প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিস্ফুত ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল ৱাংছুকৰ সৈতে এখন প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। উভয় দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে ভাৰতে গ্ৰহণ কৰা ভালেমান পদক্ষেপ আৰু দুয়োদেশৰ মাজৰ সহযোগিতা দীর্ঘস্থায়ী কৰাৰ ক্ষেত্ৰত নতুন দিল্লীৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে কৰা ঘোষণাৰ পাছতে এই বৈঠক অনুষ্ঠিত হয়। প্রধানমন্ত্রী শ্রীমোদী দুদিনীয়া ভ্রমণসূচীৰে আজি পুৱা ভূটানত উপস্থিত হয়। ভূটানৰ ৰজা দ্রুক গেয়ালপো আৰু প্ৰধানমন্ত্রী মোদীয়ে আজি সন্ধিয়া পুনাতচাংচু দ্বিতীয় জলবিদ্যুৎ প্রকল্প উদ্বোধন কৰে।
Assamese | November 11, 2025 8:05 PM | Akashvani | Akashvani News | India vs Bhutan | Thimphu
থিস্ফুত ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল ৱাংছুকৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ প্রতিনিধি পৰ্যায়ৰ বৈঠক