May 30, 2024 2:18 PM

views 47

পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকা নগাঁৱৰ ৱাহিদা বেগম অৱশেষত স্বদেশত উপস্থিত

পাকিস্তানৰ কাৰাগাৰত নাবালক পুত্ৰসহ ডেৰ বছৰে বন্দী হৈ থকা নগাঁৱৰ ৱাহিদা বেগম অৱশেষত কালি স্বদেশত উপস্থিত হ’ল। দিল্লীৰ আৰু সীমান্ত অঞ্চল পঞ্জাবত আইনী কামকাজ সম্পন্ন কৰাৰ পাছতে তেওঁ দুই-এদিনতে নগাঁৱৰ স্বগৃহত উপস্থিত হ'ব। মহিলাগৰাকীক ১১ বছৰীয়া পুত্ৰসহ পঞ্জাবৰ ৱাঘা সীমান্তত পাকিস্তান চৰকাৰে ভাৰতীয় কৰ্তৃপক্ষক হস্তান্তৰ কৰিছিল। উল্লেখ্য যে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপতে ৱাহিদা বেগমে স্বদেশলৈ ঘূৰি আহিবলৈ সক্ষম হোৱা বুলি তেওঁৰ মাতৃয়ে জানিবলৈ দিছে।

May 30, 2024 1:49 PM

views 63

মাজুলীত ভোটগণনাত অংশ ল’বলগীয়া ৩৬ গৰাকী গণনা তত্ত্বাৱধায়ক আৰু সহকাৰী গাণনিকক প্ৰশিক্ষণ

মাজুলীত কালি ভোটগণনাত অংশ ল'বলগীয়া ৩৬ গৰাকী গণনা তত্ত্বাৱধায়ক আৰু সহকাৰী গাণনিকৰ প্ৰশিক্ষণ অনুষ্ঠিত৷ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ৬০ গৰাকী ভোটগণনাকাৰী বিষয়াক জিলা প্ৰশাসনৰ তৰফৰ পৰা দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত শদিয়া বিধানসভা সমষ্টিত ভোটগণনাৰ বাবে নিয়োজিত ৮৬ গৰাকী বিষয়া-কৰ্মচাৰীক কালি ভোট গণনাৰ প্ৰশিক্ষণ দিয়া হয়। ইফালে, ৰাজ্যিক নির্বাচন আয়োগেও ৪ জুনৰ ভোটগণনাৰ বাবে নিৰাপত্তা ব্যৱস্থাকে ধৰি সকলো প্ৰস্তুতি গ্ৰহণ কৰাৰ বাবে...

May 28, 2024 5:28 PM

views 59

ৰাজ্যত ধুমুহা-বৰষুণৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱাৰ লগতে ১২ গৰাকী শিক্ষার্থীসহ ১৭ জন লোক আহত

ৰাজ্যত আজি  প্ৰবল ধুমুহা-বৰষুণৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১২ গৰাকী শিক্ষার্থীসহ ১৭ জন লোক আহত হৈছে। মৰিগাঁও জিলাৰ ধূপগুৰিত এগৰাকী ছাত্ৰৰ গাত গছ বাগৰি পৰাৰ ফলত মৃত্যুমুখত পৰে। আনফালে, গেৰুকামুখত এন এইচ পি চি প্ৰকল্পৰ কৰ্মী এগৰাকীৰ ভূমি স্খলনৰ ফলত মৃত্যু ঘটে। বংগোপ সাগৰত সৃষ্টি হোৱা ৰেমল ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যৰ বিভিন্ন ঠাইত ধাৰাসাৰ বৰষুণ হৈ আছে আৰু কেইবাখনো জিলাত সতর্কতা জাৰি কৰা হৈছে। চৰকাৰী সংস্থাসমূহে বঙাইগাঁও, দৰং, ধুবুৰী, হোজাই, কামৰূপ, কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, শোণিতপুৰ আৰু দক্ষি...

May 25, 2024 7:56 PM

views 56

ধুবুৰীৰ ৰামৰায়কুঠি সত্ৰৰ সত্ৰাধিকাৰ জীতেন্দ্ৰ নাথ প্ৰধানীক মাধৱদেৱ বঁটা প্ৰদান

ধুবুৰীৰ ৰামৰায়কুঠি সত্ৰৰ সত্ৰাধিকাৰ জীতেন্দ্ৰ নাথ প্ৰধানীক এইবাৰৰ মাধৱদেৱ বঁটা প্ৰদান কৰা হৈছে। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱৰ সৈতে সংগতি ৰাখি ঐতিহ্যমণ্ডিত সুন্দৰীদিয়া সত্ৰত যোৱা নিশা আয়োজিত এখন ধর্মালোচনা সভাত সত্ৰাধিকাৰগৰাকীক এই বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে, সুন্দৰীদিয়া সত্ৰই প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি আহিছে। ৰাজ্যৰ আন ভিন ভিন স্থানৰ লগতে বৰপেটা আৰু সুন্দৰীদিয়া সত্ৰত অনুষ্ঠিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱৰ আজি সামৰণি পৰে ...

May 25, 2024 7:33 PM

views 50

আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে ৪ জুনত জনাদেশ-২০২৪ শীর্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব

♦ আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে অহা ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ-২০২৪ শীর্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতত ভোটগণনাৰ শেহতীয়া তথ্য সম্পর্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ’ব। অনুষ্ঠানটো পুৱা ৯ বাজি ১৫ মিনিটৰ পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো NEWS ON AIR এপ, আমাৰ ইউটিউব চেনেল AIR NEWS GUWAHATI আৰু X হেণ্ডে...

May 25, 2024 6:36 PM

views 49

ঠেঙ্গাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিষ্ঠাপক মুখ্য উপদেষ্টা তথা নন্দনাথ শ‍ইকীয়া মহাবিদ্যালয়ৰঅৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ যোগেশ্বৰ বৰাক জংগ বাহাদুৰ ঠেঙ্গাল ৰত্ন বঁটা প্ৰদান

ঠেঙ্গাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিষ্ঠাপক মুখ্য উপদেষ্টা তথা যোৰহাটৰ তিতাবৰৰ নন্দনাথ শ‍ইকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ যোগেশ্বৰ বৰাক আজি জংগ বাহাদুৰ ঠেঙ্গাল ৰত্ন বঁটা প্ৰদান কৰা হয়। ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ আত্ম প্রতিষ্ঠা আৰু একত্ৰিত কৰাৰ ক্ষেত্ৰত আগ বঢ়োৱা জীৱন যোৰা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক এই বঁটা প্ৰদান কৰা হয়। ঠেঙ্গাল কছাৰী সাহিত্য সংস্কৃতি সভাৰ সভাপতি মহেন্দ্ৰ শ‍ইকীয়াই আজি তিতাবৰৰ ঠেঙ্গাল কছাৰী সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ৰ সভা কক্ষত আয়োজিত এটা অনুষ্ঠানত এই ব...

May 25, 2024 6:09 PM

views 49

ৰাজ্যৰ ভিন্নত অনুষ্ঠিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱৰ আজি সামৰণি

ৰাজ্যৰ আন ভিন ভিন স্থানৰ লগতে বৰপেটা আৰু সুন্দৰীদিয়া সত্ৰত অনুষ্ঠিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱৰ আজি সামৰণি পৰে। বৰপেটা সত্ৰত দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজিত অনুষ্ঠানৰ আজি আইসকলৰ নামেৰে সামৰণি মৰা হয়। আনহাতে, সুন্দৰীদিয়া সত্ৰত তিনিদিনীয়াকৈ আয়োজিত কাৰ্য্যসূচীৰ সৈতে সংগতি ৰাখি সত্ৰৰ দালান তথা মূল প্ৰৱেশ পথৰ সন্মুখৰ পৰা আজি এটা ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাই সমগ্ৰ সুন্দৰীদিয়া অঞ্চল পৰিভ্ৰমণ কৰে। আনহাতে, ইয়াৰ পূৰ্বে যোৱা নিশা আয়োজিত ধর্মালোচনা সভ...

May 18, 2024 10:38 PM

views 42

সম্ভাৱ্য দুৰ্যোগ নিবাৰণৰ বাবে বিভিন্ন জিলাত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ কেতবোৰ কাৰ্যপন্থা গ্ৰহণ

ৰাজ্যৰ বিভিন্ন জিলাত দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষ আইনৰ অধীনত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণসমূহে সম্ভাৱ্য দুৰ্যোগ নিবাৰণৰ বাবে কেতবোৰ কাৰ্যপন্থা হাতত লৈছে। এই উপলক্ষে কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত ছাট্টাৱানে মহানগৰীত ভূমিস্খলন আৰু কৃত্ৰিম বানৰ সমস্যা ৰোধ কৰাৰ লগতে দুৰ্যোগৰ সময়ত হোৱা প্ৰাণহানি ৰোধ কৰাৰ বাবে মহানগৰীখনৰ পাহাৰীয়া অঞ্চলসমূহৰ লগতে জলাশয় আৰু নিম্ন অঞ্চলসমূহত বাৰিষাৰ কালছোৱাত খনন কাৰ্য নকৰিবলৈ নিৰ্দেশ দিছে। যোৰহাটতো জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত জিলা দুর্যোগ ব্যৱস্থাপনা প্...

May 18, 2024 10:29 PM

views 57

আজি আন্তৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস

◊ আজি আন্তৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস। এই উপলক্ষে তেজপুৰ বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক অধ্যয়ন বিভাগৰ উদ্যোগত যোৱা ১৩ মে'ৰ পৰা আয়োজন কৰা সপ্তাহযোৰা কাৰ্যসূচীৰ আজি সামৰণি পৰে। কাৰ্যসূচীৰ অংশ হিচাপে শোণিতপুৰ জিলা সংগ্ৰহালয়ৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে তেজপুৰৰ ঐতিহ্যমণ্ডিত স্থানসমূহ পৰিদৰ্শনৰ ব্যৱস্থা কৰা হয়। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু তেজপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিনিধিত্বমূলকভাৱে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীৰ জিলা আয়ুক্তই শুভাৰম্ভ কৰে। দলট...

May 18, 2024 9:59 PM

views 54

দুদিনীয়াকৈ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতত প্ৰগতিশীল পথ সন্দৰ্ভত সন্মিলনৰ আয়োজন

◊ আইন আৰু ন্যায় মন্ত্ৰালয়ে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতত প্ৰগতিশীল পথ সন্দৰ্ভত এখন সন্মিলনৰ আয়োজন কৰিছে । সন্মিলনৰ আজি প্ৰথম দিনাৰ উদ্বোধনী কাৰ্যসূচীত আইন আৰু ন্যায় মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত শ্রীমেঘৱালে সন্মিলনখনে নির্দিষ্ট বিষয় সন্দৰ্ভত সফলতাৰে আলোকপাত কৰিবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰে। তেওঁ লগতে আইন ব্যৱস্থা বিৱৰ্তনৰ সৈতে পলাশী যুদ্ধ, ব্ৰিটিছ শাসনকালৰ দমনমূ...