December 1, 2025 10:25 AM

views 69

আজিৰে পৰা সংসদৰ শীতকালীন অধিবেশন আৰম্ভ

● সংসদৰ শীতকালীন অধিবেশন আজি আৰম্ভ হ'ব। ১৯ দিন ধৰি চলিবলগীয়া এই অধিবেশনত ১৫ খন বৈঠক অনুষ্ঠিত হ'ব। সংসদৰ শীতকালীন অধিবেশনত মুঠ ১৩ খন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথ সংশোধনী বিধেয়ক, পাৰমাণৱিক শক্তি বিধেয়ক, কৰ্প'ৰেট আইন সংশোধনী বিধেয়ক, বীমা আইন সংশোধনী বিধেয়ক আৰু ভাৰতৰ উচ্চ শিক্ষা আয়োগ বিধেয়ক ২০২৫ আছে। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে লোকসভাত কেন্দ্ৰীয় শুল্ক সংশোধনী বিধেয়ক দাখিল কৰিব। তদুপৰি অধিবেশনত ২০২৫-২৬ বৰ্ষৰ বাবে প্ৰথম পৰ্যায়ৰ অনুদানৰ পৰিপূৰক ...

November 29, 2025 10:35 PM

views 49

তিৰুৱন্তপুৰমত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে মুখ্য নির্বাচনী বিষয়াৰ বৈঠক

■ মুখ্য নির্বাচনী বিষয়া ৰাথন ইউ কেলকাৰে আজি কেৰালাৰ তিৰুৱন্তপুৰমত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলৰ সৈতে ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ অগ্রগতি পর্যালোচনা কৰিবলৈ এখন বৈঠক আহ্বান কৰে। বিষয়াগৰাকীয়ে অৱগত কৰিছে যে তালিকাত থকা সকলো ভোটাৰৰ মাজত গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে, আৰু ইতিমধ্যে ৮৫% প্ৰ-পত্ৰৰ পূৰণ সম্পূৰ্ণ হৈছে। গণনা প্ৰ-পত্ৰ দাখিল কৰা সকলো ভোটাৰক খচৰা তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব। শ্রী কেলকাৰে লগতে কয় যে যিসকল ব্যক্তি ২০০২ চনৰ ভোটাৰ তালিকাৰ অংশ নাছিল, তেওঁলোকৰ বাবে নিৰ্বাচনী পঞ্জীয়ন বিষ...

November 29, 2025 10:31 PM

views 53

টি-২০ বিশ্বকাপত জয়ী ভাৰতীয় দৃষ্টিহীন মহিলা ক্রিকেট দলৰ খেলুৱৈসকলক ৰাষ্ট্ৰপতি মুৰ্মুৰ শুভেচ্ছা

■ ৰাষ্ট্ৰপতি শ্ৰীমতি দ্রৌপদী মুৰ্মুৱে টি-২০ বিশ্বকাপত জয়ী হোৱা ভাৰতীয় দৃষ্টিহীন মহিলা ক্রিকেট দলৰ খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। আজি ৰাষ্ট্ৰপতিভৱনত দলটোৰ খেলুৱৈসকলে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে। সাক্ষাৎকালত দলটোৱে খেলুৱৈসকলৰ স্বাক্ষৰ সম্বলিত এখন বেট ৰাষ্ট্ৰপতিক উপহাৰ দিয়ে। ৰাষ্ট্ৰপতি মুৰ্মুৱে খেলুৱৈসকলৰ এই সাফল্যই সকলোকে অনুপ্ৰাণিত কৰা বুলি মন্তব্য কৰি কয় যে এনে প্রদর্শনে উঠি অহা প্ৰজন্মক জীৱন আৰু জিৱিকাৰ দিশত উচ্চাকাংক্ষী হবলৈ উৎসাহিত কৰিব।

November 29, 2025 10:24 PM

views 59

কানাডাক পৰাস্ত কৰি ভাৰত চুলতান আজলান শ্বাহ হকী প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ

● ভাৰতে কানাডাক পৰাস্ত কৰি চুলতান আজলান শ্বাহ হকী প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আজি মালয়েছিয়াৰ ইপোহৰ ষ্টেডিয়ামত অনুষ্ঠিত ছেমিফাইনেলত ভাৰতে আক্ৰমণাত্মক প্ৰদৰ্শনেৰে ১৪-৩ গ'লত কানাডাক পৰাস্ত কৰিছে। ভাৰতৰ হৈ জুগ্ৰাজ সিঙে চাৰিটা, আৰু ৰাজিন্দ সিঙে দুটা গ'ল কৰে ৷

November 29, 2025 10:14 PM

views 269

ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

● পঞ্চদশ অসম বিধানসভাৰ চলিত অধিবেশনৰ আজি অন্তিম দিনা সদনত ভৈয়াম জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰে। এই প্ৰতিবেদনক লৈ বিৰোধী পক্ষই আলোচনা হোৱাটো বিচাৰিছিল যদিও বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অনুমতি প্ৰদান নকৰে আৰু সদন অনিৰ্দিষ্ট কাললৈ স্থগিত বুলি ঘোষণা কৰে৷ প্রতিবেদন অনুসৰি অসমৰ জনজাতিসকলক ৩ টা ভাগত বিভক্ত কৰা হয়। আগৰে পৰা থকা ভৈয়াম জনজাতি আৰু পাৰ্বত্য জনজাতিৰ লগত উপত্যকা জনজাতি সংযোগ কৰা হৈছে। সেই অনুসৰ...

November 29, 2025 10:05 PM

views 63

জ্যেতি চিত্ৰবনত ২ দিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

■ গুৱাহাটীৰ কাহিলিপাৰাস্থিত জ্যেতি চিত্ৰবনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হৈছে। ২০১৭ চনৰ পৰা প্ৰতি বছৰে উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান তথা বিশ্ব সংবাদ কেন্দ্ৰৰ সহযোগী চলচ্চিত্ৰমে ৰাষ্ট্ৰীয় চুটি ছবি আৰু তথ্য চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰি আহিছে। এইবাৰৰ মহোৎসৱৰ মূল বিষয় হৈছে- আমাৰ ঐতিহ্য আমাৰ গৌৰৱ। মহোৎসৱত ৩০ খন চুটি ছবি আৰু তথ্য চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। সামৰণি অনুষ্ঠানত ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শ‍...

November 29, 2025 10:50 PM

views 46

ভাৰতে বৰ্তমান উন্নয়নৰ পথত আগবাঢ়িবলৈ যুৱক-যুৱতীসকল উৎসাহী হৈ থকাটো অতি প্রয়োজন: ৰাজনাথ সিং

■ ভাৰতে বৰ্তমান উন্নয়নৰ পথত আগবাঢ়িবলৈ যুৱক-যুৱতীসকল উৎসাহী হৈ থকাটো অতি প্রয়োজন। আজি উত্তৰাখণ্ডৰ মচুৰীস্থিত লালবাহাদুৰ শাস্ত্রী নেচনেল একাডেমী অফ এডমিনিষ্ট্ৰেচনত অনুষ্ঠিত হোৱা ১০০ সংখ্যক বুনিয়াদী পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এইদৰে কয়। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ সমাজৰ প্ৰতিটো শ্ৰেণীয়ে এই উন্নয়নৰ যাত্ৰাত সমানে অংশগ্রহণ কৰিব লাগিব। যি সময়ত মানৱতাই বহু নৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সেই সময়ত আম...

November 29, 2025 10:47 PM

views 37

শ্রীলংকাত ডিটৱা ঘূর্ণিবতাহে ক্ষতি কৰা লোকসকললৈ ভাৰতৰ পৰা ২৭ টন সাহাৰ্য্য সামগ্ৰী প্ৰেৰণ

● শ্রীলংকাত ডিটৱা ঘূর্ণিবতাহে ক্ষতি কৰা লোকসকলৰ বাবে ভাৰতৰ পৰা ২৭ টন সাহাৰ্য্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ. জয়শংকৰে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে আকাশমাৰ্গ আৰু সামুদ্রিক পথেৰে এই সামগ্ৰীসমূহ কলম্বোলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ লগতে উদ্ধাৰকাৰ্যত সহায়ৰ বাবেও এন.ডি.আৰ.এফৰ ৮০ জন জোৱানক শ্রীলংকালৈ পঠিওৱা হৈছে। উল্লেখযোগ্য যে ডিটৱা ঘূর্ণিবতাহত প্ৰভাৱিত লোকসকলৰ সাহায্যৰ বাবে আৰু উদ্ধাৰ অভিযান শক্তিশালী কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে ...

November 29, 2025 10:42 PM

views 45

সোমবাৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ

■ সোমবাৰে সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হ'ব। অধিৱেশনৰ প্ৰাক ক্ষণত আকশবাণীৰ বাতৰি সেৱা বিভাগে এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। ইংৰাজীত "Issues Before Parliament" হিন্দীত এই অনুষ্ঠান "Sansad Ke Samaksh Mudde". শিৰোনামেৰে প্ৰচাৰ কৰা হ'ব। ইংৰাজী ভাষাত অনুষ্ঠানটো আকাশবাণী ৰেইন বো চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহৰ যোগেদি প্ৰচাৰ কৰা হ'ব। লগতে হিন্দী ভাষাত এই অনুষ্ঠানটো আকাশবাণীৰ এফ এম গ'ল্ড চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহৰ যোগেদি এই অনুষ্ঠান কাইলৈ ৰাতি ৯.৩০ বজাৰ পৰা ১০ বজালৈ প্ৰচাৰ কৰা হ'ব। শ্ৰো...

November 29, 2025 10:38 PM

views 84

বিশেষ বিস্তৃত সংশোধনৰ দ্বিতীয় পৰ্যায়ত ভোটাৰৰ মাজত ৫০ কোটি ৭৩ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ

● নির্বাচন আয়োগে আজি প্ৰকাশ কৰিছে যে, বিশেষ বিস্তৃত সংশোধনৰ দ্বিতীয় পৰ্যায়ত ভোটাৰসকলৰ মাজত ৫০ কোটি ৭৩ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে। এই প্ৰক্ৰিয়াৰ জড়িয়তে প্রায় ৫১ কোটি মুঠ ভোটাৰৰ ৯৯.৫৩ শতাংশ ভোটাৰক এই পৰ্যায়ত সামৰি লোৱা হ 'ব। আয়োগে কয় যে এতিয়ালৈকে প্রায় ৪০ কোটি প্ৰ-পত্র ডিজিটেলাইজ কৰা হৈছে৷ উল্লেখযোগ্য যে ৪ নৱেম্বৰৰ পৰা দেশৰ ৯ খন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলত দ্বিতীয় পৰ্যায়ৰ ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন আৰম্ভ হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হ...