স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে আজি কার্ডিঅ’ পালমনেৰী ৰিচাচিটেশ্বন চমুকৈ চিপিআৰ সজাগতা সপ্তাহ মুকলি কৰিছে। অহা ১৭ অক্টোবৰত এই সজাগতা সপ্তাহৰ সামৰণি পৰিব। চিপিআৰ সজাগতা সপ্তাহ মুকলি কৰি কেন্দ্ৰীয় স্বাস্থ্য সচিব পূন্যসলিলা শ্রীবাস্তৱে জনসাধাৰণৰ মাজত চিপিআৰ প্ৰয়োগ সামর্থ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চিপিআৰ সজাগতা সপ্তাহ সম্পর্কে চৰকাৰৰ দূৰদৰ্শী চিন্তাৰ বিষয়ে উল্লেখ কৰি স্বাস্থ্য সচিবগৰাকীয়ে কয় যে এই সজাগতা বৃদ্ধিৰ জৰিয়তে প্ৰতিখন ঘৰ, বিদ্যালয়, কাৰ্যালয় আৰু ৰাজহুৱা স্থানত অন্ততঃ এজনকৈ ব্যক্তিয়ে এই জীৱন ৰক্ষাকাৰী পদ্ধতিটোত প্রশিক্ষিত হোৱাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হ’ব।
Assamese | October 13, 2025 8:38 PM | Akashvani | Akashvani News
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ কার্ডিঅ’ পালমনেৰী ৰিচাচিটেশ্বন চমুকৈ চিপিআৰ সজাগতা সপ্তাহ মুকলি