ব্রাজিলত চলি থকা ৱৰ্ল্ড বক্সিঙ কাপ-২০২৫ ভাৰতৰ অবিনাশ জামৱালে পুৰুষৰ ৬৫ কিলোগ্রাম শাখাত প্ৰৱেশ কৰিছে। জামৱালে যোৱা নিশা ই টালীৰ জিয়ান লুইগী মালাংগাক ৫-০ ফলাফলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। খেলুৱৈগৰাকী আজি অনুষ্ঠিত হ’বলগীয়া ফাইনেলত ব্রাজিলৰ ইউৰী ৰেইচৰ মুখামুখি হ’ব। আনহাতে পুৰুষৰ ৭০ কিলোগ্রাম শাখাৰ ফাইনেলত ভাৰতৰ হিতেশে ইংলেণ্ডৰ উডেল কামাৰাৰ মুখামুখি হ’ব। যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত ছেমিফাইনেলত হিতেশে ফ্ৰান্সৰ মাকান ট্রাউৰেক ৫-০ ফললাফলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইতিমধ্যে ভাৰতীয় বক্সাৰ মনিশ ৰাথুৰে পুৰুষৰ ৫৫ কিলোগ্রাম শাখাত ব্ৰঞ্জৰ পদক দখল কৰিছে।
Assamese | April 5, 2025 7:46 PM | Akashvani News | Boxing
ৱৰ্ল্ড বক্সিঙ কাপ-২০২৫ত ভাৰতৰ অবিনাশ জামৱালে পুৰুষৰ ৬৫ কিলোগ্রাম শাখাত প্ৰৱেশ