বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেলে ব্যৱসায়ীসকলে স্বদেশী উৎপাদনৰ ওপৰত গুৰুত্ব দিব লাগে বুলি জোৰ দি কয়। ইয়াৰ ফলত দেশৰ উন্নয়নত সহায়ক হোৱাৰ লগতে আর্থিক সুৰক্ষাও শক্তিশালী হ’ব বুলি তেওঁ কয়।
নতুন দিল্লীত আজি ভাৰতীয় অভিযান্ত্ৰিক ৰপ্তানি বিকাশ পৰিষদৰ ৫৬ সংখ্যক ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি শ্রীগোৱেলে কয় যে প্ৰত্যাহ্বানপূর্ণ গোলকীয় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততো ভাৰত এখন ৰাষ্ট্ৰ হিচাপে একত্ৰিত হৈ আছে। মন্ত্ৰীগৰাকীয়ে ১৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰি স্বদেশী সামগ্ৰী উৎপাদনৰ বাবে আহ্বান জনোৱাৰ কথাও স্মৰণ কৰে। শ্ৰীগোৱেলে কয় যে দেশৰ ১৪০ কোটি লোক আৰু ব্যৱসায়ীসকলে ভাৰতত নিৰ্মিত সামগ্ৰীৰ ওপৰত গুৰুত্ব দিব লাগে। তেওঁ জোৰ দি কয় যে দেশৰ শক্তি, বাণিজ্য তথা বাণিজ্যৰ মেৰুদণ্ড গঠন কৰা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া খণ্ডৰ ওপৰত নিৰ্ভৰশীল। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে জি এছ টিৰ হাৰ কৰ্তন আৰু সৱলীকৰণৰ জৰিয়তে প্রধানমন্ত্ৰী মোদীয়ে ঘৰুৱা চাহিদাক গুৰুত্ব প্ৰদান কৰিছে।
Assamese | September 8, 2025 9:27 PM | Akashvani | Akashvani News | Business | Piyush Goel
ব্যৱসায়ীসকলে স্বদেশী উৎপাদনৰ ওপৰত গুৰুত্ব দিব লাগেঃ পীযুষ গোৱেল