ৰাজ্যৰ কমেও ৭ খন জিলাত আফ্রিকান ছোৱাইন ফিভাৰে ব্যাপক ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জিলা কেইখনত গাহৰী সৰবৰাহ আৰু ক্ৰয় বিক্ৰী নিষিদ্ধ কৰাৰ লগতে সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। বিশ্বনাথ জিলাৰ পশু পালন আৰু পশু চিকিৎসা বিভাগ তথা বিশ্বনাথ জিলা প্রশাসনে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা লৈছে। বিশ্বনাথ উন্নয়ন খণ্ডৰ অধীনৰ উত্তৰ মৰল গাওঁ এই ৰোগৰ সংক্ৰমনৰ কেন্দ্ৰ হিচাপে চিনাক্ত হোৱাৰ পাছতে সকলো গাহৰী পালকক সতৰ্ক কৰি দিয়া হৈছে। উত্তৰ মৰল গাওঁৰ নিৰ্দিষ্ট গাহৰী পামখনক কেন্দ্ৰ হিচাপে লৈ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাসমূহক সংক্ৰমিত এলেকা আৰু ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাসমূহক পর্যাবেক্ষণ এলেকা হিচাপে চিহ্নিত কৰা হৈছে। এই নিৰ্দেশ পৰৱৰ্তী ৩০ দিন অথবা পুনৰ নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত বাহাল থাকিব বুলি জিলা প্রশাসনে প্ৰকাশ কৰিছে।
Assamese | November 24, 2025 8:03 PM | African swine fever | Akashvani News | Swine Fever
ৰাজ্যৰ ৭ খন জিলাত আফ্রিকান ছোৱাইন ফিভাৰে ব্যাপক ৰূপ ধাৰণ