December 19, 2024 5:49 PM

views 57

অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে কেৰালা আৰু পশ্চিমবংগৰ আৰক্ষীৰে যুটীয়া অভিযানত ৮ জন মৌলবাদী সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে কেৰালা আৰু পশ্চিমবংগৰ আৰক্ষীৰ সৈতে যুটীয়াভাৱে চলোৱা অভিযানত ৮ জন মৌলবাদী সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ ভিতৰত কেৰালাৰ পৰা গ্ৰেপ্তাৰ কৰা এজন অভিযুক্ত বাংলাদেশী নাগৰিক বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। প্ৰঘাত নামৰ অভিযানৰ অধীনত চোৰাংচোৱাৰ তথ্যৰ পম খেদি আৰক্ষীয়ে ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপ প্রতিহত কৰাৰ চেষ্টা চলায়। আজি গুৱাহাটীৰ উলুবাৰী অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান হৰমিত সিঙে আৰক্ষী মহাপৰিদৰ্শক পার্থসাৰথি মহন্তৰ উপ...

December 18, 2024 2:07 PM

views 42

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কৰ ভাৰত ভ্ৰমণৰ সময়ত জাৰি কৰা যুটীয়া বিবৃতিৰ প্ৰশংসা প্ৰাক্তন ৰাষ্ট্ৰপতি ৰানিল বিক্রম সিংঘৰ

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰানিল বিক্রম সিংঘেই দেশখনৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কেৰ শেহতীয়া ভাৰত ভ্ৰমণৰ সময়ত জাৰি কৰা যুটীয়া বিবৃতিৰ প্ৰশংসা কৰিছে। কলম্বোত জাৰি কৰা এটা বিবৃতিত প্রাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে এই ঘটনাৰাজিৰ প্ৰতি আদৰণি জনাইছে আৰু এই যুটীয়া বিবৃতিটোৱে ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সহযোগিতা সুদৃঢ় কৰিব বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি দিশানায়কেৰ মাজত অনুষ্ঠিত সৰ্বাত্মক আলোচনাৰ পাছত এই যুটীয়া বিবৃতিটো জাৰি কৰা হৈছিল৷

December 18, 2024 10:37 AM

views 50

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা প্ৰদান

সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে কালি চলিত বৰ্ষৰ বাবে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা প্ৰদান কৰে। সমিতিয়ে বিগত বৰ্ষৰ পৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নাম ভূমিকাত অভিনয় কৰা শিল্পী আইদেউ সন্দিকৈৰ সোঁৱৰণত তেওঁৰ মৃত্যু তিথি ১৭ ডিচেম্বৰৰ দিনা অসমৰ একোগৰাকীকৈ মহিলা শিল্পীক এই বঁটা প্ৰদান কৰি আহিছে। কালি বঁটা প্ৰদান অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত মুকলি সভাত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছা প্ৰম...

December 13, 2024 6:28 PM

views 38

বিশিষ্ট শিক্ষাবিদ, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য তথা শিক্ষা বিভাগৰ প্ৰাক্তন উপদেষ্টা ড° মিহিৰকান্তি চৌধুৰীৰ মৃত্যু

বিশিষ্ট শিক্ষাবিদ, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য তথা শিক্ষা বিভাগৰ প্ৰাক্তন উপদেষ্টা ড° মিহিৰকান্তি চৌধুৰীৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ। খড়গপুৰৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, জাৰ্মানীৰ ব'চামৰ ৰুৰ বিশ্ববিদ্যালয় আৰু কল্যাণী বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰা ড০ চৌধুৰী এগৰাকী প্ৰসিদ্ধ অজৈৱ ৰসায়নবিদ হিচাপে দেশ বিদেশত পৰিচিত আছিল। গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ লগতে দেশৰ কেইবাখনো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত ৬০ চৌধুৰীয়ে অধ্যাপকৰূপ...

November 30, 2024 7:27 PM

views 54

কাহিলীপাৰাৰ সমগ্ৰ শিক্ষা অভিযান কাৰ্যালয়ত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ জ্ঞানৰ ই-কক্ষ মুকলি

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি কাহিলীপাৰাৰ সমগ্ৰ শিক্ষা অভিযান কাৰ্যালয়ত জ্ঞানৰ ই-কক্ষ মুকলি কৰে। ই-কক্ষ আছাম ইউটিউব চেনেলৰ জৰিয়তে বিদ্যালয়ৰ লগতে ঘৰৰ পৰাও শিক্ষার্থীয়ে পাঠ গ্ৰহণ কৰিব পাৰিব বুলি শিক্ষা মন্ত্রী ডাঃ পেগুৱে প্ৰকাশ কৰে। শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ উপস্থিতিত ই-কক্ষ মুকলি কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে, প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ সকলো পাঠ্যক্ৰমৰ ভিডিঅ' পাঠদান এই ইউটিউব চেনেলত উপলব্ধ হ'ব। অভিজ্ঞ শিক্ষকসকলৰ দ্বাৰা অসমীয়া ভাষাত সকলো পাঠৰ ভিডিঅ’ প্ৰস্তুত কৰা হৈছে ব...

November 30, 2024 7:22 PM

views 43

আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত সংবিধান দিৱস বিষয়ক অনুষ্ঠান প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ইয়াৰ সাপ্তাহিক দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত সংবিধান দিৱস বিষয়ক এটা অনুষ্ঠানৰ প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ভাৰতীয় সংবিধানৰ গুৰুত্ব আৰু নাগৰিকৰ কৰ্তব্য আৰু অধিকাৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আৰু সমাজৰ বিভিন্ন শ্রেণীৰ লোকে মতামত ব্যক্ত কৰিব। অনুষ্ঠানটি প্রযোজনা কৰিব ৰাজীৱ লোচন বৰঠাকুৰে।

November 30, 2024 7:18 PM

views 48

ৰাজ্যৰ বিভিন্ন জিলাত অহা ৩ ডিচেম্বৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত

ৰাজ্যৰ বিভিন্ন জিলাত অহা ৩ ডিচেম্বৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত হ'ব। এই উৎসৱৰ সময়ছোৱাত জিলাসমূহৰ চিকিৎসালয়, স্বাস্থ্য কেন্দ্ৰ আদিৰ চিকিৎসা সেৱা আৰু আন্তঃগাথনি মূল্যায়ন কৰা হ'ব। কামৰূপ মহানগৰ জিলাৰ ৫৬ টা স্বাস্থ্য কেন্দ্ৰত এই কাৰ্যসূচী অনুষ্ঠিত হব। আজি কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত এখন সংবাদমেলত জিলাখনৰ আয়ুক্ত সুমিত চট্টাৱানে এই বিষয়ে প্ৰকাশ কৰে। মহানগৰীৰ এখন জিলা চিকিৎ‍সালয়, এটা সমূহীয়া স্বাস্থ্য কেন্দ্র, দুখন প্রাথমিক চিকিৎসা কেন্দ্ৰ আৰু ৪৭ টা প্ৰাথমি...

November 30, 2024 6:15 PM

views 43

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে ৫ ডিচেম্বৰত WALK-IN INTERVIEW

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে অহা ৫ ডিচেম্বৰ বৃহস্পতিবাৰে বাতৰি বিভাগৰ সঞ্চালকৰ কক্ষত এটা WALK-IN INTERVIEW অনুষ্ঠিত হ'ব। ২১ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ স্নাতক প্রার্থীয়ে এই সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰাৰ্থীৰ কম্পিউটাৰ বিষয়ক সম্যক জ্ঞান, আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠান সম্পৰ্কীয় সাধাৰণ জ্ঞান থকাৰ লগতে কণ্ঠ বাণীবন্ধন আৰু সম্পাদনাৰ জ্ঞান থাকিব লাগিব। প্রার্থী গুৱাহাটী মহানগৰীৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত বাস কৰা হ'ব লাগিব। SOCIAL MEDIA অর্থাৎ সামাজি...

November 29, 2024 8:29 PM

views 49

কাৰ্বি আংলং জিলাত অহা ৩ৰ পৰা ৫ ডিচেম্বৰলৈ তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ

কাৰ্বি আংলং জিলাত অহা ৩ৰ পৰা ৫ ডিচেম্বৰলৈ তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত হ'ব। জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক বৰচিং ৰংপীয়ে এই বিষয়ে জানিবলৈ দিয়ে। জিলাখনত শিক্ষাৰ লগতে স্বাস্থ্য খণ্ডৰো গুণগত মান আৰু সেৱা উন্নত কৰা পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ সংবাদ মাধ্যমক অৱগত কৰে। জিলাখনৰ ৩৬ খন চিকিৎসালয়ক অন্তর্ভুক্ত কৰি এই সেৱা উৎসৱ অনুষ্ঠিত হ'ব। স্বাস্থ্য সেৱা উৎসৱৰ মূল্যায়ক হিচাপে ভাৰতীয় অসামৰিক সেৱা বিষয়াকে ধৰি ডিফুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকল উপস্থিত থাকিব। ৩ দিনীয...

November 29, 2024 8:13 PM

views 47

গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত আজি নশ্বৰ দেহ কঢ়িওৱা ‘মুক্তিথ’ নামৰ এখন বিনামুলীয়া বাহন মুকলি

গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত আজি নশ্বৰ দেহ কঢ়িওৱা মুক্তিথ নামৰ এখন বিনামুলীয়া বাহন মুকলি কৰা হয়। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই ফেডাৰেল বেংক পল্টন বজাৰ শাখাৰ সহযোগত মুকলি কৰা এই সেৱাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে নেহৰু ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰীশৰণীয়াই কয়, যে গুৱাহাটীৰ বাসিন্দাৰ বাবে বিনামুলীয়াকৈ আগবঢ়োৱা এই সেৱাই সৰ্বসাধাৰণ ৰাইজক বিশেষ সুবিধা আগবঢ়াব। অন্তেষ্টিক্ৰিয়াৰ খৰছ বহন কৰিব নোৱাৰা পৰিয়ালক সকাহ দিয়াৰ বাবে এই সেৱা মুকলি কৰা হৈছে বুলি তেওঁ কয়। এই মুক্তিৰথ বা...