November 24, 2025 6:25 PM

views 35

লাচিত বৰফুকনলৈ গৃহমন্ত্রী অমিত শ্বাহৰ শ্রদ্ধাঞ্জলি

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আহোম সেনাপতি লাচিত বৰফুকনলৈ তেওঁৰ জয়ন্তী শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰীশ্বাহে কয়, যে লাচিত বৰফুকনৰ অপৰিসীম দেশভক্তি,শৌর্য-বীৰ্য আৰু অদম্য সামৰিক নেতৃত্বই কেৱল অসমকে নহয়, বৰং সমগ্ৰ উত্তৰপূবক মোগলৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিবলৈ সমৰ্থ হৈছিল। ইয়াৰ জৰিয়তে অঞ্চলটোৰ প্ৰাচীন সাংস্কৃতিক ঐতিহ্যও সুৰক্ষিত হৈছিল বুলি উল্লেখ কৰি সামাজিক মাধ্যমৰ বাৰ্তাত গৃহমন্ত্ৰী শ্বাহে কয়, যে লাচিত বৰফুকনৰ জীৱন চিৰদিনৰ বাবে দেশভক্তিৰ অনন্য প্ৰেৰণা হৈ ৰব।

November 24, 2025 6:22 PM

views 32

বীৰ লাচিত বৰফুকনক প্রধানমন্ত্ৰী মোডীৰ শ্রদ্ধাঞ্জলি

অসমৰ আহোম শাসনকালৰ বীৰ লাচিত বৰফুকনক লাচিত দিৱসত আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও শ্রদ্ধাঞ্জলি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোডীয়ে কয়, যে দেশে লাচিত বৰফুকনক অফুৰন্ত সাহস, দেশপ্ৰেম আৰু প্ৰকৃত নেতৃত্বৰ বাবে মনত ৰাখিব। তেওঁ কয়, যে তেওঁৰ বীৰত্বই প্ৰজন্মৰ পাছত প্ৰজন্মক প্ৰেৰণা যোগাই আহিছে। অসমৰ সাংস্কৃতিক ঐতিহ্যক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত লাচিত বৰফুকনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলিও প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে।

November 24, 2025 5:56 PM

views 81

আজি লাচিত দিৱস

আজি লাচিত দিৱস। শৰাইঘাটৰ যুদ্ধত মোগলৰ বিৰুদ্ধে পৰাক্ৰমেৰে যুঁজি অসম আৰু অসমীয়া জাতিক ৰক্ষা কৰা বীৰ লাচিত বৰফুকনক সুঁৱৰি প্ৰতিবছৰে ২৪ নৱেম্বৰত তেওঁৰ জয়ন্তী লাচিত দিৱস হিচাপে পালন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বীৰ পুৰুষজনাৰ ৪০৩ সংখ্যক জয়ন্তীত ৰাজ্যবাসীলৈ ওলগ জনাইছে। এই উপলক্ষে ৰাজ্য চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে ‘বীৰ লাচিত দিৱস' পালন কৰা হয়। যোৰহাট জিলাৰ হোলোঙাপাৰৰ লাচিত মৈদামত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথ...

November 24, 2025 9:15 AM

views 184

সমগ্ৰ ৰাজ্যতে লাচিত দিৱস পালন

আজি লাচিত দিৱস। শৰাইঘাটৰ যুদ্ধত মোগলৰ বিৰুদ্ধে পৰাক্ৰমেৰে যুঁজি অসম আৰু অসমীয়া জাতিক ৰক্ষা কৰা বীৰ লাচিত বৰফুকনক সুঁৱৰি প্ৰতিবছৰে ২৪ নৱেম্বৰত তেওঁৰ জয়ন্তী লাচিত দিৱস হিচাপে পালন কৰি অহা হয়। এই উপলক্ষে আজি ৰাজ্য চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে ‘বীৰ লাচিত দিৱস’ পালনৰ আয়োজন কৰা হৈছে। যোৰহাট জিলাৰ হোলোঙাপাৰৰ লাচিত মৈদামত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ শিল্...

November 24, 2024 11:03 AM

views 34

ডিব্ৰুগড়ত ৪০২ সংখ্যক বীৰ লাচিত দিৱসৰ আয়োজন

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু আহোম জাতীয় গণমঞ্চৰ উদ্যোগত ডিব্ৰুগড়ত ৪০২ সংখ্যক বীৰ লাচিত দিৱসৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলা প্ৰশাসন আৰু পথালিবাম অঞ্চলৰ ৰাইজৰ সহযোগত মৰাণৰ পানীতোলা গ্রাণ্ট মজলীয়া বিদ্যালয় খেলপথাৰত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দিনৰ ১ বজাৰ পৰা আৰম্ভ হ'বলগীয়া ৪০২ সংখ্যক বীৰ লাচিত দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী বিমল বৰাই অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহনকে ধ...