আজি ৰাষ্ট্ৰীয় পক্ষী দিৱস। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলাশয়সমূহ সম্প্ৰতি পৰিভ্ৰমী পক্ষীৰে ভৰি উঠা পৰিলক্ষিত হৈছে। শীতৰ আগমনৰ লগে লগে ৰাছিয়া, নেডাৰলেণ্ড, ইউৰোপৰ উপৰি হিমালয়ৰ পাদদেশৰ পৰা অহা পৰিভ্ৰমী পক্ষীসমূহে ৰাষ্ট্ৰীয় উদ্যানখন মনোমোহা কৰি তুলিছে। বিগত দুবছৰত কাজিৰঙাত স্পন বিল ডাক, পেইণ্টেড ষ্টকৰ দৰে ব্যতিক্ৰমী পক্ষীৰ আগমন পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে উদ্যানখনত লাহে লাহে বাঘৰ সংখ্যাও বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে। কঁহৰাৰ মিহিমুখ অঞ্চলত সোণালী বাঘৰ মুক্ত বিচৰণ প্ৰকৃতিপ্ৰেমীৰ কেমেৰাত আবদ্ধ হৈছে।
Assamese | January 6, 2026 7:16 AM | Akashvani | Akashvani News | bird | National Bird Day
আজি ৰাষ্ট্ৰীয় পক্ষী দিৱস