November 1, 2024 5:19 PM

views 57

ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশ, ছত্তিশগড়, হাৰিয়ানা, কৰ্ণাটক, কেৰালা, মধ্য প্রদেশ, পাঞ্জাব, তামিলনাড়ু, লাক্ষাদ্বীপ আৰু পুডুচেৰীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৱে দেশৰ উন্নয়নৰ যাত্ৰাপথত এই ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ জনসাধাৰণে আগবঢ়োৱা বৰঙণিৰ বিষয়ে উল্লেখ কৰে। একেদৰে উপ- ৰাষ্ট্...

October 26, 2024 9:26 PM

views 54

ইছৰোৰ অধ্যক্ষ ড° এছ সোমনাথে আকাশবাণীৰ ৰং ভৱনত ২০২৪ বৰ্ষৰ চৰ্দাৰ পেটেল স্মাৰক বক্তৃতা প্ৰদান কৰে

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰোৰ অধ্যক্ষ ড° এছ সোমনাথে আজি বিয়লি নতুন দিল্লীৰ আকাশবাণীৰ ৰং ভৱনত ২০২৪ বৰ্ষৰ চৰ্দাৰ পেটেল স্মাৰক বক্তৃতা প্ৰদান কৰে। এই ড° সোমনাথে INDIAN SPACE ODYSSEY : IN SEARCH OF NEW FRONTIERS এই বিষয়ত ভাষণ দিয়ে। তেওঁ কয় যে মহাকাশ প্ৰযুক্তিৰ প্ৰয়োগ ডমেইন অহৰহ বৃদ্ধি পোৱাৰ লগে লগে মানুহৰ বাবে অধিক সুলভ হৈ পৰিছে। আই আই টি দিল্লীত অনুষ্ঠিত এই অনুষ্ঠানত ড° সোমনাথে অর্থনীতি, নিয়োগ যোগ্যতা আৰু চাকৰি সৃষ্টিৰ ক্ষেত্ৰত মহাকাশ প্রযুক্তিৰ প্রভাৱ বৃদ্ধি পাইছে বুলি উল্লেখ কৰে। শেহত...

October 26, 2024 9:07 PM

views 48

হাটশিঙিমাৰী মহাবিদ্যালয়ত নিচামুক্ত ভাৰত অভিযানৰ অধীনত প্রশিক্ষণ কার্যসূচী

নিচামুক্ত ভাৰত অভিযানৰ অধীনত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী মহাবিদ্যালয়ত আজি এটি প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। জিলা সমাজ কল্যাণ বিভাগে মহাবিদ্যালয়খনৰ ৫০ গৰাকী মুখ্য সদস্যক নিচামুক্ত ভাৰত অভিযান সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰে। নৱপ্ৰজন্মক নিচাজাতীয় সামগ্ৰীৰ পৰা আঁতৰাই অনাৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰীয় সেৱা যোজনাৰ সদস্যসকলক ভার্চুৱেল পদ্ধতিৰে প্ৰশিক্ষণ প্ৰদান কৰা হয়৷

October 26, 2024 9:05 PM

views 77

বিটিচিৰ প্ৰধান সচিবৰ সৈতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পর্যালোচনা বৈঠক

ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা বিকাশ, নিয়োগ, উদ্যমশীলতা আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি বিটিচিৰ প্ৰধান সচিবৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। তামুলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে আজি এই বৈঠকত ২৬ টা বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে। কৃষি বিভাগৰ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে ধান ক্ৰয়ৰ ক্ষেত্ৰত যাতে মধ্যভোগীসকলে সুফল লাভ নকৰে তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি পশুপালন, ৰেচম, শিক্ষা, খাদ্যকে ধৰি বিভিন্ন বিভাগসমূহৰ কাম-কাজসমূহো এই বৈঠকত পৰ্যালোচনা কৰা হয়৷

October 26, 2024 9:02 PM

views 61

কাইলৈ আকাশবাণীৰ ১১৫ সংখ্যক খণ্ডৰ ‘মন কী বাত অনুষ্ঠান’

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৫ সংখ্যক খণ্ড। আকাশবাণী–দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণী নিউজৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্রধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান শুনিব পৰা যাব। আকাশবাণীয়ে প্ৰচাৰ হোৱাৰ ঠিক পাছতেই অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব।

October 26, 2024 8:19 PM

views 102

কাইলৈ খানাপাৰাত কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজৰ একবিংশ দ্বিবার্ষিক সমাৱৰ্তন অনুষ্ঠিত হ’ব

কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজৰ একবিংশ দ্বিবার্ষিক সমাৱৰ্তন কাইলৈ গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব। অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। তদুপৰি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো বিশেষ অতিথি হিচাপে উপস্থিত থাকিব। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কাইলৈ কইনাধ...

October 26, 2024 8:10 PM

views 59

অবৈধ ট্রেডিঙৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা বিশাল ফুকন, চুমি বৰাসহ ৮ জন অভিযুক্তক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়

অবৈধ ট্রেডিঙৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা বিশাল ফুকন, চুমি বৰা নামৰ ৮ জন অভিযুক্তক আজি কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। আদালতে আটাইকেইজন অভিযুক্তকে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে। অহা ২৮ অক্টোবৰত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই অভিযুক্তকেইজনক চিবিআইৰ বিশেষ আদালতত হাজিৰ কৰোৱাই জিম্মাত লোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে অসম চৰকাৰে অবৈধ অনলাইন ট্রেডিং সন্দৰ্ভত ৰুজু হোৱা ৪১ টা গোচৰৰ তদন্তৰ দায়িত্ব কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থ...

October 26, 2024 6:37 PM

views 62

মাধ্যমিক শিক্ষা সঞ্চালকালয়, প্রাথমিক শিক্ষা সঞ্চালকালয় আৰু সমগ্ৰ শিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকে স্নাতকোত্তৰ আৰু স্নাতক শিক্ষক পদৰ বাবে আবেদন কৰিব পাৰিব

মাধ্যমিক শিক্ষা সঞ্চালকালয়, প্রাথমিক শিক্ষা সঞ্চালকালয় আৰু সমগ্ৰ শিক্ষাৰ অধীনত কৰ্মৰত সকলো শিক্ষকে অলপতে প্রকাশিত বিজ্ঞাপন অনুসৰি স্নাতকোত্তৰ আৰু স্নাতক শিক্ষক পদৰ বাবে আবেদন কৰিব পাৰিব। শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেণ্ডৰ অনুমোদনমৰ্মে ৰাজ্য চৰকাৰ বিদ্যালয় শিক্ষা বিভাগে পদসমূহৰ বিপৰীতে আবেদন কৰাৰ বাবে সমূহীয়াভাৱে আপত্তিবিহীন প্ৰমাণপত্ৰ প্ৰদান কৰিছে। অৱশ্যে নির্দেশনাটোত উল্লেখ থকা অনুসৰি শিক্ষক পদৰ বাবে বাছনি হোৱাৰ পাছত নিযুক্তিৰ বাবে সংশ্লিষ্ট শিক্ষকগৰাকীয়ে আপত্তিবিহীন প্রমাণপত্র দাখিল কৰিব লাগি...

October 22, 2024 3:43 PM

views 80

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অন্তিম পৰ্যায় সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে বৈঠক

ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাই ২৭ অক্টোবৰত চতুৰ্থ বৰ্গৰ বাবে হ’বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অন্তিম পৰ্যায় সন্দৰ্ভত আজি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে আলোচনাত মিলিত হয়। ২৭ অক্টোবৰত পুৱা ৯.৩০ বজাৰ পৰা ১১.৩০ বজালৈ ১,৮৪টা আৰু দিনৰ ডেৰ বজাৰ পৰা বিয়লি ৪ বজালৈ ৮০৮টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষাত মুঠ ৮ লাখ ২৭ হাজাৰ ১৩০ গৰাকী প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মর্মে নিকা আৰু স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰিবল...

October 22, 2024 2:48 PM

views 66

পূব লেবাননত ড্ৰ’ন আক্ৰমণত ৬ জন লোক নিহত

পূব লেবাননৰ বালবেক চহৰৰ এটা ঘৰত ইজৰাইলৰ ড্ৰ'ন আক্ৰমণত কালি ৬ জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। লেবাননৰ চৰকাৰী সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, মধ্য বালবেকৰ নবি ইনাম এলেকাত থকা ঘৰটোত ইজৰাইলী ড্র'নে আক্ৰমণ কৰে। ইফালে, হিজবুল্লাহে কৈছে যে খালেট ৱাৰ্ডেহ অঞ্চলত থকা ইজৰাইলৰ সেনা বাহিনীৰ ঘাটিক লক্ষ্য কৰি হিজবুল্লাহে ৰকেট চালভো নিক্ষেপ কৰিছে। ২৩ ছেপ্টেম্বৰৰ পৰা ইজৰাইলী সেনাই লেবাননত বিমান আক্রমণ অব্যাহত ৰাখিছে।