September 9, 2025 1:11 PM

views 68

অৰুণোদয় বাচনি সমিতিৰ সৈতে বিধায়ক তৰংগ গগৈৰ বৈঠক

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত কালি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ প্ৰস্তুতিৰ বাবে বিধায়ক তৰংগ গগৈয়ে নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত নাহৰকটীয়া পৌৰসভাৰ ৱাৰ্ড সদস্য, পঞ্চায়ত প্ৰতিনিধি আৰু অৰুণোদয় বাচনি সমিতিৰ তিনিজনীয়া সদস্যৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত যোগ্য বিবেচিত প্ৰতিগৰাকী লোকে যাতে অৰুণোদয় লাভ কৰে, তাৰ বাবে সংশ্লিষ্ট সকলোকে নিজ দায়িত্ব পালন কৰিবলৈ বিধায়কগৰাকীয়ে আহ্বান জনায় ৷

September 8, 2025 9:24 PM

views 100

ভাৰত আৰু ইজৰাইলৰ মাজত দ্বিপাক্ষিক বিনিয়োগ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু ইজৰাইলে নতুন দিল্লীত আজি দ্বিপাক্ষিক বিনিয়োগ চুক্তি স্বাক্ষৰ কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু ইজৰাইলৰ বিত্তমন্ত্ৰী বেজালেল স্পট্ৰিছৰ মাজত এই চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ লক্ষ্য হৈছে অর্থনৈতিক সম্পর্ক বৃদ্ধি কৰাৰ লগতে ইজৰাইলৰ ৰপ্তানীকাৰকসকলৰ বাবে বিত্তীয় নীতি নিয়ম অন্বেষণ কৰা।

September 8, 2025 9:47 PM

views 54

বিজ্ঞান প্রশাসকৰ বাবে বিশেষ ৭ দিনীয়া আৱাসীক প্ৰশাসনিক প্রশিক্ষণ কাৰ্যসূচীৰ কথা ঘোষণা কেন্দ্রীয় মন্ত্রী ড° জীতেন্দ্র সিঙৰ

কেন্দ্রীয় মন্ত্রী ড° জীতেন্দ্র সিঙে বিজ্ঞান প্রশাসকসকলৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীয়ে প্ৰস্তুত কৰি উলিওৱা এটা বিশেষ ৭ দিনীয়া আৱাসীক প্ৰশাসনিক প্রশিক্ষণ কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে। শ্রীসিঙে এই পদক্ষেপক অতিকৈ প্ৰয়োজনীয় আৰু প্ৰভাৱশালী বুলি মন্তব্য কৰি এই প্ৰশিক্ষণ কাৰ্যসূচী অসামৰিক সেৱাৰ প্ৰশিক্ষণ প্ৰণালীৰ সৈতে সামঞ্জস্য ৰাখি প্ৰস্তুত কৰা হৈছে বুলি জানিবলৈ দিয়ে। দেশৰ বৈজ্ঞানিক অগ্ৰগতিৰ বাবে মানৱ সম্পদৰ সামৰ্থ বৃদ্ধি অতিকৈ প্ৰয়োজনীয় উপাদান বুলিও মন্ত্ৰীগৰাকীয়ে লগতে কয়। এই বিশেষ...

September 8, 2025 10:39 PM

views 49

বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে অসমৰ প্ৰান্তে প্রান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন

বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে আজি অসমৰ প্ৰান্তে প্রান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গীতেৰে সমাজত মানৱতা আৰু সমন্বয়ৰ বাৰ্তা বিলাই বিশ্বৰ বুকুত উজ্বল নিদৰ্শন ৰাখি যোৱা গণ শিল্পীগৰাকীৰ জন্মদিনত আজি অসমবাসীয়ে ৰাজ্যৰ অঞ্চলে অঞ্চলে শ্রদ্ধা জ্ঞাপন কৰিছে। তদুপৰি দেশৰ অন্যান্য ৰাজ্য আৰু বিদেশতো শিল্পীগৰাকীৰ সোঁৱৰণত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত স্মৃতি তৰ্পন আৰু সাংস্কৃতিক অনুষ...

September 8, 2025 9:39 PM

views 55

কাঠমাণ্ডুৰ বানেশ্বৰত নৱপ্ৰজন্মৰ বিক্ষোভকাৰীসকলক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনাত ১৪ জন লোকৰ মৃত্যুৰ লগতে ১০০ জনৰো অধিক লোক আহত

কাঠমাণ্ডুৰ বানেশ্বৰত আজি জেন জি অর্থাৎ নৱপ্ৰজন্মৰ বিক্ষোভকাৰীসকলক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে চলোৱা গুলীচালনাত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০ জনৰো অধিক লোক আহত হৈছে। প্ৰধানমন্ত্রী কে পি শর্মা অলীয়ে আজি সন্ধিয়া কাঠমাণ্ডুত নিজৰ বাসগৃহত মন্ত্ৰী পৰিষদ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ মাজত জৰুৰী বৈঠকৰ আহ্বান কৰিছে। চৰকাৰে শেহতীয়াকৈ মুখ্য সামাজিক মাধ্যমৰ মঞ্চসমূহত নিষেধাজ্ঞা, আৰোপ কৰাৰ ফলত এই প্ৰতিবাদ তীব্ৰতৰ হৈ পৰে। নিৰাপত্তাৰক্ষীৰ লোকে প্রথমে কন্দুৱা গেছ, ৰাবাৰৰ গুলী ব্যৱহাৰ কৰি প্ৰতিবাদকাৰীসকলক ছত...

September 8, 2025 11:17 PM

views 74

কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী কার্যসূচী আদি কর্মযোগী অভিযান সম্পৰ্কত তিনিচুকীয়া জিলা পৰ্যায়ত প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত

তিনিচুকীয়া জিলাত আজি কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী কার্যসূচী আদি কর্মযোগী অভিযান সম্পৰ্কত জিলা পৰ্যায়ত প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। জিলা পৰ্যায়ত আয়োজিত জিলা পৰিষদৰ সভাকক্ষত অনুষ্ঠিত কাৰ্যসূচীত জিলা আয়ুক্ত পৱিত্ৰ কুমাৰ দাসে এই কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সহযোগিতা কামনা কৰে। উল্লেখযোগ্য যে বীৰচা মুণ্ডাৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা এই অভিযানৰ অধীনত দেশৰ ভিতৰুৱা অঞ্চলৰ অনগ্ৰসৰ জনজাতীয় লোকসকলক আগুৱাই নিয়াৰ বাবে বিশেষ পদক্ষেপ গ্...

September 8, 2025 9:27 PM

views 45

ব্যৱসায়ীসকলে স্বদেশী উৎপাদনৰ ওপৰত গুৰুত্ব দিব লাগেঃ পীযুষ গোৱেল

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেলে ব্যৱসায়ীসকলে স্বদেশী উৎপাদনৰ ওপৰত গুৰুত্ব দিব লাগে বুলি জোৰ দি কয়। ইয়াৰ ফলত দেশৰ উন্নয়নত সহায়ক হোৱাৰ লগতে আর্থিক সুৰক্ষাও শক্তিশালী হ'ব বুলি তেওঁ কয়। নতুন দিল্লীত আজি ভাৰতীয় অভিযান্ত্ৰিক ৰপ্তানি বিকাশ পৰিষদৰ ৫৬ সংখ্যক ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি শ্রীগোৱেলে কয় যে প্ৰত্যাহ্বানপূর্ণ গোলকীয় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততো ভাৰত এখন ৰাষ্ট্ৰ হিচাপে একত্ৰিত হৈ আছে। মন্ত্ৰীগৰাকীয়ে ১৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ ...

September 8, 2025 11:13 PM

views 32

অভিনেত্রী নন্দিনী কাশ্যপৰ জামিন মঞ্জুৰ

কামৰূপ মহানগৰ জিলা ছেছন আদালতে পথ দুৰ্ঘটনাত ছামিউল হক নামৰ এজন ছাত্ৰৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্রেপ্তাৰ কৰা অভিনেত্রী নন্দিনী কাশ্যপৰ জামিন মঞ্জুৰ কৰিছে। অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ ভাষ্য গ্রহণৰ পাছত আদালতে অভিনেত্ৰীগৰাকীক জামিন দিয়ে। উল্লেখযোগ্য যে যোৱা ২৫ জুলাইৰ নিশা অভিনেত্ৰীগৰাকীৰ গাড়ীৰ খুন্দাত নলবাৰী পলিটেকনিকৰ অভিযান্ত্ৰিক বিভাগৰ ছাত্ৰজনৰ মৃত্যু হৈছিল।

September 8, 2025 4:08 PM

views 64

গড়গাঁও মহাবিদ্যালয়ৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস কালি অনুষ্ঠিত হয়

■ শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয়ৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস কালি অনুষ্ঠিত হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্য অতিথিৰ ভাষণত ড০ গোস্বামীয়ে কয়, যে অসমীয়া ভাষা বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু যথাযোগ্য কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মাধৱ কন্দলী, শংকৰদেৱ আদি বৰেণ্য অসমীয়া সাহিত্যিকৰ সাহিত্যৰাজীক ভাৰতত প্ৰতিষ্ঠা কৰাৰ বাবে সাহিত্য সভাই লোৱা পদক্ষেপৰ বিষয়ে তেওঁ প্ৰকাশ কৰে। ড০ গোস্বামীয়ে লগতে কয়, যে শিক্ষা ব্যৱস্...

September 5, 2025 9:12 PM

views 81

ইউক্রেইনত নিয়োজিত পশ্চিমীয়া দেশসমূহৰ সেনাও মস্কোৰ আক্ৰমণৰ লক্ষ্য হ’বঃ ভ্লাডিমিৰ পুটিন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কৈছে যে ইউক্রেইনত নিয়োজিত পশ্চিমীয়া দেশসমূহৰ সেনাও মস্কোৰ আক্ৰমণৰ লক্ষ্য হ'ব। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৱে এদিন পূর্বে ইউক্রেইনক ২৬খন দেশে সুৰক্ষা নিশ্চয়তা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পাছতে ভ্লাডিমিৰ পুটিনে ভ্লাডিভষ্টকত অনুষ্ঠিত এখন অর্থনৈতিক মঞ্চত আজি এই কথা ঘোষণা কৰে। তেওঁ লগতে এই কথাও কয় যে নাটোৱে কীভক সদস্য হিচাপে গ্ৰহণ কৰাৰ লগতে ইউক্রেইনত সেনা নিয়োগ কৰাৰ বাবেই ৰাছিয়াই ইউক্রেইন আক্ৰমণ কৰিছিল।