January 9, 2026 12:12 PM

views 46

এ ডি আৰ ইত উত্তীর্ণ ৪,৩৭৪ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত নিযুক্তি পত্ৰ বিতৰণ

ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা, এ ডি আৰ ইত উত্তীর্ণ ৪ হাজাৰ ৩৭৪ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক আজি গুৱাহাটীৰ খানাপাৰাৰ নৱনিৰ্মিত জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সূত্ৰ অনুসৰি কাইলৈ সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত এ ডি আৰ ইত উত্তীৰ্ণ ৬ হাজাৰ ৩৪৭ গৰাকী তৃতীয় বৰ্গৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। একেদৰে ১২ জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত এট...

January 6, 2026 7:01 AM

views 54

জটিল ৰোগত আক্ৰান্ত দৰং জিলাৰ মুঠ ৩৫২ গৰাকী ৰোগীক চেক বিতৰণ

কৰ্কটকে ধৰি বিভিন্ন জটিল ৰোগত আক্ৰান্ত দৰং জিলাৰ মুঠ ৩৫২ গৰাকী ৰোগীৰ মাজত তেওঁলোকৰ চিকিৎসা ব্যয়ত কিছু সকাহ দিয়াৰ উদ্দেশ্যে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শ‍ইকীয়াই আজি মুখ্যমন্ত্ৰীৰ বিশেষ চিকিৎসা সাহায্য আঁচনি সুহৃদৰ অধীনত মুঠ ২ লাখ ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰে। মঙলদৈৰ সাংসদ কাৰ্য্যালয়ত অনুষ্ঠিত কাৰ্য্যসূচীত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াছ কুজুৰ, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

January 6, 2026 7:23 AM

views 54

মাজুলীৰ গড়মূৰত আজিৰে পৰা জিলা উদ্যম সমাগম আৰু স্বদেশী মেলা ২০২৬ অনুষ্ঠিত

মাজুলী জিলাৰ গড়মূৰত আজিৰে পৰা জিলা উদ্যম সমাগম আৰু স্বদেশী মেলা ২০২৬ অনুষ্ঠিত হৈছে। অহা ৯ জানুৱাৰীলৈ মুকলি থাকিবলগীয়া এই মেলা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ সহযোগত অসম ক্ষুদ্র উদ্যোগ বিকাশ লিমিটেডৰ সৌজন্যত অনুষ্ঠিত হৈছে। আজি দিনৰ ১ বজাত বিধায়ক ভূৱন গামে মেলাৰ উদ্বোধন কৰে। জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, মাজুলীৰ সহকাৰী প্ৰৱন্ধক জনার্দন দাসে আঁত ধৰা অনুষ্ঠানত জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰৱন্ধক ৰাজকুমাৰ বড়ি, জিলা পৰিষদৰ সভানেত্ৰী নৱনিতা দাস আ...

January 6, 2026 2:23 AM

views 54

দিল্লী চৰকাৰে ই-প্ৰশাসন ব্যৱস্থাৰ অধীনত বিভিন্ন বিভাগত নাগৰিকৰ সুবিধা হোৱাকৈ ৭৫ টা ডিজিটেল সেৱা আৰম্ভ কৰিছে

দিল্লীৰ উপ ৰাজ্যপাল বিনয় কুমাৰ চাক্সেনাই কৈছে যে দিল্লী চৰকাৰে ই-প্ৰশাসন ব্যৱস্থাৰ অধীনত বিভিন্ন বিভাগত নাগৰিকৰ সুবিধা হোৱাকৈ ৭৫ টা ডিজিটেল সেৱা আৰম্ভ কৰিছে। আজি দিল্লী বিধানসভাৰ শীতকালীন অধিৱেশনৰ আৰম্ভণি ভাষণত শ্ৰীচাক্সেনাই এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে চৰকাৰে ইজ অব্ ডুয়িং বিজনেছ বা ব্যৱসায়ৰ সুচলতাৰ বাবে গ্ৰহণ কৰা পদ্ধতিৰ অধীনত ব্যৱসায়ৰ পদ্ধতিসমূহ সৰল কৰি তোলা হৈছে। দিল্লীৰ সকলো চৰকাৰী কাৰ্যালয় ডিজিটাইজ কৰিবলৈ চৰকাৰে ই-কাৰ্যালয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াৰ ফলত প্ৰশাসন ব্যৱস্থা নিক...

January 6, 2026 7:21 AM

views 47

উত্তৰ গুৱাহাটীৰ ৰংমহলত অহা দেওবাৰে সংহত ন্যায়িক আদালত ভৱনৰ আধাৰশিলা স্থাপন কৰা হ’ব

উত্তৰ গুৱাহাটীৰ ৰংমহলত অহা দেওবাৰে সংহত ন্যায়িক আদালত ভৱনৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই অনুষ্ঠানত দেশৰ মুখ্য ন্যায়াধীশ সূর্যকান্ত, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্বল ভূঞা, ন্যায়াধীশ সন্দীপ মেহতা, ন্যায়াধীশ এন ক'টিশ্বৰ সিং আৰু ন্যায়াধীশ বিজয় বিষ্ণয়, আইন আৰু ন্যায় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

January 6, 2026 7:18 AM

views 64

কামৰূপ মহানগৰ জিলা আয়ুক্ত হিচাপে স্বপ্নীল পালৰ কাৰ্য্যভাৰ গ্ৰহণ

কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত হিচাপে স্বপ্নীল পালে আজি কাৰ্য্যভাৰ গ্ৰহণ কৰে। ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া শ্রীপালে তিনিচুকীয়া জিলাৰ আয়ুক্ত হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ শেহতীয়া নিৰ্দেশনা অনুসৰি, কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত চট্টাৱনক তিনিচুকীয়ালৈ বদলি কৰি তিনিচুকীয়াত কৰ্মৰত পালক কামৰূপ মহানগৰ জিলাৰ দায়িত্ব দিয়া হৈছে।

January 6, 2026 7:16 AM

views 58

আজি ৰাষ্ট্ৰীয় পক্ষী দিৱস

আজি ৰাষ্ট্ৰীয় পক্ষী দিৱস। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলাশয়সমূহ সম্প্ৰতি পৰিভ্ৰমী পক্ষীৰে ভৰি উঠা পৰিলক্ষিত হৈছে। শীতৰ আগমনৰ লগে লগে ৰাছিয়া, নেডাৰলেণ্ড, ইউৰোপৰ উপৰি হিমালয়ৰ পাদদেশৰ পৰা অহা পৰিভ্ৰমী পক্ষীসমূহে ৰাষ্ট্ৰীয় উদ্যানখন মনোমোহা কৰি তুলিছে। বিগত দুবছৰত কাজিৰঙাত স্পন বিল ডাক, পেইণ্টেড ষ্টকৰ দৰে ব্যতিক্ৰমী পক্ষীৰ আগমন পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে উদ্যানখনত লাহে লাহে বাঘৰ সংখ্যাও বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে। কঁহৰাৰ মিহিমুখ অঞ্চলত সোণালী বাঘৰ মুক্ত বিচৰণ প্ৰকৃতিপ্ৰেমীৰ কেমেৰাত আবদ্ধ...

January 6, 2026 7:13 AM

views 53

জ্যোতি চিত্ৰবন অহা ২২ জানুৱাৰীৰ পৰা ৪দিনীয়া কাৰ্যসূচীৰে গুৱাহাটী এছীয় চলচ্চিত্র মহোৎসৱ

গুৱাহাটীৰ জ্যোতি চিত্ৰবন অহা ২২ জানুৱাৰীত ৪দিনীয়া কাৰ্যসূচীৰে গুৱাহাটী এছীয় চলচ্চিত্র মহোৎসৱৰ আয়োজিত হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক জগতখনক উজলাই তোলাৰ লক্ষ্য আগত ৰাখি এইবেলি এই মহোৎসৱ দ্বিতীয় বাৰৰ বাবে আয়োজন কৰা হৈছে। এই মহোৎসৱত প্ৰদৰ্শিত হ'বলগীয়া চলচ্চিত্ৰসমূহৰ তালিকা আজি ঘোষণা কৰা হয়। মহোৎসৱৰ উদ্বোধনী চলচ্চিত্ৰ হিচাপে শ্বোকিৰ খুলিক'ভে পৰিচালনা কৰা উজবেকিস্তানী চলচ্চিত্র চানডে প্রদৰ্শন কৰা হ'ব। আলজো ঘাছেমি আৰু ৰাহা আমিৰ ফজলীৰ যুটীয়া পৰিচালনাৰ ইৰাণী চলচ্চিত্র ইন দ্য লেণ্ড অব ব্ৰাডাৰ্ছ...

January 6, 2026 7:10 AM

views 53

সমাগত গণৰাজ্য দিৱস উদযাপনৰ বাবে শ্রীভূমি জিলাত আজি বিশেষ প্রস্তুতি সভা

● সমাগত গণৰাজ্য দিৱস উদযাপনৰ বাবে শ্রীভূমি জিলাত আজি বিশেষ প্রস্তুতি সভা অনুষ্ঠিত হয়। শ্রীভূমি জিলাৰ জিলা আয়ুক্ত প্রদীপ কুমাৰ দ্বিৱেদীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত সমাগত গণৰাজ্য দিৱসৰ মুখ্য অনুষ্ঠান শ্ৰীভূমিৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব বুলি সিদ্ধান্ত লোৱা হয়। সভাৰ আৰম্ভণিতে সহকাৰী আয়ুক্ত ৰূপক মজুমদাৰে বিগত বছৰৰ গণতন্ত্ৰ দিৱস উদযাপনৰ তালিকা পাঠ কৰে। সভাত গৃহীত নিয়মীয়া সিদ্ধান্তসমূহৰ উপৰি জিলা আয়ুক্তই এই বছৰ গণৰাজ্য দিৱস যথাযোগ্য মর্যাদাৰে উদযাপন কৰিবলৈ আৰু ইয়া...

January 6, 2026 7:07 AM

views 79

অগপৰ বজালী জিলা সমিতিৰ কাৰ্যালয়ত নতুন বছৰ উপলক্ষে সাংবাদিকৰ সৈতে মত-বিনিময় অনুষ্ঠান

অগপৰ বজালী জিলা সমিতিৰ কাৰ্যালয়ত আজি নতুন বছৰ উপলক্ষে সাংবাদিকৰ সৈতে হোৱা এটা মত- বিনিময় অনুষ্ঠানত সমাগত নির্বাচনত বজালী সমষ্টিত অগপই প্রার্থিত্ব বিচৰাৰ কথা প্ৰকাশ কৰে। ইংৰাজী নৱবৰ্ষত বজালীৰ সাংবাদিকসকলক শুভেচ্ছা জনোৱাৰ বাবে অগপৰ বজালী বিধানসভা সমষ্টিৰ সমিতিৰ সভাপতি জিন্টু চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত এই মত-বিনিময় অনুষ্ঠানত অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ড০ ৰঞ্জিত ডেকাই মিত্ৰজোঁটৰ ধৰ্ম অনুসৰি এই সমষ্টিটো অগপক এৰি দিয়াৰ পোষকতা কৰে। তেওঁ কয় যে অগপ-বিজেপি লগ হৈ অসমৰ উন্নতিৰ হকে কাম কৰি আহিছে ...