অসমৰ আহোম শাসনকালৰ বীৰ লাচিত বৰফুকনক লাচিত দিৱসত আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও শ্রদ্ধাঞ্জলি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোডীয়ে কয়, যে দেশে লাচিত বৰফুকনক অফুৰন্ত সাহস, দেশপ্ৰেম আৰু প্ৰকৃত নেতৃত্বৰ বাবে মনত ৰাখিব। তেওঁ কয়, যে তেওঁৰ বীৰত্বই প্ৰজন্মৰ পাছত প্ৰজন্মক প্ৰেৰণা যোগাই আহিছে। অসমৰ সাংস্কৃতিক ঐতিহ্যক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত লাচিত বৰফুকনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলিও প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে।
Assamese | November 24, 2025 6:22 PM | Akashvani | Akashvani News | Lachit Borphukan | Lachit Divas
বীৰ লাচিত বৰফুকনক প্রধানমন্ত্ৰী মোডীৰ শ্রদ্ধাঞ্জলি