June 30, 2025 6:47 PM

views 49

মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত শীর্ষক আঁচনিখন ডিব্ৰুগড়ত ৰূপায়ণ সন্দৰ্ভত জিলা আয়ুক্তৰ অধ্যক্ষতাত বৈঠক অনুষ্ঠিত

মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত শীর্ষক আঁচনিখন ডিব্ৰুগড় জিলাত ৰূপায়ণ সন্দৰ্ভত আজি জিলা আয়ুক্তৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে বাগিচাসমূহৰ কৰ্তৃপক্ষক নিজ নিজ চাহ বাগিচাৰ স্থায়ী আৰু অস্থায়ী শ্রমিক তথা কৰ্মচাৰীৰ তালিকা, আধাৰ কাৰ্ডৰ প্ৰতিলিপি আৰু বেংক একাউণ্টৰ সবিশেষ জিলা আয়ুক্তৰ কাৰ্যালয়ত শীঘ্ৰেই জমা দিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে চাহ বাগিচাৰ স্থায়ী আৰু অস্থায়ী শ্ৰমিকৰ লগতে কৰ্মচাৰীসকললৈ ৫ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই আ...

June 30, 2025 6:43 PM

views 55

যোৰহাট জিলা দিৱস উদযাপনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে ভিন্ন স্থানত গছপুলি ৰোপণ

যোৰহাট জিলা দিৱস উদযাপনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি জিলা প্ৰশাসনৰ উদ্যোগত আৰু লোক নির্মাণ বিভাগৰ সৌজন্যত যোৰহাট পৌৰ সভা এলেকাৰ অন্তৰ্গত ক্লাব ৰোড, নআলি আৰু জিলাখনৰ কাকডোঙা নদীৰ সোঁ কাষৰ মথাউৰি আৰু পথত গছপুলি ৰোপণ কৰা হয়। জিলা আয়ুক্ত, তিতাবৰ সম-জিলা আয়ুক্ত আৰু তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়কৰ উপস্থিতিত পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ চেতনা প্রবহমান কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী হাতত লোৱা হয়। ইয়াৰ পূৰ্বে যোৰহাট পৌৰসভা এলেকাৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু গুৰুত্বপূৰ্ণ ৰাজহুৱা ...

June 24, 2025 2:17 PM

views 55

অপাৰেচন সিন্দূৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতা নীতিৰ বিষয়ে সমগ্র বিশ্বলৈ এটা শক্তিশালী বার্তা প্ৰেৰণ কৰিছে: প্ৰধানমন্ত্ৰী

● অপাৰেচন সিন্দূৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতা নীতিৰ বিষয়ে সমগ্র বিশ্বলৈ এটা শক্তিশালী বার্তা প্ৰেৰণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। তেওঁ কয়, যে ভাৰতীয় নাগৰিকক অনিষ্ট কৰা লোকসকলৰ বাবে কোনো স্থানেই নিৰাপদ নহয় বুলি ভাৰতে স্পষ্ট কৰি দিছে। শ্ৰী মোদীয়ে লগতে কয়, দেশৰ প্ৰতিৰক্ষা সিদ্ধান্তসমূহ এতিয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে প্ৰয়োজনীয় বিষয়ৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰা হয়। নতুন দিল্লীত আজি ভাৰতৰ দুগৰাকী মহান নেতা শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ ঐতিহাসি...

June 24, 2025 1:01 PM

views 56

নিউ বঙাইগাঁও ৰে’ল ষ্টেচনৰ পৰা দুজন বাংলাদেশী নাগৰিকক

● ৰে'ল আৰক্ষীয়ে নিউ বঙাইগাঁও ৰে'ল ষ্টেচনৰ পৰা কালি সন্ধিয়া দুজন বাংলাদেশী নাগৰিকক আটক কৰে। ৰে’ল সুৰক্ষা বাহিনীয়ে সন্দেহজনকভাৱে ষ্টেচনত ঘূৰি ফুৰা গোলাম ৰাববানী নামৰ লোকজনক আটক কৰাৰ কিছু সময়ৰ পাছতে গোলামৰ ভাতৃ আশাৰুল ইছলামকো আটক কৰে। বাংলাদেশৰ ৰাজশ্বাহী জিলাৰ লোক দুজনে নিউ বঙাইগাঁও ৰেল ষ্টেচনৰ পৰা তাম্বমৰ এক্সপ্ৰেছ ৰে’লেৰে মুম্বাইলৈ যোৱাৰ পৰিকল্পনা কৰিছিল বুলি ৰে'ল আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে তেওঁলোকৰ পৰা পশ্চিমবংগত প্ৰস্তুত কৰা আধাৰ কাৰ্ড আৰু বাংলাদেশৰ ছীমকার্ড থকা দুটা ম'বাইল ফোন জব্দ কৰে ।

June 24, 2025 12:53 PM

views 68

জাতিংগা আৰু লামপুৰৰ মাজত প্ৰৱল ভূমিস্খলনৰ বাবে বহুকেইখন ৰে’লৰ যাত্ৰা বাতিল

■ উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অধীনস্থ জাতিংগা আৰু লামপুৰৰ মাজৰ এঠাইত ৰে'লপথত হোৱা প্ৰৱল ভূমিস্খলনৰ বাবে লামডিং আৰু শিলচৰৰ মাজত সকলোধৰণৰ ৰে'লসেৱা যোৱানিশাৰে পৰা বাতিল কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেই জনোৱা মতে ইয়াৰ ফলত ১৫৬১৫ গুৱাহাটী শিলচৰ এক্সপ্ৰেছ, ১৫৬১১ আৰু ১৫৬১২ ৰঙিয়া-শিলচৰ এক্সপ্ৰেছ, ১৫৬১৭ আৰু ১৫৬১৮ দুৰ্লভছৰা গুৱাহাটী এক্সপ্ৰেছ, নাহৰলগুন-শিলচৰ এক্সপ্ৰেছ, কাঞ্চনজংঘা এক্সপ্ৰেছ, তিৰুচিৰাপল্লী এক্সপ্ৰেছ, ৰে'লগাড়ীকেইখনৰ যাত্ৰা অনিৰ্দিষ্ট কাললৈ বাতিল কৰা হৈছে। আমাৰ হোজাইৰ সংবাদদাতাই জনোৱা মতে ...

June 24, 2025 12:39 PM

views 63

স্নাতক শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা টেট পৰীক্ষাৰ ফলাফল সোমবাৰে ঘোষণা

■ ৰাজ্যৰ হাইস্কুলসমূহত স্নাতক শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা টেট পৰীক্ষাৰ ফলাফল কালি ঘোষণা কৰা হয়। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে প্রতিটো বিষয়ৰ পৰীক্ষাৰ কাট অফ মার্কো কালি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এই পৰীক্ষাত যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীসকল নথি পৰীক্ষণৰ বাবে সংশ্লিষ্ট মণ্ডলসমূহত উপস্থিত হ'ব লাগিব। প্রার্থীসকলক মার্কশিটৰ লগতে নথি পৰীক্ষণৰ এডমিট কার্ডো প্ৰদান কৰা হৈছে।

June 24, 2025 12:32 PM

views 58

নেৰানেপেৰা বৰষুণৰ ফলত ঐতিহাসিক ৰংঘৰকে ধৰি শিৱসাগৰ নগৰ কৃত্ৰিম বানৰ কবলত

■ বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ঐতিহাসিক ৰংঘৰকে ধৰি শিৱসাগৰ নগৰ কৃত্ৰিম বানৰ কবলত পৰিছে। আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনোৱা মতে নগৰখনৰ দৌলমুখ, হাস্পতাল ৰোড, বাবুপট্টি, লখিমীনগৰ, ব’ৰ্ডিং ৰোড আদি অঞ্চল পানীত বুৰ গৈছে। সম্প্ৰতি জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, জলসম্পদ বিভাগ, লোকনির্মাণ বিভাগ, পৌৰসভা, অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু জিলা প্ৰশাসনে নগৰখনত পানী নিষ্কাষণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। নলা-নর্দমাসমূহ সময়মতে পৰিষ্কাৰ নকৰাৰ বাবে সৃষ্টি হোৱা এই কৃত্রিম বান নোহোৱা কৰিবলৈ জিলা প্ৰশাস...

June 24, 2025 12:15 PM

views 59

ৰাজ্যৰ বিভিন্ন স্থানত সোমবাৰৰ পৰা পঞ্চায়ত গঠনৰ বাবে আনুষ্ঠানিকতা আৰম্ভ

■ ৰাজ্যত যোৱা ১১ মে'ত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হৈ যোৱাৰ পাছত শেহতীয়াকৈ পঞ্চায়তসমূহৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত কালিৰেপৰা পঞ্চায়ত গঠনৰ বাবে আনুষ্ঠানিকতা আৰম্ভ কৰা হৈছে। এইবাৰ পঞ্চায়ত গঠনৰ নিয়ম অনুসৰি সভাপতিগৰাকীক প্রত্যক্ষভাৱে নিৰ্বাচিত কৰাৰ পৰিৱৰ্তে নিৰ্বাচিত পঞ্চায়তৰ সদস্যসকলৰ জৰিয়তে মনোনীত কৰাৰ ব্যৱস্থা কৰা হৈছে। ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰদলনি উন্নয়ন খণ্ড আৰু ধেমাজি উন্নয়ন খণ্ডৰ ১১ খন গাঁও পঞ্চায়ত কালি গঠন কৰা হয়। নৱনিৰ্বাচিত পঞ্চায়ত সভাপতিসকলে ...

June 23, 2025 8:42 PM

views 76

আন্তৰাষ্ট্ৰীয় বজাৰত আজি খাৰুৱা তেলৰ মূল্য প্রায় এক শতাংশ বৃদ্ধি

আন্তৰাষ্ট্ৰীয় বজাৰত আজি খাৰুৱা তেলৰ মূল্য প্রায় এক শতাংশ বৃদ্ধি পাইছে। ইৰানৰ পাৰমানৱিক ঘাটিত আমেৰিকা যুক্তৰাষ্ট্ৰই আক্ৰমণ কৰাৰ পাছতেই খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাইছে। ইৰানে খাৰুৱা তেল পৰিবহনৰ বাবে কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ হৰমুজ প্রণালী বন্ধ কৰি দিয়াৰ ভাবুকিয়ে আন্তৰাষ্ট্ৰীয় বজাৰত উদ্বীগ্নতাৰ সৃষ্টি কৰিছে। এই প্ৰণালীৰ জৰিয়তে বিশ্বৰ মুঠ খাৰুৱা তেলৰ প্ৰায় ২০ শতাংশ যোগান ধৰা হয়।

June 23, 2025 8:37 PM

views 47

ধানমন্ত্ৰী সংগ্ৰহালয় আৰু পুথিভড়াল সমাজৰ ৪৭ সংখ্যক বার্ষিক সাধাৰণ সভাত প্রধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত প্রধানমন্ত্ৰী সংগ্ৰহালয় আৰু পুথিভড়াল সমাজৰ ৪৭ সংখ্যক বার্ষিক সাধাৰণ সভাত অধ্যক্ষতা কৰে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, নির্মলা সীতাৰমন, অশ্বিনী বৈষ্ণৱ, গজেন্দ্ৰ সিং সেখাৱট আৰু ধর্মেন্দ্ৰ প্ৰধানকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শ্রীমোদীয়ে ২০২২ চনত প্রধানমন্ত্রী সংগ্রহালয় মুকলি কৰিছিল। এই সংগ্ৰহালয়ত দেশৰ প্ৰতিগৰাকী প্ৰধানমন্ত্ৰীৰ অৱদান তথা কিদৰে আমাৰ গণতন্ত্রই সমাজৰ প্ৰতিটো শ্ৰেণীৰ নেতাক ৰাষ্ট্ৰ গঠনত অৰিহণা যোগোৱাত সুযোগ প্ৰদান ...