ৰাষ্ট্ৰীয় মহিলা আয়োগে দেশৰ মহিলাসকলে সংকটকালৰ ততালিকে সহায় লাভ কৰাটো নিশ্চিত কৰিবলৈ ২৪ ঘণ্টাই উপলব্ধ এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। ১৪৪৯০ বিনামূলীয়া এই হেল্পলাইন নম্বৰটো আয়োগৰ সম্প্ৰতি ব্যৱহৃত হেল্পলাইনৰ সৈতে সংযুক্ত ছুটী কোড হিচাপে ব্যৱহৃত হ’ব। ইয়াৰ ফলত কোনো বিলম্ব নোহোৱাকৈ মহিলাসকলে সহায় লাভ কৰিব পাৰিব। নম্বৰটো ব্যৱহাৰৰ ফলত হিংসা, আতিশয্য আৰু যিকোনো নিৰ্যাতনৰ বলী হোৱা মহিলাক তাৎক্ষণিকভাৱে সকাহ দিয়াটো সম্ভৱ হ’ব।
Assamese | November 24, 2025 6:45 PM | Akashvani | Akashvani News
দেশৰ মহিলাসকলে ততালিকে সহায় লাভ কৰাটো নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ২৪ ঘণ্টাই উপলব্ধ হেল্পলাইন নম্বৰ মুকলি