাশ কৰিছে। কালি দিছপুৰৰ অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী কক্ষত অনুষ্ঠিত এখন বৈঠকত ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত বিজেপি দলক প্রত্যাহ্বান জনোৱাৰ বাবে ঐক্যবদ্ধ বিৰোধী মঞ্চ গঠনৰ সম্ভাৱনীয়তা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। এই সভাত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শ‍ইকীয়া, সাংসদ ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈয়ে অংশগ্ৰহণ কৰে। ৰাইজৰ দলৰ হৈ বিধায়ক অখিল...

November 13, 2025 12:13 PM

views 84

যিকোনো অপচেষ্টা কঠোৰ হাতেৰে দমন কৰাৰ বাবে চৰকাৰ আৰু প্ৰশাসন সাজু: মুখ্যমন্ত্ৰী

● দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণৰ পাছত অসমত কূটাঘাতৰ আশংকা কৰি ৰাজ্য চৰকাৰে শক্তিশালীভাৱে প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয়, যে অসম এনে কূটাঘাতৰ আশংকাৰ পৰা সমূলি মুক্ত নহয় আৰু এনে যিকোনো অপচেষ্টা কঠোৰ হাতেৰে দমন কৰাৰ বাবে চৰকাৰ আৰু প্ৰশাসন সাজু আছে। সন্দেহজনক সকলো ব্যক্তি আৰু কাৰ্য নিৰীক্ষণ কৰি থকা হৈছে বুলি উল্লেখ কৰি সামাজিক মাধ্যমতো চোকা দৃষ্টি ৰখা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ড° শৰ্মাই কয়...

November 13, 2025 12:08 PM

views 79

উত্তৰ-পূৰ্বাঞ্চলত নিৰাপত্তা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৎপৰতা

● দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈ উঠিছে। এই অনুসৰি কেন্দ্ৰীয় চৰকাৰে ধুবুৰী জিলাৰ বামুণীত এটা নতুন সামৰিক ঘাটি স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। লাচিত বৰফুকনৰ নামেৰে নামকৰণ কৰিবলগীয়া সামৰিক ঘাটিটোৰ পৰা সীমান্তৰ প্ৰতিৰক্ষাৰ প্ৰতিটো দিশ চোৱাচিতা কৰা হ'ব। পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনে বাংলাদেশত খোপনি পুতি অসম তথা উত্তৰ পূৰ্বাঞ্চলত কূটাঘাতমূলক কার্যকলাপ সংঘটিত কৰাৰ আশংকা প্ৰকাশ কৰি সীমান্তৰ নিৰাপত্তা ব্যৱস্থা অধিক কট...

November 11, 2025 8:05 PM

views 33

থিস্ফুত ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল ৱাংছুকৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ প্রতিনিধি পৰ্যায়ৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিস্ফুত ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল ৱাংছুকৰ সৈতে এখন প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। উভয় দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে ভাৰতে গ্ৰহণ কৰা ভালেমান পদক্ষেপ আৰু দুয়োদেশৰ মাজৰ সহযোগিতা দীর্ঘস্থায়ী কৰাৰ ক্ষেত্ৰত নতুন দিল্লীৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে কৰা ঘোষণাৰ পাছতে এই বৈঠক অনুষ্ঠিত হয়। প্রধানমন্ত্রী শ্রীমোদী দুদিনীয়া ভ্রমণসূচীৰে আজি পুৱা ভূটানত উপস্থিত হয়। ভূটানৰ ৰজা দ্রুক গেয়ালপো আৰু প্ৰধানমন্ত্রী মোদীয়ে আজি সন্ধিয়া পুনাতচাংচু দ্বি...