April 11, 2025 6:26 PM

views 34

সমাজ সংস্কাৰক মহাত্মা ফুলেৰ জয়ন্তীত প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধা নিবেদন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাজ সংস্কাৰক মহাত্মা ফুলেৰ জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে মহাত্মা ফুলে প্ৰকৃতাৰ্থত এগৰাকী মানৱতাৰ সেৱক আছিল বুলি উল্লেখ কৰি কয়, যে তেওঁ সমাজৰ শোষিত-নিষ্পেষিত জনসাধাৰণৰ কল্যাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। দেশৰ প্ৰতি আগবঢ়োৱা অনবদ্য অৱদানে প্ৰতিটো প্ৰজন্মকে অনুপ্ৰাণিত কৰি যাব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে।

April 11, 2025 6:23 PM

views 54

ডি এম কেৰ নেতা তথা তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে দলৰ উপ-সাধাৰণ সচিব পনমুদীক পদৰ পৰা বহিষ্কাৰ কৰিছে

ডি এম কেৰ নেতা তথা তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে আজি দলৰ উপ-সাধাৰণ সচিব পনমুদীক এই পদৰ পৰা বহিষ্কাৰ কৰে। পনমুদীয়ে মহিলা সন্দৰ্ভত বিৰূপ মন্তব্য কৰা এটা ভিডিঅ’ প্ৰচাৰ হোৱাৰ পাছত ডি এম কেৰ সাংসদ কানিমুঝিকে ধৰি বিভিন্ন মহলে ইয়াৰ ব্যাপক সমালোচনা কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হয়। পনমুদীয়ে ষ্টেলিন চৰকাৰৰ বন মন্ত্ৰী হিচাপেও দায়িত্বভাৰ গ্ৰহণ কৰি আছিল। মন্ত্ৰীগৰাকীৰ মন্তব্য ভিডিঅ’টো অনলাইন মাধ্যমত বহুল প্ৰচাৰ হোৱাৰ ফলত দলৰ শীৰ্ষ নেতৃত্বই অতি শীঘ্ৰে এই সিদ্ধান্ত গ্ৰহণ কৰে। ত্ৰ...

April 11, 2025 6:02 PM

views 38

বাৰানসীৰ মেহদিগঞ্জত ৩,৮৮৪ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৪৪ টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰানসীৰ মেহদিগঞ্জত আজি ৩,৮৮৪ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৪৪ টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পথ আন্তঃগাঁথনিৰ বিকাশ, বিদ্যুৎ, শিক্ষা আৰু পৰ্যটন খণ্ডৰ সৈতে জড়িত এই প্রকল্পসমূহৰ জৰিয়তে বাৰাণসীৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছত এখন জনসভাত অংশ লৈ বাৰানসী চহৰৰ দ্ৰুত উন্নয়নৰ বিষয়ত আলোকপাত কৰি কয়, যে কাশী এতিয়া কেৱল এখন প্রাচীন চহৰ হিচাপে পৰিচিত হোৱাই নহয়, বৰং প্ৰগতিৰ উল্লেখনীয় নিদর্শন হিচাপেও পৰিচিত হৈছে। শ্ৰ...

April 9, 2025 3:51 PM

views 54

অসম-নাগালেণ্ড সীমান্তত নগা লোকে এজন অসমীয়া কৃষকক গুলীয়াই হত্যাৰ ভাবুকিৰ পাছত অঞ্চলটোত তীব্ৰ উত্তেজনা

● অসম-নাগালেণ্ড সীমান্তৰ ডি ছেক্টৰৰ কলাজান অঞ্চলৰ সমীপৰ জুজুংয়ান গাঁৱত নগা লোকে এজন অসমীয়া কৃষকক বন্দী কৰি গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়াৰ পাছত অঞ্চলটোত উত্তেজনা বিয়পি পৰিছে। এটা নিৰ্ভৰযোগ্য সূত্ৰই প্ৰকাশ কৰা অনুসৰি নগালেণ্ডৰ ওখা জিলাৰ ভাণ্ডাৰী মহকুমাৰ অন্তৰ্গত জুজুংয়ান গাঁৱৰ নগা লোকে বাঁহ চুৰিৰ অভিযোগত এজন অসমীয়া যুৱকক বন্দী কৰে। পাছত লোকজনক নগা গাঁৱৰ মহিলাসকলে বন্দুকেৰে গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়ে। অৱশ্যে যুৱকজনে সেই অঞ্চলৰ পৰা পলায়ন কৰিবলৈ সমৰ্থ হয়। নাগালেণ্ড আৰু অসমৰ মাজত স্পষ্...

April 9, 2025 3:12 PM

views 61

কাঠমাণ্ডুত BIMSTEC ৰ অন্তৰ্ভুক্ত সদস্য ৰাষ্ট্ৰসমূহৰ কৃষিমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত

● নেপালৰ কাঠমাণ্ডুত আজি BIMSTEC ৰ অন্তৰ্ভুক্ত সদস্য ৰাষ্ট্ৰসমূহৰ কৃষিমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু ভূটানৰ কৃষিমন্ত্ৰী লিয়নপো য়ওনটেন ফুণ্টচ’ৱে এই বৈঠকত অংশগ্ৰহণৰ বাবে কালি সন্ধিয়া কাঠমাণ্ডুলৈ ৰাওনা হৈছে। আজিৰ এই মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি সন্দৰ্ভত ইয়াৰ পূৰ্বে কাঠমাণ্ডুত সচিব পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল। আজিৰ বৈঠকত BIMSTEC ৰ সদস্যভুক্ত ৭ খন ৰাষ্ট্ৰৰ তিনিখনৰ কৃষিমন্ত্ৰীসকলে সোঁশৰীৰে ভাগ লোৱাৰ লগতে অন্যান্য ৰাষ্ট্ৰৰ কৃষি...

April 9, 2025 3:06 PM

views 46

আমেৰিকাত চীনা সামগ্ৰীৰ ক্ষেত্ৰত ১০৪ শতাংশ প্রতিশুল্ক আজিৰেপৰা কাৰ্যকৰী

● আমেৰিকাত চীনা সামগ্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা ১০৪ শতাংশ প্রতিশুল্ক আজিৰেপৰা কাৰ্যকৰী হৈছে। হোৱাইট হাউছ কৰ্তৃপক্ষই এটা প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা ঘোষণা কৰিছে। ভাৰতৰ পৰা আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰতো ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ২৬ শতাংশ শুল্ক আজিৰ পৰা কাৰ্যকৰী হৈছে। ট্ৰাম্পে তেওঁৰ লিবাৰেচন ডে অনুষ্ঠানত কৰা ঘোষণাৰ অংশ হিচাপে চলিত মাহৰ ৩ তাৰিখৰ পৰা প্ৰতিশুল্ক ঘোষণা কৰে। ভাৰতৰ উপৰি ভিয়েটনামৰ সামগ্ৰীৰ ক্ষেত্ৰত ৪৬ শতাংশ, টাইৱানৰ সামগ্ৰীৰ ওপৰত ৩২ শতাংশ, দক্ষিণ কোৰিয়াৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ, জাপানৰ সামগ্ৰ...

April 9, 2025 2:59 PM

views 50

RBI ৰেপ’ হাৰ অৰ্থাৎ বাণিজ্যিক বেংকসমূহক প্ৰদান কৰা ঋণৰ সুদৰ হাৰ ২৫ আধাৰ পইণ্ট হ্ৰাস কৰিছে

■ ভাৰতীয় ৰিজাৰ্ভ বেংক RBI-এ ৰেপ' হাৰ অৰ্থাৎ কেন্দ্ৰীয় বেংকটোৱে বাণিজ্যিক বেংকসমূহক প্ৰদান কৰা ঋণৰ সুদৰ হাৰ ২৫ আধাৰ পইণ্ট হ্ৰাস কৰিছে। RBI-এ বিগত ৫ বছৰত এইবাৰ একেৰাহে দ্বিতীয় বাৰৰ বাবে ৰেপ' হাৰ হ্ৰাস কৰিছে। আজি মুম্বাইত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মলহোট্টাই কয়, যে ৬ জনীয়া মুদ্রা নীতি কমিটীয়ে চলিত বিত্তীয় বৰ্ষৰ প্ৰথমখন বৈঠকত সর্ব সন্মতিক্রমে ৰেপ' হাৰ কম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কমিটীয়ে লগতে মুদ্রা নীতি সম্পৰ্কীয় দৃষ্টিভংগী নিৰপেক্ষৰ পৰা উদাৰলৈ সলনি কৰিছে। নতুন মুদ্রা নীতি অনুযায়ী Standi...

April 9, 2025 2:51 PM

views 47

জলবায়ু পৰিৱৰ্তন সাম্প্ৰতিক সময়ত সৰ্ববৃহৎ সংকট: প্রধানমন্ত্ৰী মোদী

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জলবায়ু পৰিৱৰ্তন সাম্প্ৰতিক সময়ত সৰ্ববৃহৎ সংকট বুলি অভিহিত কৰিছে আৰু জৈন সম্প্রদায়ে শতিকা শতিকা ধৰি অনুসৰণ কৰি অহা বহনক্ষম জীৱনশৈলীয়ে ইয়াৰ সমাধান বুলি উল্লেখ কৰিছে। নতুন দিল্লীত আজি নৱকাৰ মহামন্ত্ৰ দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে শতিকা শতিকা ধৰি জৈন সম্প্রদায়ে সৰলতা, সংযম আৰু বহন ক্ষমতাৰ আদৰ্শ পালন কৰি আহিছে। ভাৰতৰ প্ৰতি বিশ্বৰ আস্থা গভীৰ হোৱা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, যে ভাৰতৰ প্ৰচ...

April 9, 2025 12:09 PM

views 65

ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰঙালী বিহুৰ পাৰভঙা উৎসাহ-উদ্দীপনা

■ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ প্ৰান্তে প্রান্তে উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে অসমবাসীয়ে উৎসাহ-উদ্দীপনা বজাই ৰাখি বিহু পালন কৰিবলৈ সাজু হৈছে। মহিলাসকলে বিহুৰ সময়ছোৱাত অতিথি আপ্যায়নৰ বাবে পিঠা-পনা, জা-জলপান যতনাই থোৱাৰ বাবে ঢেঁকীশালত ব্যস্ত হৈ পৰিছে। গ্ৰামাঞ্চলত জীয়ৰী-বোৱাৰীয়ে হেঁপাহৰ বিহুৱান বৈ-কাটি উলিয়াইছে। সমাগত ৰঙালী বিহু উপলক্ষে বিভিন্ন স্থানত কৰ্মশালা, বিপণী আদিৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ ক...

April 9, 2025 11:55 AM

views 46

ভিন্ন জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্রার্থীৰ মনোনয়ন দাখিলকে ধৰি অন্যান্য প্রস্তুতি অব্যাহত

■ ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ শুকুৰবাৰে সামৰণি পৰিব। এই নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্রার্থীৰ মনোনয়ন দাখিলকে ধৰি অন্যান্য প্রস্তুতি অব্যাহত আছে। জিলা প্রশাসনসমূহেও নির্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে আগতীয়াকৈ সকলো দিশ চোৱাচিতা কৰিছে। ৰাজনৈতিক দলসমূহে এই নির্বাচনৰ বাবে দলীয় কাম-কাজ চলাই আছে। ডিব্ৰুগড় জিলাত নিৰ্বাচনৰ ব্যয় নিৰীক্ষণ কোষ আৰু নির্বাচনী আচৰণ বিধি নিৰীক্ষণ কোষৰ বিষয়ববীয়াসকলৰ এটা প্রশিক্ষণ কালি মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত অনুষ্ঠিত হয়। এই কাৰ্যসূচীত...