July 2, 2024 8:34 PM

views 66

কাইলৈ নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গ্লোবেল ইণ্ডিয়া এ-আই শীর্ষ সন্মিলন ২০২৪ মুকলি কৰিব

ইলেকট্রনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাইলৈ নতুন দিল্লীত গ্লোবেল ইণ্ডিয়া এ-আই শীর্ষ সন্মিলন ২০২৪ মুকলি কৰিব। এই দুদিনীয়া সন্মিলনত কৃত্রিম বুদ্ধিমত্তা প্রয়োগ, নিৰীক্ষণ আৰু প্ৰতিভাত উদগণি তথা কৃত্রিম বুদ্ধিমত্তা খণ্ডত উদ্ভাৱনৰ প্ৰসাৰৰ বাবে বিভিন্ন বিষয় লৈ আলোচনা অনুষ্ঠিত হ'ব। মন্ত্রালয়ে কৈছে যে সন্মিলনত আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি, কৃত্রিম বুদ্ধিমত্তা বিষেজ্ঞ আৰু নীতি প্ৰণেতাসকলে অংশগ্রহণ কৰিব। ইলেকট্রনিক্স আৰু তথ্য প্ৰযুক্তি ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদে সন্মিলনৰ উদ্বোধনী অনুষ্ঠ...

July 2, 2024 8:02 PM

views 53

ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিধানসভা সমষ্টিভিত্তিক কৰ্মশালাৰ আয়োজন

গ্রীষ্ম বন্ধৰ সময়ছোৱা শিক্ষাৰ্থীসকলৰ বাবে ফলপ্রসূ কৰি তোলাৰ উপৰি তেওঁলোকৰ সাংস্কৃতিক উৎকর্ষ সাধনৰ লক্ষ্যৰে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিধানসভা সমষ্টিভিত্তিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। বিগত বছৰৰ দৰে এইবাৰো শিক্ষাৰ্থীসকলৰ সাংস্কৃতিক বুদ্ধিমত্তা বিকাশত গুৰুত্ব আৰোপ কৰি বিভাগে এই ব্যৱস্থা লৈছে। ইয়াৰ অধীনত কালিৰে পৰা চতুৰ্থ শ্ৰেণীৰ পৰা অষ্টম শ্রেণী পর্যন্ত শিক্ষাৰ্থীসকলক লৈ প্ৰতিটো বিধানসভা সমষ্টিত কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত নাটক, সত্ৰীয়া নৃত্য, লোকনৃত্য, পৰম্পৰাগত নৃত্...

July 2, 2024 7:54 PM

views 71

শুল্ক বিভাগৰ গুৱাহাটী মণ্ডলে বৰাগাঁৱৰ এটা প্ৰতিষ্ঠানত অভিযান চলাই ৫৩৬ কার্টন বিদেশী চিগাৰেট জব্দ কৰে

শুল্ক বিভাগৰ গুৱাহাটী মণ্ডলৰ দলে গোপন সূত্ৰৰ পম খেদি বৰাগাঁৱৰ এটা প্ৰতিষ্ঠানত অভিযান চলাই আজি ৫৩৬ কার্টন বিদেশী চিগাৰেট জব্দ কৰিছে। জব্দ কৰা চিগাৰেটখিনিৰ বজাৰ মূল্য ৩০ লাখ ৭৯ হাজাৰ টকা হ'ব বুলি অনুমান কৰা হৈছে। শুল্ক বিভাগে প্ৰকাশ কৰা মতে চিগাৰেটখিনি প্রতিষ্ঠানটোৰ পুৰণি আলমিৰা, ৱাশ্বিং মেচিন আৰু এটা বিকল হোৱা ফ্ৰিজৰ ভিতৰত ভৰাই ৰখা হৈছিল। শুল্ক বিভাগে মুঠ এক লাখ ৭ হাজাৰ ২০০টা চিগাৰেট জব্দ কৰে। এই সন্দৰ্ভত বিভাগে তদন্ত অব্যাহত ৰাখিছে।

July 2, 2024 7:50 PM

views 55

বানৰ বাবে যাতায়াত ব্যাহত হৈ থকা থকা গুৱাহাটী-শ্বিলং-শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে পুনৰ যাতায়াত আৰম্ভ

বানৰ বাবে যাতায়াত ব্যাহত হৈ থকা থকা গুৱাহাটী-শ্বিলং-শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে পুনৰ যাতায়াত আৰম্ভ হৈছে। যোৱা নিশাৰে পৰা পথটোৰে যাতায়াত আৰম্ভ কৰা হৈছে। উল্লেখযোগ্য যে ধাৰাসাৰ বৰষুণৰ ফলত মেঘালয়ৰ লুমছমত হোৱা ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা নামি অহা বোকা মাটিয়ে ৰাষ্ট্ৰীয় ঘাইপথটোৰ কেইবা মিটাৰ অংশ খহাই পেলোৱাৰ ফলত পথটোৰে যাতায়াত সম্পূর্ণ বন্ধ হৈ পৰিছিল। ইয়াৰ ফলত পথৰ দুয়োকাষে ভালেসংখ্যক বাহন আবদ্ধ হৈ পৰিছিল। ইয়াৰ ফলস্বৰূপে বৰাক উপ্যতকাৰ লগতে চুবুৰীয়া মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু ৰাজ্য তথা দ...

July 2, 2024 7:47 PM

views 82

দেশৰ জনসাধাৰণক ন্যায় প্ৰদানৰ লগতে নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে সোমবাৰৰ পৰা দেশত ৩ খন নতুন আইন বলবৎ

দেশৰ জনসাধাৰণক ন্যায় প্ৰদানৰ লগতে নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে কালিৰে পৰা দেশত তিনিখন নতুন আইন বলবৎ হৈছে। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম শীর্ষক এই আইন কেইখনে ন্যায় প্ৰদান আৰু সাক্ষ্য গ্রহণ প্ৰক্ৰিয়াত কেতবোৰ নতুনত্বৰ সঞ্চাৰ কৰি সমগ্ৰ প্ৰক্ৰিয়াটো পূৰ্বতকৈ সূচল কৰি তুলিব বুলি আশা কৰা হৈছে। নতুন আইন অনুসৰি আৰক্ষীয়ে এতিয়া কোনোধৰণৰ স্পষ্টিকৰণ অবিহনে ২৪ ঘণ্টাৰ বাবে সন্দেহজনক অভিযুক্তক আটক কৰিব পাৰে। আনহাতে পলাতক অৱস্থাত থকা অপৰাধীৰ বিৰু...

June 28, 2024 6:48 PM

views 60

শিৱসাগৰত খাদ্য আৰু অসামৰিক যোগান, পঞ্চায়ত আৰু অসম ৰাজ্যিক জীৱিকা অভিযানৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি শিৱসাগৰত খাদ্য আৰু অসামৰিক যোগান, পঞ্চায়ত আৰু অসম ৰাজ্যিক জীৱিকা অভিযানৰ কাম-কাজৰ পৰ্যালোচনা কৰে। শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা ভৱনত অনুষ্ঠিত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ পাছত মন্ত্ৰী দাসে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্ধাৰিত ২০ লাখ ঘৰৰ ভিতৰত ১৮ লাখ ৬০ হাজাৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰে। ইয়াৰ উপৰি তেওঁ বজাৰসমূহৰ মহলদাৰ ব্যৱস্থা সম্পূৰ্ণ ৰূপে বাতিল কৰা হ'ব বুলি জানিবলৈ দিয়ে...

June 28, 2024 12:39 PM

views 49

তেজপুৰত ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তৰ্জাতিক দিৱস পালন

তেজপুৰত ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তৰ্জাতিক দিৱস পালন কৰা হয়। এই উপলক্ষে তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে প্ৰমাণ স্পষ্টঃ প্ৰতিৰোধৰ বাবে হাত আগবঢ়াওক। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰত দেশৰ আগশাৰীৰ কেইবাগৰাকীও মনোৰোগ বিশেষজ্ঞ উপস্থিত থাকে।

June 28, 2024 12:11 PM

views 80

১ জুলাইত গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখন বাতৰি পৰিবেশন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। আগ্রহীসকলে আকাশবাণীত প্ৰচাৰৰ উপযোগী বাতৰিৰ এটা ১ মিনিটৰ অডিঅ' বাণীবদ্ধ কৰি নিজৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আৰু শিক্ষানুষ্ঠানৰ নামসহ ৯৭১৬৬-৮০৯৬৯ আৰু ৯৬১৯৬-৮৬৬৫৯ নম্বৰলৈ WHATSAPP যোগে প্ৰেৰণ কৰিব পাৰিব। আজি সন্ধিয়া ৭ বজা পর্যন্ত অডিঅ' প্ৰেৰণ কৰিব পাৰিব। নির্বাচিত তিনিগৰাকী প্ৰতিযো...

June 27, 2024 6:51 PM

views 54

আকাশবাণী গুৱাহাটী আৰু আঞ্চলিক বাতৰি বিভাগৰ প্রতিষ্ঠা দিৱসৰ সংগতি ৰাখি বাতৰি পৰিবেশনৰ প্রতিযোগিতাৰ আয়োজন

আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮ সংখ্যক প্রতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখন বাতৰি পৰিবেশন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। আগ্রহীসকলে আকাশবাণীত প্ৰচাৰৰ উপযোগী বাতৰিৰ এটা ১ মিনিটৰ অডিঅ’ বাণীবদ্ধ কৰি নিজৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আৰু শিক্ষানুষ্ঠানৰ নামসহ ৯৭১৬৬- ৮০৯৬৯ আৰু ৯৬১৯৬-৮৬৬৫৯ নম্বৰলৈ WHATSAPP যোগে প্ৰেৰণ কৰিব পাৰিব। কাইলৈ সন্ধিয়া ৭ বজা পর্যন্ত অডিঅ' প্ৰেৰণ কৰিব পাৰিব। নির্বাচিত তিনিগৰাকী প্ৰ...

June 25, 2024 7:07 PM

views 46

প্ৰেছ ইনফৰমেচন ব্যুৰ’ৰ উদ্যোগত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সংবাদমাধ্যমৰ কৰ্মশালা

অহা ১ জুলাইৰ পৰা দেশত বলৱৎ হ'বলগীয়া নতুন ফৌজদাৰী আইন সন্দৰ্ভত আজি প্ৰেছ ইনফৰমেচন ব্যুৰ'ৰ উদ্যোগত উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমাধ্যমৰ কৰ্মশালা অনুষ্ঠিত হয়। এই অনুষ্ঠানত পি আই বি উত্তৰ-পূৰ্বাঞ্চল মণ্ডলৰ সঞ্চালক প্রধান কে সতীশ নাম্বুদিৰিপাড়, অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্ৰসাদ গুপ্তাকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে।