November 11, 2025 6:25 PM

views 88

ঝাৰখণ্ডৰ ঘাটচিলা বিধানসভা সমষ্টিত আজি উপ-নির্বাচন অনুষ্ঠিত

ঝাৰখণ্ডৰ ঘাটচিলা বিধানসভা সমষ্টিত আজি উপ-নির্বাচন অনুষ্ঠিত হৈছে। নির্বাচন আয়োগৰ তথ্য অনুসৰি পুৱা ৯ বজালৈকে সমষ্টিটোত ১৭ দশমিক ৩ ৩ শতাংশ ভোটদান হৈছে। পুৱা ৭ বজাত সমষ্টিটোৰ ৩০০ টা ভোটকেন্দ্ৰত ভোটদান আৰম্ভ হয় আৰু সন্ধিয়া ৫ বজালৈকে ভোটদান অব্যাহত থাকিব। উপ-নির্বাচনত ২ লাখ ৫৫ হাজাৰৰো অধিক ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব। ৰাজ্যখনৰ শিক্ষামন্ত্ৰী তথা জে এম এমৰ বিধায়ক ৰামদাস ছোৰেনৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত উপ-নির্বাচন অনুষ্ঠিত হৈছে। উপ-নির্বাচনত মুঠ ১৩ গৰাকী প্রার্থী অৱতীৰ্ণ হৈছে যদিও প্রয়াত...

November 11, 2025 6:23 PM

views 76

দিল্লী বিস্ফোৰণত জড়িতসকলক বিচাৰৰ কাঠগড়ালৈ অনা হ’ব আৰু কঠোৰ শাস্তি বিহা হ’বঃ ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে দিল্লী বিস্ফোৰণত জড়িতসকলক বিচাৰৰ কাঠগড়ালৈ অনা হ'ব আৰু কঠোৰ শাস্তি বিহা হ'ব। নতুন দিল্লীত আজি দিল্লী প্ৰতিৰক্ষা আলোচনাত ভাষণ দি শ্ৰী সিঙে কয়, যে আগশাৰীৰ তদন্ত সংস্থাসমূহে বিস্ফোৰণৰ ঘটনাৰ পুংখানুপুংখ অনুসন্ধান কৰি আছে। তেওঁ কয়, যে তদন্তৰ তথ্যসমূহ অতি সোনকালে ৰাজহুৱা হ'ব। মন্ত্ৰীগৰাকীয়ে কালিৰ বিস্ফোৰণৰ ঘটনাত মৃত্যু হোৱা সকলৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জনায়। দিল্লী প্ৰতিৰক্ষা আলোচনা সন্দৰ্ভত শ্রী সিঙে কয়, যে প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আহি পৰা প্...

November 11, 2025 6:21 PM

views 62

ভাৰতৰ বিৰুদ্ধে হ’বলগীয়া দুখনীয়া টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বঃ সৌৰভ গাংগুলী

ভাৰতৰ জাতীয় ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে কৈছে যে ভাৰতৰ বিৰুদ্ধে হ'বলগীয়া দুখনীয়া টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। তেওঁ কয়, যে ভাৰতীয় বাতাবৰণত খেলাটো ইমান সহজসাধ্য নহয়। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ এই টেষ্ট শৃংখলাৰ প্ৰথমখন খেল ১৪ নৱেম্বৰৰ পৰা ক’লকাতাৰ ইডেন গার্ডেনত অনুষ্ঠিত হ'ব। বেংগল ক্রিকেট সংস্থাৰ অধ্যক্ষ শ্ৰী গাংগুলীৰ মতে এই খেলখনত দুয়োখন দেশৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব। ভাৰতীয় দলৰ পেছাৰ মহম্মদ চিৰাজে কয়, যে নতুন বিশ্ব টেষ্ট চেম্পিয...

November 11, 2025 6:18 PM

views 68

দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব এন আই এ-ক অৰ্পণ

দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব এন আই এ-ক অৰ্পণ কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সংস্থাটোক আজি তদন্তৰ দায়িত্ব অর্পণ কৰে। এই বিস্ফোৰণৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীক কোনো কাৰণতে ক্ষমা কৰা নহ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সকীয়াই দিয়ে। পার্বত্য ৰাষ্ট্ৰ ভূটানৰ ৰাজধানী থিঙ্কুৰ এটা অনুষ্ঠানত ভাষণ দি তেওঁ কয়, যে বিস্ফোৰণত জড়িত প্রতিজন দোষীকে কঠোৰ শাস্তি বিহা হ'ব। তেওঁ লগতে কয়, যে যোৱনিশাৰে পৰা তেওঁ দিল্লী বিস্ফোৰণৰ ঘটনাৰ তদন্তকাৰী সংস্থাসমূহৰ সৈতে যোগাযোগত আছে। তদন্ত সংস্থ...

November 11, 2025 6:15 PM

views 60

অসমত সন্ত্ৰাসবাদ মষিমূৰ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’বঃ মুখ্যমন্ত্ৰী

অসমত সন্ত্ৰাসবাদ মষিমূৰ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মন্তব্য কৰে। তেওঁ কয়, যে দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যমত আনন্দ কৰা লোকক প্রয়োজন হ’লে গ্ৰেপ্তাৰ কৰা হ'ব। তেনেলোকে আনন্দ-উল্লাস কৰি সন্ত্ৰাসবাদক সমর্থন জনাইছে বুলি তেওঁ কয়। এইসকল ব্যক্তিৰ তথ্য পৰীক্ষা কৰি গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ প্ৰকাশ কৰে। দেশত যাতে সন্ত্রাসবাদে আকৌ মূৰ দাঙি উঠিব নোৱাৰে তাৰ বাবে জনগণ একত্রিত হ'ব লাগিব বুলি...

November 11, 2025 6:09 PM

views 46

কামৰূপ জিলাৰ মুঠ ৪,৬৭৩ টা জনজাতীয় পৰিয়ালক ভূমি স্বত্ব পত্ৰ বিতৰণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

ধৰতি আবা বীৰচা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ৰাজ্যজুৰি উদযাপিত জনজাতীয় গৌৰৱ বৰ্ষ পষেকৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি কামৰূপ জিলাৰ মুঠ ৪ হাজাৰ ৬৭৩ টা জনজাতীয় পৰিয়ালক ভূমি স্বত্ব পত্ৰ বিতৰণ কৰে। বড়ো, ৰাভা, কাৰ্বি আৰু গাৰো জনগোষ্ঠীৰ এই লোকসকলক ভূমি স্বত্ব পত্র প্ৰদান কৰি জনজাতীয় লোকক ভূমিৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত এয়া অত্যন্ত গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। তেওঁ কয় যে বি টি চি, কাৰ্বি আংলঙকে ধৰি বিভিন্ন স্থানত জনজাতীয় লোকসকলে সম্প্রতি ভূমিৰ অধিকাৰ লাভ কৰিছে। অসমৰ...

November 11, 2025 6:02 PM

views 52

তামুলপুৰ জিলাৰ বিভিন্ন স্থানত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত

তামুলপুৰ জিলাৰ বিভিন্ন স্থানত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে। জিলাখনৰ বামুণঝাৰ, গুৰমৌ, শিমলাবাৰী, ঔগুৰি, টাইপাৰা, বিলপাৰাকে ধৰি ১৩ খন গাঁৱত এই ৰোগ ধৰা পৰিছে বুলি ৰাজ্যিক পশু চিকিৎসা বিভাগে তথ্য প্ৰকাশ কৰিছে। ৰাজ্যিক পশু চিকিৎ‍সালয়ৰ তথ্য অনুসৰি জিলাখনত ৪০০তকৈ অধিক গাহৰি নিধন কৰা হৈছে। এই ৰোগত আক্ৰান্ত গাহৰিসমূহ নিধন কৰিবলগীয়া হোৱাত জিলাখনৰ কৃষকসকল ক্ষতিগ্রস্ত হৈছে। পশু চিকিৎসা বিভাগে এই ৰোগ সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে কৰ্মশালাৰ আয়োজন কৰিছে। কালাকুছি, তেতেলীগুৰি, দলংপা...

November 11, 2025 6:34 PM

views 66

দিল্লীৰ বিস্ফোৰণৰ ঘটনাটোৰ পৰিপ্ৰেক্ষিতত গৃহমন্ত্রী অমিত শ্বাহৰ নতুন দিল্লীৰ বাসগৃহত উচ্চ পর্যায়ৰ বৈঠক

দিল্লীৰ লালকিল্লাৰ কাষৰীয়া এলেকাত কালি সন্ধিয়া সংঘটিত গাড়ীৰ বিস্ফোৰণৰ ঘটনাটোৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ নতুন দিল্লীৰ বাসগৃহত আজি এখন উচ্চ পর্যায়ৰ বৈঠক অনুষ্ঠিত হয়। শেহতীয়া নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে অধ্যক্ষতা কৰে। বৈঠকখনত কেন্দ্ৰীয় গৃহ সচিব, চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক, দিল্লীৰ আৰক্ষী আয়ুক্ত আৰু ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এৰ সঞ্চালকপ্ৰধানগৰাকীয়ে অংশগ্রহণ কৰে। জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ সঞ্চালকপ্ৰধানগৰাকীয়ে...

November 11, 2025 6:30 PM

views 77

বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ

বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। শেহতীয়া তথ্য অনুসৰি ৩১.৩৮ শতাংশ ভোটদান সম্পন্ন হৈছে। এই পৰ্যায়ত ২০ খনৰো অধিক জিলাৰ ১২২ টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে। মুঠ এহেজাৰ ৩০২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৩ কোটি ৭০ লাখৰো অধিক ভোটদাতাই নিৰ্ণয় কৰিব। প্ৰাৰ্থীসকলৰ ভিতৰত ১৩৬ গৰাকী মহিলা। পুৱা ৭ বজাত আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া সন্ধিয়া ৬ বজালৈকে চলিব। অৱশ্যে নিৰাপত্তাজনিত কাৰণত ৭ টা সমষ্টিত সন্ধিয়া ৫ বজাত ভোটগ্ৰহণৰ অন্ত পৰিব ৷ ভোটদান প্ৰক্ৰিয়া সুচাৰুৰূপে চলাৰ ক্ষ...

November 10, 2025 8:13 PM

views 51

তামিলনাডুৰ মায়লাদুথুৰাইৰ ১৪জন মাছমৰীয়াক মাছ ধৰি থকা অৱস্থাত গ্ৰেপ্তাৰ শ্ৰীলংকাৰ নৌসেনাৰ

তামিলনাডুৰ মায়লাদুথুৰাই জিলাৰ ১৪জন মাছমৰীয়াক আজি শ্ৰীলংকাৰ নৌসেনাই মাছ ধৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে। মাছমৰীয়াসকলে ব্যৱহাৰ কৰা এখন নাওঁ নৌসেনাই জব্দ কৰে। বাৰ্জন মাছমৰীয়া বানাকিৰৈ গাঁৱৰ আৰু বাকীসকল কুড্ডালোৰ আৰু থাৰংগম্বড়ীৰ বুলি জানিব পৰা গৈছে। তদন্তৰ বাবে মাছমৰীয়াকেইজনক কাংকেসন্তুৰাই নৌসেনাৰ শিবিৰলৈ লৈ যোৱা হৈছে।