April 5, 2025 9:04 PM

views 55

৯ এপ্ৰিলত অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন অহা ৯ এপ্ৰিলত যোৰহাটৰ মূল চৌহদত অনুষ্ঠিত হ'ব। এই সমাৱৰ্তনত অৰণ্য মানৱ যাদৱ পায়েং আৰু প্ৰকৃতিপ্ৰেমী গ্ৰীণ অস্কাৰ বিজয়ী পূর্ণিমা দেৱী বৰ্মনলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ'ব। বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণি প্ৰেক্ষাগৃহত হ'বলগীয়া কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯ খন মহাবিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে পি এইচ ডি লাভ কৰা ৫৪৮ গৰাকী শিক্ষার্থীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰা হ'ব।

April 5, 2025 9:01 PM

views 26

ছিপাঝাৰত বন বিভাগৰ এজন কৰ্মচাৰীক উৎকোচ লোৱা অৱস্থাত হাতে-লোটে আটক

অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ এটা অভিযানকাৰী দলে আজি দৰং জিলাৰ ছিপাঝাৰত বন বিভাগৰ এজন কৰ্মচাৰীক উৎকোচ লোৱা অৱস্থাত হাতে-লোটে আটক কৰে। নির্দিষ্ট অভিযোগৰ ভিত্তিত দুর্নীতি নিবাৰক শাখাৰ আৰক্ষীয়ে অভিযুক্ত ছিপাঝাৰ কুৰুৱা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী আমিনুল ইছলামক ধৰিবলৈ বেহু ৰচনা কৰে। ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিজুলীবাৰীত অভিযোগকাৰীৰ সৈতে অৱস্থান কৰা দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে পূৰ্বৰ নিৰ্ধাৰিত অনুসৰি ৫ হাজাৰ টকা অভিযোগকাৰীৰ হাতৰ পৰা গ্ৰহণ কৰাৰ সময়তে আমিনুল ইছলামক আৰক্ষীয়...

April 5, 2025 8:58 PM

views 50

শ্ৰীভূমি জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

ৰাজ্যত প্ৰথম পৰ্যায়ত পঞ্চায়ত নির্বাচন হ'বলগীয়া জিলাকেইখনৰ লগতে শ্ৰীভূমি জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হৈছে। অধিসূচনা অনুসৰি ১১ এপ্ৰিলৈ চৰকাৰী বন্ধ বাদ দি বাকী দিনসমূহত পুৱা ১১ বজাৰ বিয়লি ৩ বজাৰ ভিতৰত প্ৰাৰ্থীয়ে কাৰ্যালয়ৰ কৰ্তৃত্বপ্রাপ্ত বিষয়াক মনোনয়ন পত্র প্ৰাৰ্থীয়ে নিজে বা প্ৰস্তাৱকৰ জৰিয়তে দাখিল কৰিব পাৰিব। ১২ এপ্ৰিলৰ পুৱা ১০.৩০ বজাৰ পৰা একে স্থানতে মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব। ১৭ এপ্ৰিলৰ বিয়লি ৩ বজাৰ ভিতৰত একেস্থানতে মনোনয়ন প্ৰত্যাহাৰৰ বাবে দাখিল কৰিব পাৰিব। জিল...

April 5, 2025 8:04 PM

views 35

প্ৰাক্তন উপ প্রধানমন্ত্রী বাবু জগজীৱন ৰামৰ জয়ন্তী উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শ্রদ্ধা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰাক্তন উপ প্রধানমন্ত্রী বাবু জগজীৱন ৰামক তেওঁৰ জয়ন্তী উপলক্ষে শ্রদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে সমাজৰ বঞ্চিত তথা প্রান্তীয় লোকসকলৰ অধিকাৰৰ হকে জগজীৱন ৰামে কৰা জীৱনজোৰা সংগ্ৰামৰ জৰিয়তে জনসাধাৰণ চিৰকাললৈ উৎসাহিত হৈ থাকিব।

April 5, 2025 7:47 PM

views 46

কানাডাৰ ৰকলেণ্ড অঞ্চলত চুৰিকাঘাতত এগৰাকী ভাৰতীয় নাগৰিক নিহত

কানাডাৰ ৰকলেণ্ড অঞ্চলত চুৰিকাঘাতত এগৰাকী ভাৰতীয় নাগৰিক নিহত হোৱা বুলি অট্টাৱাত থকা ভাৰতীয় উচ্চায়ুক্তই নিশ্চিত কৰিছে। সামাজিক মাধ্যমত ঘটনাটো সন্দৰ্ভত দুখ প্ৰকাশ কৰি আয়োগে আৰক্ষীয়ে এজন অভিযুক্তক আটক কৰা বুলি সদৰি কৰিছে। নিহত লোকজনৰ পৰিয়াললৈ সম্ভাব্য সকলো সাহার্য আগবঢ়োৱাৰ বাবে আয়োগে এটা স্থানীয় সামূহিক সংস্থাৰ সৈতে যোগাযোগ ৰখা বুলিও জানিব পৰা গৈছে।

April 5, 2025 7:46 PM

views 45

ৱৰ্ল্ড বক্সিঙ কাপ-২০২৫ত ভাৰতৰ অবিনাশ জামৱালে পুৰুষৰ ৬৫ কিলোগ্রাম শাখাত প্ৰৱেশ

ব্রাজিলত চলি থকা ৱৰ্ল্ড বক্সিঙ কাপ-২০২৫ ভাৰতৰ অবিনাশ জামৱালে পুৰুষৰ ৬৫ কিলোগ্রাম শাখাত প্ৰৱেশ কৰিছে। জামৱালে যোৱা নিশা ই টালীৰ জিয়ান লুইগী মালাংগাক ৫-০ ফলাফলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। খেলুৱৈগৰাকী আজি অনুষ্ঠিত হ'বলগীয়া ফাইনেলত ব্রাজিলৰ ইউৰী ৰেইচৰ মুখামুখি হ'ব। আনহাতে পুৰুষৰ ৭০ কিলোগ্রাম শাখাৰ ফাইনেলত ভাৰতৰ হিতেশে ইংলেণ্ডৰ উডেল কামাৰাৰ মুখামুখি হ'ব। যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত ছেমিফাইনেলত হিতেশে ফ্ৰান্সৰ মাকান ট্রাউৰেক ৫-০ ফললাফলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইতিমধ্যে ভাৰতীয় বক্সাৰ মনিশ ...

April 5, 2025 6:54 PM

views 28

ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উপলক্ষে সামুদ্রিক সজাগতা ৱাকাথন মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

● কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত ৬২ সংখ্যক ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উপলক্ষে সামুদ্রিক সজাগতা ৱাকাথন মুকলি কৰে। অনুষ্ঠানত ভাষণ দি শ্রী সোণোৱালে কয় যে দেশৰ জনসাধাৰণে ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অৰিহণা যোগোৱা উচিত। তেওঁ লগতে কয়, যে ভাৰতক বিশ্বৰ ভিতৰতে উন্নত সামুদ্রিক শক্তি হিচাপে গঢ়ি তুলিবলৈ হ'লে যুৱচামে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। ভাৰতৰ সামুদ্রিক খণ্ড দেশৰ অৰ্থনীতিৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ বুলিও কে...

April 5, 2025 3:45 PM

views 48

আব্ৰজন আৰু বিদেশী বিধেয়ক-২০২৫ত ৰাষ্ট্ৰপতি মুৰ্মুৰ সন্মতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আব্ৰজন আৰু বিদেশী বিধেয়ক-২০২৫ত সন্মতি দিছে। এই বিধেয়কখনৰ জৰিয়তে ভাৰতলৈ বিদেশী নাগৰিকৰ আব্ৰজন, প্ৰৱেশ তথা ইয়াত থকাৰ সম্পর্কিত বিষয়সমূহ নিয়ন্ত্ৰণ কৰা হ'ব। ভাৰতত প্ৰৱেশ কৰাৰ পাৰপত্ৰ আইন-১৯২০, বিদেশী পঞ্জীয়ন আইন-১৯৩৯, বিদেশী আইন-১৯৪৬ আৰু আব্ৰজন আইন-২০০০ৰ সলনি এই আইনখন অনা হৈছে। চলিত সপ্তাহৰ আৰম্ভণিতে সংসদত গৃহিত হোৱা এই বিধেয়কখনত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনায়। এই আইনখনৰ জৰিয়তে আব্রজন সম্পৰ্কীয় নীতিসমূহ উন্নীত কৰিব বিচৰা হৈছে। এই আইনৰ জৰিয়তে কেন্দ্ৰীয় চৰক...

April 5, 2025 3:35 PM

views 54

প্রধানমন্ত্ৰী মোদীক মিত্ৰা বিভূষণা বঁটাৰে সন্মানিত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলম্বোেত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিচ্চানায়কেৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। এই বৈঠকৰ জৰিয়তে চুবুৰীয়া দেশদুখনৰ মাজত কৌশলগত উন্নয়নমূলক মিত্ৰতা ত্বৰান্বিত কৰাৰ লক্ষ্য লোৱা হৈছে। দুয়োগৰাকী নেতাৰ উপস্থিতিত প্ৰতিৰক্ষা আৰু শক্তিকে ধৰি বিভিন্ন খণ্ডত কেইবাখনো চুক্তি স্বাক্ষৰিত হয়। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক মিত্ৰা বিভূষণা বঁটাৰে সন্মানিত কৰে। এখন সংবাদ মেলত প্রধানমন্ত্রীয়ে কয় যে এয়া কেৱল তেওঁৰ প্ৰতি আগবঢ়োৱা সন্মান নহয়। বঞ...

April 4, 2025 8:52 PM

views 45

জীৱ-জন্তু আৰু মানুহৰ মাজত সংক্ৰমিত হ’ব পৰা ৰোগৰ সমাধানৰ বাবে ভাৰতে আন্তঃমন্ত্ৰালয় বৈজ্ঞানিক অধ্যয়নৰ আৰম্ভ কৰিব

ভাৰতে মানৱ, বন্যপ্ৰাণী আৰু পৰিবেশৰ সংযোগস্থলীত জীৱ-জন্তু আৰু মানুহৰ মাজত সংক্ৰমিত হ’ব পৰা ৰোগৰ সমাধানৰ বাবে এটা আন্তঃমন্ত্ৰালয় বৈজ্ঞানিক অধ্যয়নৰ আৰম্ভ কৰিব। ছিকিম, মহাৰাষ্ট্ৰ আৰু তামিলনাডুৰ নিৰ্বাচিত পক্ষী অভয়াৰণ্য আৰু জলাশয়ত এই অধ্যয়ন কৰা হ'ব। মানুহ আৰু পৰিভ্ৰমী চৰাই উভয়ৰে স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে এই বৈজ্ঞানিক অধ্যয়নৰ সহায় লোৱা হ'ব। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি এই গৱেষণাৰ জৰিয়তে পক্ষী অভয়াৰণ্যত কৰ্মৰত আৰু অভয়াৰণ্যৰ ওচৰৰ বাসিন্দাসকলৰ সম্ভাৱ্য সংক্ৰমিত ৰোগ ধৰা পেলোৱ...