June 25, 2024 7:07 PM

views 73

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ১০খন জিলাৰ ৬৩১ খন গাঁৱৰ এক লাখ ৭০ হাজাৰতকৈ অধিক লোক বানৰ কবলত আছে। ১৩ হাজাৰতকৈও অধিক ক্ষতিগ্রস্ত লোকক সহায় কৰিবৰ বাবে ১০২টা আশ্রয় শিবিৰ আৰু ৩৮টা সাহায্য বিতৰণ কেন্দ্ৰ সক্ৰিয় ৰখা হৈছে। বানত ২১ হাজাৰৰো অধিক পশুধনৰ ক্ষতি হৈছে।

June 25, 2024 6:50 PM

views 65

৩০ জুনত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। অনুষ্ঠানটিৰ এই খণ্ডটিৰ বাবে শুকুৰবাৰ পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। এয়া হ'ব অনুষ্ঠানটোৰ ১১১ সংখ্যক খণ্ড আৰু শ্ৰীমোদী একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰ...

June 18, 2024 8:19 PM

views 65

শিলাদিত্য চেতিয়াৰ আত্মহননৰ ঘটনাত অসম আৰক্ষীৰ গভীৰ শোক প্ৰকাশ

ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব তথা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া শিলাদিত্য চেতিয়াৰ আত্মহননৰ ঘটনাত অসম আৰক্ষীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে এই বিষয়ে প্ৰকাশ কৰি কয় যে, দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা চেতিয়াৰ পত্নীৰ বিয়োগৰ পাছতেই তেওঁ এই ঘটনা সংঘটিত কৰে। এই ঘটনা অসম আৰক্ষী শোকস্তব্ধ হৈ পৰিছে বুলি শ্ৰী সিঙে মন্তব্য কৰে। উল্লেখযোগ্য যে ২০০৯ চনত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া চেতিয়াই বিভিন্ন জিলাত দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিল৷

June 18, 2024 7:44 PM

views 57

দিল্লীৰ সেনা বাহিনীৰ ৰিচাৰ্ছ এণ্ড ৰেফাৰেল হস্পিতালত অত্যাধুনিক মানৱ ছালৰ বেংক মুকলি

নতুন দিল্লীৰ সেনা বাহিনীৰ ৰিচাৰ্ছ এণ্ড ৰেফাৰেল হস্পিতালত এটা অত্যাধুনিক মানৱ ছালৰ বেংক মুকলি কৰিছে। সশস্ত্র বাহিনীৰ চিকিৎসা সেৱা প্ৰতিষ্ঠানসমূহৰ ভিতৰত পোনপ্ৰথমবাৰৰ বাবে এনেধৰণৰ বেংক স্থাপন কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে, সেনাবাহিনীত কৰ্মৰত সৈনিকসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ গুৰুতৰভাৱে জুয়ে পোৰা ছাল আৰু ছালৰ সৈতে জড়িত অন্যান্য সমস্যাসমূহৰ চিকিৎসাৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন সাধনৰ লক্ষ্যৰে এই যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰা হৈছে। সৈন্য বাহিনীৰ চিকিৎসা সেৱাৰ সঞ্চালকপ্ৰধান আৰু কৰ্ণেল...

June 18, 2024 5:47 PM

views 60

শ্ৰীলংকাৰ নৌসেনাই ৪ জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ কৰে

শ্ৰীলংকাৰ নৌসেনাই আজি ৪ জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ কৰে। পুডুকোট্টইৰ এই মাছমৰীয়াকেইজনে নেডুনথিবুৰ সমীপত মাছ মাৰি থকা অৱস্থাত শ্ৰীলংকাৰ নৌসেনাই দেশখনৰ জলক্ষেত্ৰত প্ৰৱেশ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। মাছমৰীয়াকেইজনক অধিক সোধাপোছাৰ বাবে কাংকেছহুৰাইলৈ লৈ যোৱা হৈছে।

June 18, 2024 5:45 PM

views 76

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ড আৰু মিতালী ঠাকুৰীয়াৰ ন্যায়াধীশ হিচাপে শপতগ্ৰহণ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ড আৰু মিতালী ঠাকুৰীয়াই আজি ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুয়ে ন্যায়াধীশ দুগৰাকীক শপতবাক্য পাঠ কৰোৱায়।

June 18, 2024 6:44 PM

views 65

বিটিআৰত দুদিনীয়া বাজেট অধিৱেশনৰ আৰম্ভ

বিটিআৰত আজি দুদিনীয়া বাজেট অধিৱেশনৰ আৰম্ভ হৈছে। বিটিআৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৱে প্ৰথম দিনাৰ অধিৱেশনত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে প্ৰায় ২ হাজাৰ ২০০ কোটি টকাৰ বাজেট দাখিল কৰে।

June 18, 2024 5:36 PM

views 55

ৰাজ্যৰ ১৪খন জিলাৰ কমেও এক লাখ লোক বানত ক্ষতিগ্ৰস্ত

বিগত কিছু দিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত পুনৰ ভালেমান অঞ্চল প্লাবিত হৈছে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধীকৰণৰ তথ্য অনুসৰি এই পৰ্যন্ত ৰাজ্যৰ ১৪খন জিলাৰ কমেও এক লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কোকৰাঝাৰ, নলবাৰী, কৰিমগঞ্জত বিগত ২৪ ঘণ্টাত বৰষুণৰ ফলত বান পৰিস্থিতিৰ অবনতি ঘটিছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰা অনুসৰি এতিয়ালৈ ৰাজ্যত তিনিশৰো অধিক গাঁও বানৰ কবলত পৰিছে। বানত তামুলপুৰ, বঙাইগাঁও, কোকৰাঝাৰ, কৰিমগঞ্জ, লখিমপুৰ, ওডালগুৰি, দৰং, ধেমাজি, নগাঁও, হোজাই, চিৰ...

June 18, 2024 5:06 PM

views 71

ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত এই পর্যন্ত ১৪খন জিলাৰ ১ লাখ লোক বানত ক্ষতিগ্ৰস্ত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ ভালেমান অঞ্চল বাঢ়নি পানীয়ে বুৰাই পেলাইছে। এই পর্যন্ত ৰাজ্যৰ ১৪খন জিলাৰ এক লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কোকৰাঝাৰ, নলবাৰী, কৰিমগঞ্জত বিগত ২৪ ঘণ্টাত প্রবল বৃষ্টিপাতৰ ফলত বান পৰিস্থিতি অবনতি ঘটিছে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰা অনুসৰি ৰাজ্যত তিনিশৰো অধিক গাঁও বানৰ কবলত পৰিছে। বানত তামুলপুৰ, বঙাইগাঁও, কোকৰাঝাৰ, কৰিমগঞ্জ, লখিমপুৰ, ওডালগুৰি, দৰং, ধেমাজি, নগাঁও, হোজাই, চিৰাং, বৰপেটা, বাক্সা, নলবাৰী, গোৱালপাৰা জিলা ব্যাপকভাৱে ক...

June 18, 2024 4:59 PM

views 71

৩০ জুনত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ জুনত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হব অনুষ্ঠানটিৰ ১১১ সংখ্যক আৰু শ্ৰীমোদী একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে প্রধানমন্ত্রী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হবলগীয়া প্ৰথম খণ্ড। প্রধানমন্ত্ৰষ্ঠীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগ...