April 9, 2025 10:42 AM
68
অসম দেশৰ দ্রুত বিকশিত ৰাজ্যৰ তালিকাৰ তৃতীয় স্থানত উপনীত হৈছেঃ মুখ্যমন্ত্রী
● অসম দেশৰ দ্রুত বিকশিত ৰাজ্যৰ তালিকাৰ তৃতীয় স্থানত উপনীত হৈছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। ২০২৪-২৫ বৰ্ষত ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ স্থিৰ মূল্যত ৭.৯ শতাংশ হৈছে বুলি সামাজিক মাধ্যমযোগে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে এই পৰিসংখ্যাই অসমৰ উন্নয়নক নতুন গতি দিবলৈ সমৰ্থ হ’ব। ৰাজ্যখনৰ বিনিয়োগকাৰী সমৰ্থ নীতি, আন্তঃগাঁথনি উন্নয়ন, প্রতিষ্ঠান আৰু ব্যক্তিৰ ক্ষেত্ৰত স্থায়ী বিনিয়োগে এই বৃদ্ধিৰ কাৰক বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয়, যে মূলধনী ব্যয়ৰ ক্ষেত্...