October 14, 2025 11:11 AM

views 74

বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে নৱ-নির্বাচিত ১২ জন পাৰিষদৰ আজি শপত গ্ৰহণ

বি টি চিৰ কাৰ্যবাহী সদস্য হিচাপে আজি নৱ-নির্বাচিত ১২ জন পাৰিষদে শপত গ্ৰহণ কৰিব। আজি দিনৰ ১১ বজাৰ পৰা বি টি চি বিধানসভা পৰিষদৰ সভাকক্ষত এই শপত গ্রহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মুকেশ চাহুৱে নৱ-নিৰ্বাচিত কার্যবাহী সদস্যসকলক গোপনীয়তাৰ শপত বাক্য পাঠ কৰাব কাৰ্যবাহী সদস্য হিচাপে শপত ল’বলগীয়া ১২ গৰাকী পাৰিষদৰ ভিতৰত দুগৰাকী মহিলা আছে। কোকৰাঝাৰ জিলাৰ পৰা ৫ গৰাকী, চিৰাং, ওদালগুৰি আৰু বাক্সাৰ পৰা দুগৰাকীকৈ আৰু তামুলপুৰৰ এগৰাকী পাৰিষদে আজি শপত ল’ব।

October 13, 2025 8:50 PM

views 71

বাৰেৰহণীয়া কাৰ্যসূচীৰে আজি ৩৭ সংখ্যক মৰিগাঁও জিলা দিৱস উদযাপন

বাৰেৰহণীয়া কাৰ্যসূচীৰে আজি ৩৭ সংখ্যক মৰিগাঁও জিলা দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে মৰিগাঁও জিলাৰ বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ প্ৰতিফলনৰ লগতে অসমৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজত আয়োজিত আজিৰ কাৰ্যসূচীত বিধায়ক ৰমাকান্ত দেউৰী, আছিদ মহম্মদ নাজৰ, জিলা আয়ুক্ত অনামিকা তিৱাৰী, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশ লয়। বিধায়ক শ্ৰীদেউৰীয়ে ১৯৪২ৰ আন্দোলনত ছহিদ হোৱা মৰিগাঁৱৰ তিনিগৰাকী মুক্তিযুঁজাৰু - হেমৰাম পাটৰ, গুণাভিৰাম বৰদলৈ আৰু তি...

October 13, 2025 8:48 PM

views 54

সমগ্ৰ ৰাজ্যজুৰি শুশ্রূষা সেঁতু শীৰ্ষক ৰাজ্য চৰকাৰৰ বিধানসভা সমষ্টি ভিত্তিক স্বাস্থ্য শিবিৰ মুকলি কৰি চিকিৎসা সেৱা প্ৰদান

ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যজুৰি শুশ্রূষা সেঁতু শীৰ্ষক বিধানসভা সমষ্টি ভিত্তিক স্বাস্থ্য শিবিৰ মুকলি কৰি চিকিৎসা সেৱা প্ৰদান কৰিছে। কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিত এই শিবিৰ অনুষ্ঠিত হ'ব। শিবিৰসমূহত ১৮ বছৰৰ তলৰ ল'ৰা-ছোৱালীৰ প্ৰাথমিক পৰ্যায়ত ৰোগ নিৰ্ণয় আৰু বিনামূলীয়া চিকিৎসা তথা পৰামৰ্শ প্ৰদান কৰা হ'ব। নিউ গুৱাহাটী সমষ্টিৰ বাবে কাইলৈ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত শিবিৰ মুকলি কৰা হ'ব। একেদৰে গুৱাহাটী ছেণ্ট্ৰেল বিধানসভা সমষ্টিৰ বাবে ১৬ অক্টোবৰত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় খেলপথাৰত...

October 13, 2025 8:38 PM

views 31

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ কার্ডিঅ’ পালমনেৰী ৰিচাচিটেশ্বন চমুকৈ চিপিআৰ সজাগতা সপ্তাহ মুকলি

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে আজি কার্ডিঅ' পালমনেৰী ৰিচাচিটেশ্বন চমুকৈ চিপিআৰ সজাগতা সপ্তাহ মুকলি কৰিছে। অহা ১৭ অক্টোবৰত এই সজাগতা সপ্তাহৰ সামৰণি পৰিব। চিপিআৰ সজাগতা সপ্তাহ মুকলি কৰি কেন্দ্ৰীয় স্বাস্থ্য সচিব পূন্যসলিলা শ্রীবাস্তৱে জনসাধাৰণৰ মাজত চিপিআৰ প্ৰয়োগ সামর্থ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চিপিআৰ সজাগতা সপ্তাহ সম্পর্কে চৰকাৰৰ দূৰদৰ্শী চিন্তাৰ বিষয়ে উল্লেখ কৰি স্বাস্থ্য সচিবগৰাকীয়ে কয় যে এই সজাগতা বৃদ্ধিৰ জৰিয়তে প্ৰতিখন ঘৰ, বিদ্যালয়, কাৰ্যালয় আৰু ৰাজহুৱা স্থানত অন্ততঃ...

October 13, 2025 8:30 PM

views 146

২০২৫ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল বঁটা ঘোষণা

আমেৰিকাৰ নৰ্থ ৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ অধ্যাপক জুৱেল মকয়েৰ, কলেজ দ্য ফ্রান্স আৰু লণ্ডন স্কুল অব ইক’নমিকছৰ অধ্যাপক ফিলিপ এঘিয়ন আৰু আমেৰিকাৰ ব্ৰাউন বিশ্ববিদ্যালয়ৰ অধ্যাপক পিটাৰ হয়িটলৈ এই বছৰৰ অৰ্থনীতিৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে। ৰয়েল ছুইডিচ একাডেমীয়ে আজি ষ্টকহ'মত প্ৰকাশ কৰা অনুসৰি উদ্ভাৱনী শক্তি আৰু গঠনমূলক বিঘটনেৰে কিদৰে অৰ্থনীতিৰ বিকাশ সম্ভৱ সেই বিষয়ে লাভ কৰা সফলতাৰ বাবে এই তিনিগৰাকী অধ্যাপকক এইবাৰৰ অৰ্থনীতিৰ ন’বেল পুৰস্কাৰৰ বাবে বাছনি কৰা হৈছে। এই পুৰস্কাৰৰ বাবদ এই অর্থনীতিবিদ কেইগৰাকীয়...

October 13, 2025 8:26 PM

views 48

প্রধানমন্ত্রী গতিশক্তিয়ে বৃহৎ পৰিকল্পনা আৰু সুক্ষ্ম ৰূপায়ণৰ মাজত সেঁতু হিচাপে কাম কৰিছেঃ পিয়ুছ গোৱেল

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুছ গোৱেলে আজি কয় যে প্রধানমন্ত্রী গতিশক্তিয়ে বৃহৎ পৰিকল্পনা আৰু সুক্ষ্ম ৰূপায়ণৰ মাজত সেঁতু হিচাপে কাম কৰিছে। প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় পৰিকল্পনাৰ ৪ বছৰ পূৰ্ণ হোৱা উপলক্ষে নতুন দিল্লীত অনুষ্ঠিত কাৰ্যসূচীত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপে চৰকাৰ আৰু শাসন ব্যৱস্থাৰ প্ৰতিটো খণ্ড অতিক্ৰম কৰিছে। তেওঁ লগতে কয় যে প্রধানমন্ত্রী গতিশক্তিয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সংহত পৰিকল্পনা আৰু অঞ্চলভিত্তিক উন্নয়নৰ দৃষ্টিভংগীক মূৰ্ত কৰি তুলিছে। এই অনুষ্ঠানত মন্...

October 13, 2025 8:24 PM

views 73

ৰাষ্ট্ৰপতি ভৱনত লাডাখৰ এদল মহিলা আৰু বয়োজ্যেষ্ঠক সাক্ষাৎ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত লাডাখৰ এদল মহিলা আৰু বয়োজ্যেষ্ঠক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় সংহতি ভ্ৰমণৰ অংশ হিচাপে এই দলটোৱে ৰাষ্ট্ৰপতি ভৱন পৰিদৰ্শন কৰে। মঙ্গোলীয়াৰ ৰাষ্ট্ৰপতি খুৰেলসুখ উখ্না আজি ৪ দিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। কেন্দ্রীয় অসামৰিক বিমান পৰিবহন ৰাজ্যমন্ত্ৰী মুৰলীধৰ মোহলে তেখেতক বিমান বন্দৰত আদৰণি জনায়। মঙ্গোলীয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ লগত দেশখনৰ কেবিনেট মন্ত্রী, সাংসদ, জ্যেষ্ঠ বি...

October 13, 2025 8:21 PM

views 99

গুজৰাটত আৰ পি এফৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ কেইবাটাও পদক্ষেপ ঘোষণা

ৰে'লৱে সুৰক্ষা বাহিনী আৰ পি এফত এতিয়াৰে পৰা প্ৰতি বছৰে কৰ্মচাৰী চয়ন আয়োগে নিযুক্তি পৰীক্ষাৰ ব্যৱস্থা কৰিব বুলি ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে ৰে'লৱে সুৰক্ষা বাহিনীক আধুনিক প্রযুক্তিৰে উন্নত কৰাৰ বাবে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপৰ বিষয়ে সদৰি কৰে। গুজৰাটত আজি আৰ পি এফৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয়, যে শীঘ্ৰেই আৰ পি এফৰ জোৱানসকলক উন্নত প্ৰযুক্তিৰ ভি এইচ এফ ছেট প্ৰদানৰ লগতে উন্নত ডিজিটেল প্রযুক্তি আৰু ড্রোণ চালনাৰ প্ৰশিক্ষণ দিয়া হ'ব। যো...

October 13, 2025 8:15 PM

views 57

যোৱা বছৰ কাৰ্যকৰী হোৱা তিনিখন অপৰাধ আইনে ন্যায়িক ব্যৱস্থা দ্রুত, সৰল আৰু অধিক সুলভ কৰি তুলিছেঃ গৃহমন্ত্রী

গৃহমন্ত্রী অমিত শ্বাহে কয় যে যোৱা বছৰ কাৰ্যকৰী হোৱা তিনিখন অপৰাধ আইনে ন্যায়িক ব্যৱস্থা দ্রুত, সৰল আৰু অধিক সুলভ কৰি তুলিছে। তেওঁ এই আইন সমূহ ন্যায়ৰ সহজতা নিশ্চিত কৰাৰ দিশত এই বৃহৎ পদক্ষেপ বুলি কয়। শ্ৰীশ্বাহে আজি জয়পুৰত নতুন অপৰাধ আইন কার্যকৰীকৰণৰ এবছৰ পূৰ্ণ হোৱা উপলক্ষে ৰাজ্যিক পৰ্যায়ৰ এখন প্ৰদৰ্শনী উদ্বোধন কৰাৰ পাছত অনুষ্ঠিত এখন সভাত ভাষণ দি এইদৰে কয়। তেওঁ কয় যে বিস্তৃত আলোচনা আৰু কেইবাশ লোকৰ পৰামৰ্শৰ অন্তত এই আইন প্রনয়ন কৰা হৈছে। এই আইনৰ মূল বৈশিষ্ট্যসমূহৰ ওপৰত আলোকপাত কৰি শ্ৰীশ্বাহে ...

October 13, 2025 7:51 PM

views 80

ৰাজ্যৰ ২৬ খন জিলাত কালিৰেপৰা ৩দিনীয়া কাৰ্যসূচীৰে উপ-ৰাষ্ট্ৰীয় পলিঅ’ প্রতিষেধক প্রদান কাৰ্যসূচী ৰূপায়ণ

শিশুৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে ৰাজ্যৰ ২৬ খন জিলাত কালিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে উপ-ৰাষ্ট্ৰীয় পলিঅ' প্রতিষেধক প্রদান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। গোৱালপাৰা জিলাতো ৫ বছৰ বয়সৰ ভিতৰৰ মুঠ এক লাখ ৯৬ হাজাৰ শিশুক এই বিশেষ অভিযানৰ জৰিয়তে পলিঅ' প্ৰতিষেধক প্ৰদান কৰিবলৈ লোৱা হৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাত কালি প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ প্ৰথমদিনা প্রায় ৬৫ শতাংশ শিশুক পলিঅ' দিয়া হয়। জিলাখনৰ ৩২৮ খন ঠাইত এই কাৰ্যসূচীত এহেজাৰ ৭৮ গৰাকী স্বাস্থ্যকর্মীয়ে ৫১ হাজাৰ ৭২৮ টি শিশুক প্রতিষেধক প্রদান কৰে। জিল...