November 17, 2025 6:25 PM

views 61

মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা মূল্যায়ন কৰা প্ৰশাসনীয় দক্ষতা আৰু পাৰদৰ্শিতাৰ তালিকাত ধেমাজি জিলাৰ প্রথম স্থান লাভ

মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা মূল্যায়ন কৰা প্ৰশাসনীয় দক্ষতা আৰু পাৰদৰ্শিতাৰ তালিকাত শেহতীয়াকৈ ধেমাজি জিলাই প্রথম স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত জিলাখনে কৃষি স্বাস্থ্য, গ্রামোন্নয়ন, শিক্ষা আৰু সামাজিক কল্যান ক্ষেত্ৰত পাৰদৰ্শিতাৰে ৬৫.৯৬ শতাংশৰে ফলাফলৰ তালিকাৰ শীৰ্ষ স্থানত আছে। ৬৫.৮৬ শতাংশৰে শিৱসাগৰ জিলা তালিকাৰ দ্বিতীয় স্থান লাভ কৰিছে। জিলাসমূহৰ ভিতৰত ১৮ টা বিভাগৰ ৫০ টা শিতানত এই মূল্যায়ন কৰা হৈছিল। ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম উন্নয়ন আৰু পিছপৰা শ্ৰেণী কল্যান বিভাগৰ মন্ত্ৰ...

November 17, 2025 6:15 PM

views 42

তিনিদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত আৰ এছ এছৰ মুৰব্বী ডাঃ মোহন ভাগৱত

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছৰ মুৰব্বী ডাঃ মোহন ভাগৱত আজি তিনিদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হৈছে। বিয়লি আৰ এছ এছৰ মুৰববীগৰাকীয়ে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা গৈ সুদৰ্শনালয়ত উপস্থিত হয়। সংঘৰ শতবৰ্ষ পূৰ্ণ হোৱা উপলক্ষে ডাঃ ভাগৱতে সাংগঠনিক বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে কাইলৈ আৰু পৰহিলৈ সুদর্শনালয়ত বৌদ্ধিক মত-বিনিময় কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। এই মত-বিনিময় অনুষ্ঠানলৈ ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট সাহিত্যিক, বুদ্ধিজীৱী তথা কাকত-আলোচনীৰ সম্পাদক আৰু উদ্যোগপতিকো আমন্ত্রণ জন...

November 17, 2025 6:04 PM

views 73

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা আৰু বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ভাৰতৰত্ন ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা আৰু বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈছে। বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত আলোচনাচক্ৰখন ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাই উদ্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে ড০ ভূপেন হাজৰিকাৰ আত্মীয়তাৰ কথা ব্যক্ত কৰে। প্ৰথম দিনা অনুষ্ঠিত দুখনকৈ অনুষ্ঠিত আলোচনা সত্ৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ শিক্ষ...

November 17, 2025 5:55 PM

views 53

জম্মু আৰু কাশ্মীৰত শেহতীয়াকৈ সন্ত্রাসবাদী কার্যকলাপ উল্লেখনীয়ভাৱে হ্ৰাস পাইছে

জম্মু আৰু কাশ্মীৰত শেহতীয়াকৈ সন্ত্রাসবাদী কার্যকলাপ উল্লেখনীয়ভাৱে হ্ৰাস পাইছে বুলি সেনা বাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বীবেদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি চাণক্য প্ৰতিৰক্ষা বৈঠকৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি জেনেৰেল দ্বিবেদীয়ে কয়, যে চলিত বছৰটোত বৰ্তমানলৈ প্ৰতিৰক্ষা বাহিনীৰ হাতত প্ৰায় ৩১ জন সন্ত্ৰাসবাদী নিহত হৈছে আৰু ইয়াৰে ৬১ শতাংশই আছিল পাকিস্তানী সন্ত্রাসবাদী সম্প্ৰতি ৰাজ্যখনত শিলগুটি দলিওৱা আৰু বিক্ষোভ প্ৰদৰ্শন তথা শ্ল'গান দিয়াৰ দৰে ঘটনা সংঘটিত নোহোৱাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়...

November 17, 2025 5:36 PM

views 67

ৰাজ্যৰ ৭ খন জিলাত গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা

ৰাজ্যত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ দ্রুতগতিত বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ৭ খন জিলাত গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি এখন জিলাৰ পৰা আন এখন জিলালৈ গাহৰিৰ সৰবৰাহৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। শিৱসাগৰ, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, দৰং আৰু কামৰূপ জিলাত আফ্রিকান ছোৱাইন ফিভাৰে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত পশুপালন আৰু পশু চিকিৎসা বিভাগে তৎকালে কাৰ্যকৰী হোৱাকৈ এই নিষেধাজ্ঞা জাৰি কৰিছে। ছোৱাইন ফিভাৰৰ সংক্ৰমণ কমকৈ হোৱা জিলাসমূহত গাহৰিৰ মাংস বিক্ৰীৰ ক্...

November 17, 2025 5:20 PM

views 63

সংবাদ প্রতিষ্ঠানসমূহক গঠনমূলক ভূমিকাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব পালন কৰি ৰাষ্ট্ৰ গঠনৰ অংশীদাৰ হ’বলৈ উপ-ৰাষ্ট্ৰপতিৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সংবাদ প্রতিষ্ঠানসমূহক গঠনমূলক ভূমিকাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব পালন কৰি ৰাষ্ট্ৰ গঠনৰ অংশীদাৰ হ’বলৈ আহ্বান জনাইছে। সাম্প্রতিক ডিজিটেল যুগত ভুৱা বাতৰি আৰু ভুল তথ্যৰ প্ৰসাৰ প্ৰতিহত কৰাটো অতিশয় জৰুৰী হৈ পৰা বুলি তেওঁ মত প্ৰকাশ কৰে। হায়দাবাদৰ ৰামোজী ফিল্ম চিটীত চলিত বৰ্ষৰ ৰামোজী উৎকৃষ্টতা বঁটা প্ৰদান উপলক্ষে আয়োজিত অনুষ্ঠান উদ্বোধন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে মূল্যবোধ সম্বলিত সাংবাদিকতাৰ ক্ষেত্ৰত সংবাদ-উদ্যোগী প্রয়াত ৰামোজী ৰাওৱে গ্ৰহণ কৰা ভূমিকাক ভূয়সী প্...

November 17, 2025 5:16 PM

views 54

গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ বৈঠক অনুষ্ঠিত

হাৰিয়ানাৰ ফৰিদাবাদত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে হাৰিয়ানা, হিমাচল প্ৰদেশ, পাঞ্জাব, ৰাজস্থান, দিল্লী, জম্মু আৰু কাশ্মীৰ, লাডাখ আৰু চণ্ডীগড়ক লৈ উত্তৰ মাণ্ডলিক পৰিষদ গঠিত। ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱত মন, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়ব সিং সৈনী, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু, জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিন্হা, দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ চাক্সেনা, জম্মু-ক...

November 17, 2025 5:14 PM

views 42

মক্কাৰ পৰা মদিনালৈ যোৱা যাত্রীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাত কেইবাগৰাকীও ভাৰতীয় হজ যাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ আশংকা

চৌদি আৰৱৰ মক্কাৰ পৰা মদিনালৈ যোৱা এখন যাত্রীবাহী বাছ আজি নিচেই পুৱা দুৰ্ঘটনাগ্ৰস্ত হোৱাত কেইবাগৰাকীও ভাৰতীয় হজ যাত্ৰীয়ে প্ৰাণ হেৰুওৱা বুলি আশংকা কৰা হৈছে। উল্লেখযোগ্য যে ভাৰতীয় সময় অনুসৰি মাজনিশা প্ৰায় ডেৰ বজাত মুফৰিহাট নামৰ ঠাইত বাছখনে এখন ডিজেল কঢ়িওৱা টেংকাৰত খুন্দা মাৰে বাছখনত কেইবাগৰাকীও মহিলা তথা শিশু থকাৰ তথ্য পোহৰলৈ আহিছে। উল্লেখযোগ্য যে বাছখন মক্কাৰ পৰা মদিনালৈ উভতি আহি আছিল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনা সন্দৰ্ভত শোক প্রকাশ কৰে। তেওঁ নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰ...

November 17, 2025 5:51 PM

views 89

বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ’ব

গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ'ব। লণ্ডনলৈ যোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে কথা প্ৰকাশ কৰে। এই চুক্তিৰ ফলত ৫০০ বছৰ কাল বঞ্চিত হৈ থকা ৰাজ্যৰ জনসাধাৰণে স্বচক্ষুৰে ঐতিহ্যপূর্ণ বৃন্দাবনী বস্ত্রখন প্ৰত্যক্ষ কৰিব পাৰিব বুলি তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে লণ্ডনৰ সংগ্ৰহালয়ত থকা এই আপুৰুগীয়া বস্ত্ৰ ২০২৭ চনত ছমাহৰ বাবে অসমলৈ প্ৰদৰ্...

November 13, 2025 12:52 PM

views 71

শিক্ষা বিভাগত ৮ হাজাৰৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান

● ৰাজ্যত স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি শিক্ষা বিভাগত ৮ হাজাৰৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আজি বিয়লি এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেণ্ড উপস্থিত থাকিব। শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা অনুসৰি উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ২৫২ গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি পত্ৰ বিতৰণৰ উপৰি ৬২ গৰাকী তৃতীয় ব...