April 4, 2025 6:02 PM

views 49

২০২৫ বৰ্ষৰ বিশ্বকাপ বক্সিঙৰ ফাইনেলত স্থান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে বিবেচিত ভাৰতীয় বক্সাৰ হিতেশ

ভাৰতীয় বক্সাৰ হিতেশ, ব্রাজিলত অনুষ্ঠিত ২০২৫ বৰ্ষৰ বিশ্বকাপ বক্সিং প্রতিযোগিতাৰ ফাইনেলত স্থান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে বিবেচিত হৈছে। প্ৰতিযোগিতাৰ পুৰুষৰ ৭০ কিলোগ্রাম শাখাত তেওঁ ফ্ৰান্সৰ মাকান ট্ৰাওৰেক ৫-০ ব্যৱধানত পৰাস্ত কৰে। এই প্রতিযোগিতাৰ ৫০ কিলোগ্রাম শাখাত যদুমণি সিং, ৬০ কিলোগ্রাম শাখাত শচীন ছিৱাচ আৰু ৯০ কিলোগ্রাম শাখাত বিশালে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে।

April 4, 2025 5:12 PM

views 41

আন্তর্জাতিক কল্যাণ ত্বৰান্বিত কৰাৰ হকে বিমষ্টেক এখন উল্লেখযোগ্য মঞ্চঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তর্জাতিক কল্যাণ ত্বৰান্বিত কৰাৰ হকে বিমষ্টেক এখন উল্লেখযোগ্য মঞ্চ বুলি মত প্ৰকাশ কৰি কয়, যে বিমষ্টেক অধিক শক্তিশালী হোৱাটো প্রয়োজন। বেংককত অনুষ্ঠিত ষষ্ঠ বিমষ্টেক শীর্ষ সন্মিলনত প্রধানমন্ত্ৰীগৰাকীয়ে সহযোগিতাৰ বিভিন্ন দিশ সামৰি ২১ দফীয়া কাৰ্য পৰিকল্পনাৰ প্ৰস্তাৱ আগবঢ়ায়। বিমষ্টেকৰ ৰাষ্ট্ৰসমূহৰ মাজত ব্যৱসায় ত্বৰান্বিত হোৱা উচিত বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে বিমস্টেক চেম্বাৰ অব্ কমাৰ্চ স্থাপন কৰাৰ বিষয়ে ঘোষণা কৰে তথা প্ৰতিবছৰে বিমষ্টেক বাণিজ্য শীৰ্ষ সন্মিলনৰ ...

April 4, 2025 5:06 PM

views 35

সংসদত ৱক্‌ফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত হোৱাটো ঐতিহাসিক বুলি অভিহিত গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও সংসদত ৱক্‌ফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত হোৱাটো ঐতিহাসিক বুলি অভিহিত কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বাৰ্তাত শ্ৰী শ্বাহে কয়, যে ইয়াৰ জৰিয়তে অন্যায় আৰু দুৰ্নীতিৰ এছোৱা দীঘলীয়া সময়ৰ অৱসান ঘটাই ন্যায় আৰু সমতাৰ যুগৰ আৰম্ভণি হ’ল। এই ব্যৱস্থাই দেশৰ মুছলমান সম্প্ৰদায়ৰ দৰিদ্ৰ লোকসকলৰ লগতে মহিলা আৰু শিশুসকলক নিশ্চিতভাৱে উপকৃত কৰিব বুলি মত প্ৰকাশ কৰি তেওঁ কয়, যে এতিয়াৰে পৰা ৱক্‌ফ বোর্ড আৰু ৱফৰ সম্পত্তিসমূহৰ ক্ষেত্ৰত অধিক স্বচ্ছতা আৰু দায়বদ্ধতাৰ ব্য...

April 4, 2025 4:59 PM

views 67

দেশৰ প্ৰতিগৰাকী নাগৰিকৰ মৰ্যাদাক অগ্ৰাধিকাৰ প্ৰদান কৰি এখন শক্তিশালী ভাৰতবৰ্ষ গঢ়াৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ উভয় সদনত ৱাকফ সংশোধনী বিধেয়ক আৰু মুছলমান ৱাকফ বাতিলকৰণ বিধেয়ক গৃহীত হোৱাটো আর্থ সামাজিক ন্যায় স্বচ্ছতা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত চৰকাৰে চলাই অহা অবিৰত প্ৰচেষ্টাৰ দিশৰ পৰা ঐতিহাসিক বুলি মত প্ৰকাশ কৰিছে। সামাজিৰ মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে, এই বিধেয়ক গৃহীত হোৱাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি নিজৰ নিজৰ মতামত প্ৰকাশ কৰা আৰু বিধেয়ক দুখনক শক্তিশালী স্থিতিত উপনীত কৰোৱা সাংসদসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। একেদৰে সংসদীয় সমিতিলৈ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগ...

April 3, 2025 8:22 PM

views 46

গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত কাইলৈৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ একবিংশতিতম কেন্দ্রীয় দ্বিবার্ষিক অধিৱেশন

গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ একবিংশতিতম কেন্দ্রীয় দ্বিবার্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। কাইলৈ পুৱা মূল তোৰণ উন্মোচন, পতাকা উত্তোলন, ছহিদ তৰ্পণ, সতীৰ্থ স্মৰণ আদি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অধিৱেশনতে পৰিষদৰ নতুন কেন্দ্রীয় সমিতি গঠন কৰা হ'ব। অধিৱেশনৰ অংশ হিচাপে বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ সমাহাৰেৰে শোভাযাত্রা উলিওৱা হ'ব।

April 3, 2025 8:19 PM

views 46

শিলচৰৰ বামনগৰ বাইপাছত সংঘটিত এটা দুৰ্ঘটনাত দুজন ব্যক্তি নিহত, ৪ জন লোক গুৰুতৰভাৱে আহত

শিলচৰৰ বামনগৰ বাইপাছত আজি বিয়লি সংঘটিত এটা দুৰ্ঘটনাত দুজন ব্যক্তি নিহত হোৱাৰ লগতে চাৰিজন লোক গুৰুতৰভাৱে আহত হৈছে। ৰামনগৰৰ আই এছ বি টিৰ সমীপত মাটিভর্তি এখন ডাম্পাৰ আৰু যাত্রীবাহী অটোবিক্সাৰ মুখামুখি সংঘৰ্ষৰ ফলত হোৱা এই দুৰ্ঘটনাত আফছানা বেগম নামৰ এগৰাকী মহিলা আৰু তেওঁৰ ৭ বছৰীয়া পুত্ৰৰ থিতাতে মৃত্যু হয়। প্রত্যক্ষদর্শীয়ে জনোৱা মতে অটোরিক্সাখনৰ চালক আৰু আন তিনিজন যাত্ৰীৰ অৱস্থা গুৰুতৰ আৰু তেওঁলোকক উপযুক্ত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ভৰ্তি কৰা হৈছে। ডাম্পাৰখনৰ চালক বৰ্তমান ...

April 3, 2025 8:15 PM

views 33

কাইলৈৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে ঢকুৱাখনাত অসম বিজ্ঞান সমিতিৰ ৫৫ সংখ্যক বাৰ্ষিক অধিৱেশন

অসম বিজ্ঞান সমিতিৰ ৫৫ সংখ্যক বাৰ্ষিক অধিৱেশন কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ঢকুৱাখনাত অনুষ্ঠিত হ'ব। কাইলৈ পতাকা উত্তোলনেৰে প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ব। স্মৃতি তৰ্পণ, বিজ্ঞান প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰাৰ পাছত বিজ্ঞান সমিতিৰ প্রাক্তন সভাপতি নবীন শিক্ষাবিদ ড° মনোজ কুমাৰ পাটোৱাৰীয়ে তিনিওটা দিনব অনুষ্ঠানৰ শুভাৰম্ভ কৰিব। দিনৰ ভাগত কৃত্রিম বুদ্ধিমত্তা আৰু ইয়াৰ ভৱিষ্যত শীর্ষক বিশেষ বক্তৃতানুষ্ঠানত বিশিষ্ট বিজ্ঞানী ড° ইফটাক হুছেইন সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। একেদৰে কৰ্কট ৰোগ সম্পৰ্কীয়...

April 3, 2025 8:12 PM

views 52

জেংৰাইৰ কবি হিচাপে সুপৰিচিত বিশিষ্ট অসমীয়া সাহিত্যিক, প্রশাসনিক বিষয়া আৰু স্বাধীনতা সংগ্রামী, অজিত বৰুৱাৰ পুণ্য তিথি উপলক্ষে শ্রদ্ধা নিবেদন

জেংৰাইৰ কবি হিচাপে সুপৰিচিত বিশিষ্ট অসমীয়া সাহিত্যিক, প্রশাসনিক বিষয়া আৰু স্বাধীনতা সংগ্রামী, অজিত বৰুৱাৰ পুণ্য তিথি উপলক্ষে আজি শ্রদ্ধা নিবেদন কৰা হৈছে। কবিতাৰ লগতে গীত, উপন্যাস, সমালোচনা সাহিত্য, অনুবাদ, ৰম্য ৰচনাকে ধৰি কেইবাটাও শিতানত সাহিত্য সৃষ্টিৰে অসমীয়া সাহিত্য ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা সাহিত্যিকগৰাকীৰ উচ্চ মানসম্পন্ন সৃষ্টিসমূহে পঢ়ুৱৈক আলোড়িত কৰে। চতুর্থ দশকতে কবিতাৰে সাহিত্যিক জীৱনৰ পাতনি মেলা বৰুৱাৰ কবিতাৰ সংখ্যা তাকৰ যদিও ব্ৰহ্মপুত্ৰ, চেনৰ পাৰত, জেংৰাই–১৯৬৩ কে ধৰি কবিতাসমূ...

April 3, 2025 7:30 PM

views 58

পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিল প্রক্রিয়া আৰম্ভ

অসমত অহা ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। ১১ এপ্ৰিললৈ মনোনয়ন পত্র দাখিল কৰিব পৰা যাব। ১২ এপ্রিলত মনোনয়ন পত্রসমূহ পৰীক্ষা কৰা হ'ব আৰু ১৭ এপ্রিল মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ধার্য কৰা হৈছে। সেইদিনাই নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা প্রকাশ কৰা হ'ব। ১১ মে'ত নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। উল্লেখযোগ্য যে প্রথম পৰ্যায়ত অহা ২ মে'ত উজনি অসম আৰু বৰাক উপত্যকাত ভোটগ্রহণ কৰা হ'ব। দ্বিতীয় পর্যায়ত অহা ৭ মে...

April 3, 2025 7:00 PM

views 43

পশ্চিমবংগৰ বিদ্যালয়সমূহৰ ২৫ হাজাৰৰো অধিক শিক্ষক আৰু আন কৰ্মীৰ নিযুক্তি অবৈধ বুলি কলকতা উচ্চ ন্যায়ালয়ে দিয়া ৰায় উচ্চতম ন্যায়ালয়ে বাহাল ৰাখিছে

উচ্চতম ন্যায়ালয়ে আজি পশ্চিমবংগৰ বিদ্যালয়সমূহৰ ২৫ হাজাৰৰো অধিক শিক্ষক আৰু আন কৰ্মীৰ নিযুক্তি অবৈধ বুলি কলকতা উচ্চ ন্যায়ালয়ে দিয়া ৰায় বাহাল ৰাখিছে। উচ্চতম ন্যায়ালয়ে কয়, যে সমগ্র নিযুক্তি প্ৰক্ৰিয়াটো আসোঁৱাহযুক্ত আৰু ইয়াৰ বিশ্বাসযোগ্যতা আৰু বৈধতা গ্ৰহণযোগ্য নহয়। দেশৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰক লৈ গঠিত বিচাৰপীঠে কয়, যে অনাগত তিনি মাহৰ ভিতৰত এটা নতুন নির্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। অৱশ্যে বিচাৰপীঠে লগতে মানৱীয় দৃষ্টিভংগীৰে দিব্যাংগ কৰ্মচাৰীসকল...