যোৰহাট জিলা দিৱস উদযাপনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি জিলা প্ৰশাসনৰ উদ্যোগত আৰু লোক নির্মাণ বিভাগৰ সৌজন্যত যোৰহাট পৌৰ সভা এলেকাৰ অন্তৰ্গত ক্লাব ৰোড, নআলি আৰু জিলাখনৰ কাকডোঙা নদীৰ সোঁ কাষৰ মথাউৰি আৰু পথত গছপুলি ৰোপণ কৰা হয়। জিলা আয়ুক্ত, তিতাবৰ সম-জিলা আয়ুক্ত আৰু তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়কৰ উপস্থিতিত পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ চেতনা প্রবহমান কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী হাতত লোৱা হয়। ইয়াৰ পূৰ্বে যোৰহাট পৌৰসভা এলেকাৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু গুৰুত্বপূৰ্ণ ৰাজহুৱা স্থানসমূহত দেৱাল চিত্র অংকন প্রতিযোগিতাও জিলা দিৱস উপলক্ষে আয়োজন কৰা হয়। জিলাখনৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰাৰ লগতে জনগোষ্ঠীয় সংযোগৰ প্ৰসাৰৰ উদ্দেশ্যে জিলা প্ৰশাসনৰ উদ্যোগত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷
Assamese | June 30, 2025 6:43 PM | Akashvani News | Jorhat | Local news
যোৰহাট জিলা দিৱস উদযাপনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে ভিন্ন স্থানত গছপুলি ৰোপণ