November 24, 2025 8:31 PM

views 55

৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্বাহিদ ষ্টুডিঅ’ৰ দ্বাৰা পৰিচালিত কংকনী চুটি ছবি ঘৰ প্ৰদৰ্শিত

গোৱাত অনুষ্ঠিত হৈ থকা ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আজি শ্বাহিদ ষ্টুডিঅ'ৰ দ্বাৰা পৰিচালিত কংকনী চুটি ছবি ঘৰ প্ৰদৰ্শিত হৈ যায়। ৰবি কিশোৰ আৰু ৰোহিত খাণ্ডেকৰে মুখ্য ভূমিকা ৰূপায়ণ কৰা এই ছবিখনত এখন ঘৰ আৰু ঘৰখনৰ সদস্যসকলৰ মাজত থকা বিভিন্ন অনুভূতিসমূহ সুন্দৰভাৱে দেখুৱাবলৈ চেষ্টা কৰা হৈছে। সম্পূৰ্ণৰূপে গোৱাত চিত্ৰগ্ৰহণ কৰা এই ছবিখনৰ বাহিৰেও পূৰ্বৰ গোৱাৰ চলচ্চিত্ৰ মহোৎসৱত একে প্ৰযোজনাৰ ৫খন ছবি প্ৰদৰ্শিত হৈছে।

November 24, 2025 8:03 PM

views 67

ৰাজ্যৰ ৭ খন জিলাত আফ্রিকান ছোৱাইন ফিভাৰে ব্যাপক ৰূপ ধাৰণ

ৰাজ্যৰ কমেও ৭ খন জিলাত আফ্রিকান ছোৱাইন ফিভাৰে ব্যাপক ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জিলা কেইখনত গাহৰী সৰবৰাহ আৰু ক্ৰয় বিক্ৰী নিষিদ্ধ কৰাৰ লগতে সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। বিশ্বনাথ জিলাৰ পশু পালন আৰু পশু চিকিৎসা বিভাগ তথা বিশ্বনাথ জিলা প্রশাসনে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা লৈছে। বিশ্বনাথ উন্নয়ন খণ্ডৰ অধীনৰ উত্তৰ মৰল গাওঁ এই ৰোগৰ সংক্ৰমনৰ কেন্দ্ৰ হিচাপে চিনাক্ত হোৱাৰ পাছতে সকলো গাহৰী পালকক সতৰ্ক কৰি দিয়া হৈছে। উত্তৰ মৰল গাওঁৰ নিৰ্দিষ্ট গাহৰী পামখনক কেন্দ্ৰ হিচাপে...

November 24, 2025 7:52 PM

views 38

সাংবিধানীক ৰক্ষা কৱচ সন্দৰ্ভত ৰাজ্যিক মন্ত্রীসভাই বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত ৬৭টা বিষয় চিনাক্ত কৰিছে

সাংবিধানীক ৰক্ষা কৱচ সম্পৰ্কে বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদন সন্দৰ্ভত আজি উজান বজাৰৰ ছহিদ ন্যাসত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দই এখন সংবাদমেল সম্বোধন কৰে। অসম চুক্তি ৬ নম্বৰ দফাৰ আধাৰত কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্রতিবেদন কাৰ্যকৰীকৰণৰ সন্দৰ্ভত ছাত্ৰ সন্থাৰ নেতৃবৃন্দই অসম চৰকাৰৰ সৈতে পৰহি দিছপুৰত থকা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত তৃতীয়লানি আলোচনাত অংশগ্রহণ কৰে বুলি আজিৰ সংবাদমেলত জানিবলৈ দিয়া হয়। উল্লেখযোগ্য যে ৰা...

November 24, 2025 6:47 PM

views 55

পঞ্চম খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্রীড়া মহোৎসৱ আৰম্ভ

ৰাজস্থানত আজি পঞ্চম খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্রীড়া মহোৎসৱ আৰম্ভ হৈছে। এই মহোৎসৱত দেশৰ ২৩০খন বিশ্ববিদ্যালয়ৰ প্ৰায় ৫হাজাৰ শিক্ষাৰ্থী তথা খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। এইবাৰ ২৩বিধ খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। লগতে খো খোৰ প্ৰদৰ্শনীমূলক খেল অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাসমূহ ৰাজ্যখনৰ জয়পুৰ, উদয়পুৰ, যোধপুৰ, কোটা, আজমেৰ, ভৰতপুৰ আৰু বিকানেৰত আয়োজিত হ'ব। জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত আজি সন্ধিয়া ৬বজাত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব। মুখ্যমন্ত্রী ভজন লাল শৰ্মা, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ...

November 24, 2025 6:45 PM

views 37

দেশৰ মহিলাসকলে ততালিকে সহায় লাভ কৰাটো নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ২৪ ঘণ্টাই উপলব্ধ হেল্পলাইন নম্বৰ মুকলি

ৰাষ্ট্ৰীয় মহিলা আয়োগে দেশৰ মহিলাসকলে সংকটকালৰ ততালিকে সহায় লাভ কৰাটো নিশ্চিত কৰিবলৈ ২৪ ঘণ্টাই উপলব্ধ এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। ১৪৪৯০ বিনামূলীয়া এই হেল্পলাইন নম্বৰটো আয়োগৰ সম্প্ৰতি ব্যৱহৃত হেল্পলাইনৰ সৈতে সংযুক্ত ছুটী কোড হিচাপে ব্যৱহৃত হ'ব। ইয়াৰ ফলত কোনো বিলম্ব নোহোৱাকৈ মহিলাসকলে সহায় লাভ কৰিব পাৰিব। নম্বৰটো ব্যৱহাৰৰ ফলত হিংসা, আতিশয্য আৰু যিকোনো নিৰ্যাতনৰ বলী হোৱা মহিলাক তাৎক্ষণিকভাৱে সকাহ দিয়াটো সম্ভৱ হ'ব।

November 24, 2025 6:42 PM

views 74

দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপ জয়ী ভাৰতীয় দৃষ্টিহীন মহিলা ক্রিকেট দলক প্রধানমন্ত্ৰী মোদীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথমবাৰৰ বাবে আয়োজিত দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত জয়লাভ কৰি ইতিহাস গঢ়া ভাৰতৰ দৃষ্টিহীন মহিলা ক্রিকেট দলটোক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বার্তাত প্রধানমন্ত্রীয়ে কয়, যে ভাৰতীয় দলটোৱে সমগ্ৰ প্ৰতিযোগিতাখনত অপৰাজিত হৈ থাকি ইতিহাস গঢ়িলে। দৃষ্টিহীন মহিলাসকলৰ এই জয় কঠোৰ, পৰিশ্ৰম দলগত প্ৰদৰ্শন আৰু নিষ্ঠাৰ উজ্জ্বল উদাহৰণ বুলিও শ্রীমোডীয়ে উল্লেখ কৰে। এই কথাই ভৱিষ্যত প্ৰজন্মক প্ৰেৰণা যোগাব বুলি প্ৰকাশ কৰি তেওঁ বিজয় দলটোক প্ৰতিযোগিতাৰ প...

November 24, 2025 6:40 PM

views 46

বিশ্ব বক্সিং কাপ ফাইনেলত কৰা অনন্য প্ৰদৰ্শনৰ বাবে ভাৰতীয় খেলুৱৈসকলক প্ৰধানমন্ত্ৰী মোডীৰ অভিনন্দন

বিশ্ব বক্সিং কাপ ফাইনেলত কৰা অনন্য প্ৰদৰ্শনৰ বাবে ভাৰতীয় খেলুৱৈসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, যে ভাৰতীয় খেলুৱৈসকলে অদম্য প্ৰতিভাৰে ৯টা সোণৰ পদককে ধৰি মুঠ ২০ পদক লাভ কৰিবলৈ সমৰ্থ হ'ল। এই অভিলেখ ভংগকাৰী প্ৰদৰ্শনেৰে দেশৰ বক্সিং খেলুৱৈসকলে দেশক গৌৰৱান্বিত কৰি তুলিলে বুলিও শ্রীমোডীয়ে উল্লেখ কৰে।

November 24, 2025 6:36 PM

views 47

ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় কৃষি বিজ্ঞান সন্মিলন ২০২৫ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে নতুন দিল্লীত আজি ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় কৃষি বিজ্ঞান সন্মিলন ২০২৫ উদ্বোধন কৰে। নিজৰ ভাষণত শ্রীসিঙে দেশৰ ভৱিষ্যত সুৰক্ষাৰ বাবে ধৰিত্ৰীক সুৰক্ষিত ৰখাৰ প্ৰয়োজনৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে ভাৰতৰ বসুধৈব কুটুম্বকম বাণীৰ প্ৰতি বিজ্ঞানীসকলৰ দৃষ্টি আকৰ্ষণ কৰে। তেওঁ কয়, যে ভাৰতবৰ্ষত পৌৰাণিক কালৰে পৰা মানুহৰ লগত সকলো জীৱৰ অস্তিত্ব আৰু অধিকাৰৰ প্ৰতি সজাগ মনোভাৱ আছে। তেওঁ লগতে কৃষি ক্ষেত্ৰত আধুনিকীকৰণৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়ে। উল্লেখযোগ্য ...

November 24, 2025 6:25 PM

views 46

লাচিত বৰফুকনলৈ গৃহমন্ত্রী অমিত শ্বাহৰ শ্রদ্ধাঞ্জলি

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আহোম সেনাপতি লাচিত বৰফুকনলৈ তেওঁৰ জয়ন্তী শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰীশ্বাহে কয়, যে লাচিত বৰফুকনৰ অপৰিসীম দেশভক্তি,শৌর্য-বীৰ্য আৰু অদম্য সামৰিক নেতৃত্বই কেৱল অসমকে নহয়, বৰং সমগ্ৰ উত্তৰপূবক মোগলৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিবলৈ সমৰ্থ হৈছিল। ইয়াৰ জৰিয়তে অঞ্চলটোৰ প্ৰাচীন সাংস্কৃতিক ঐতিহ্যও সুৰক্ষিত হৈছিল বুলি উল্লেখ কৰি সামাজিক মাধ্যমৰ বাৰ্তাত গৃহমন্ত্ৰী শ্বাহে কয়, যে লাচিত বৰফুকনৰ জীৱন চিৰদিনৰ বাবে দেশভক্তিৰ অনন্য প্ৰেৰণা হৈ ৰব।

November 24, 2025 6:22 PM

views 36

বীৰ লাচিত বৰফুকনক প্রধানমন্ত্ৰী মোডীৰ শ্রদ্ধাঞ্জলি

অসমৰ আহোম শাসনকালৰ বীৰ লাচিত বৰফুকনক লাচিত দিৱসত আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও শ্রদ্ধাঞ্জলি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোডীয়ে কয়, যে দেশে লাচিত বৰফুকনক অফুৰন্ত সাহস, দেশপ্ৰেম আৰু প্ৰকৃত নেতৃত্বৰ বাবে মনত ৰাখিব। তেওঁ কয়, যে তেওঁৰ বীৰত্বই প্ৰজন্মৰ পাছত প্ৰজন্মক প্ৰেৰণা যোগাই আহিছে। অসমৰ সাংস্কৃতিক ঐতিহ্যক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত লাচিত বৰফুকনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলিও প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে।