গ্রীষ্ম বন্ধৰ সময়ছোৱা শিক্ষাৰ্থীসকলৰ বাবে ফলপ্রসূ কৰি তোলাৰ উপৰি তেওঁলোকৰ সাংস্কৃতিক উৎকর্ষ সাধনৰ লক্ষ্যৰে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিধানসভা সমষ্টিভিত্তিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। বিগত বছৰৰ দৰে এইবাৰো শিক্ষাৰ্থীসকলৰ সাংস্কৃতিক বুদ্ধিমত্তা বিকাশত গুৰুত্ব আৰোপ কৰি বিভাগে এই ব্যৱস্থা লৈছে। ইয়াৰ অধীনত কালিৰে পৰা চতুৰ্থ শ্ৰেণীৰ পৰা অষ্টম শ্রেণী পর্যন্ত শিক্ষাৰ্থীসকলক লৈ প্ৰতিটো বিধানসভা সমষ্টিত কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত নাটক, সত্ৰীয়া নৃত্য, লোকনৃত্য, পৰম্পৰাগত নৃত্য, চাৰু-কাৰু কলা বিষয়ক ১৫ দিনীয়া প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। সবিশেষ তথ্যৰ বাবে ইচ্ছুক শিক্ষার্থীসকলক সংশ্লিষ্ট জিলাৰ সাংস্কৃতিক উন্নয়ন বিষয়া, ভাৰপ্ৰাপ্ত সাংস্কৃতিক উন্নয়ন বিষয়া তথা সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে। শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে ছাত্ৰ-ছাত্ৰীসকলক এই কর্মশালাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
Assamese | July 2, 2024 8:02 PM | Akashvani | Akashvani News | Assam
ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিধানসভা সমষ্টিভিত্তিক কৰ্মশালাৰ আয়োজন