June 2, 2025 9:13 PM

views 67

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে মঙলবাৰে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিব

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে কাইলৈ আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিব। কাইলৈ গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এটা অনুষ্ঠানত গগৈয়ে বিদায়ী সভাপতি ভূপেন বৰাৰ পৰা আনুষ্ঠানিকভাৱে দায়িত্ব গ্রহণ কৰিব। ইয়াৰ আগতে আজি গৌৰৱ গগৈয়ে কলিয়াবৰৰ পৰা বটদ্ৰৱালৈ আহে আৰু বটদ্ৰবা থানত সেৱা জনায়। ইয়াৰ পাছত তেওঁ মৰিগাঁৱলৈ আহে। মৰিগাঁৱত তেওঁ প্রাক্তন বিধায়িকা জোন জোনালী বৰুৱাৰ বাসগৃহলৈ গৈ প্ৰয়াত নেত্ৰীগৰাকীৰ পৰিয়ালৰ লোকৰ সৈতে মত-বিনিময় কৰে। মৰিগাঁৱত তেওঁক ভালেসংখ্যক কংগ্ৰেছ কৰ্মীয়ে শোভা...

June 2, 2025 9:09 PM

views 52

বজালীত আজিৰে পৰা মাদক দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে মাহজোৰা সজাগতা কাৰ্যসূচী

বজালী জিলাত আজিৰে পৰা মাদক দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে মাহজোৰা সজাগতা কাৰ্যসূচী অনুষ্ঠিত হৈছে। বজালীৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আৰু শিক্ষা বিভাগৰ সহযোগত আয়োজন কৰা এই সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে আজি পাটাছাৰকুছি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলৰ মাজত পোষ্টাৰ অংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ১৫০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত সমল ব্যক্তিসকলে মাদক দ্ৰব্যৰ কুপ্ৰভাৱ আৰু এনে দ্ৰব্য সেৱনৰ পৰা আঁতৰত থাকিব পৰা উপায় সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলক অৱগত ...

June 2, 2025 8:49 PM

views 57

ভাৰত আৰু পাৰাগুৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যমত পোষণ কৰিছেঃ প্ৰধানমন্ত্ৰী

সেউজ শক্তি, সেউজ হাইড্ৰজেন আৰু জৈৱ ইন্ধনৰ দৰে খণ্ডসমূহত ভাৰত আৰু পাৰাগুৱেৰ নিজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পাৰাগুৱেৰ ৰাষ্ট্ৰপতি ছাণ্টিয়াগো পেনা পালাচিঅ'চৰ মাজত সম্পন্ন হোৱা প্ৰতিনিধি পৰ্যায়ৰ বৈঠকৰ সময়ত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত দুয়োখন দেশে চাইবাৰ অপৰাধ, ড্ৰাগছ সৰবৰাহ আদিৰ বিৰুদ্ধে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু পাৰাগুৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যমত...

June 2, 2025 8:31 PM

views 58

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ ‘পাব্লিক স্পীক’ অনুষ্ঠান

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত ডিজিটেল ব্যৱসায়ত দুষ্টচক্ৰৰ পৰা গ্ৰাহকসকলৰ সুৰক্ষা এই সন্দৰ্ভত গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ গ্ৰাহক পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব অনুপম মিশ্ৰ আৰু গ্ৰাহক আইন, অধিকাৰ আৰু সুৰক্ষাৰ বিশেষজ্ঞ পুস্পাগিৰি মাজিৰ সৈতে হোৱা এলানি বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তিগৰাকীক বিষয়টো সন্দৰ্ভত প্রশ্ন সুধিব ...

June 2, 2025 8:14 PM

views 69

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ ৩ দিনীয়া কাৰ্যসূচীৰে গছপুলি ৰোপণ আৰু বনানিকৰণৰ বিষয়ত প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কৃষকৰ বাবে পুলি বাগান স্থাপন, গছপুলি ৰোপণ আৰু বনানিকৰণৰ বিষয়ত প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰিছে। এই প্ৰশিক্ষণ কাৰ্যসূচীত বিভিন্ন জিলাৰ ভালেসংখ্যক কৃষক আৰু উদ্যমী ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে। অসম কৃষি বনানিকৰণ উন্নয়নৰ পৰিষদৰ অৰ্থসাহায্যত আয়োজন কৰা এই প্ৰশিক্ষণ আজি বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড০ নীতিন কুলকার্ণীয়ে উদ্বোধন কৰে। কাৰ্যসূচীত গুণগত বীজ ৰোপণ, বিজ্ঞানসন্মতভাৱে পুলি বাগানৰ পৰিচালনা, বাঁহৰ সংবর্ধন পদ্ধতি, কৃত্...

June 2, 2025 8:02 PM

views 57

কেইবাখনো জিলাৰ সাম্প্ৰতিক বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে

কিছু দিন ধৰি ধাৰাষাৰ বৰষুণৰ পাছত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ কিছু ফৰকাল হৈছে যদিও কেইবাখনো জিলাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। বছৰৰ প্ৰথমটো বানত ৰাজ্যখনৰ ১৯ খন জিলাৰ তিনি লাখ ৬৪ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰশাসনে স্থাপন কৰা ৫২ টা আশ্রয় শিবিৰত ১০ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যখনত বানৰ ফলত ১২ জন লোকে প্ৰাণ হেৰুৱাইছে। যোৱা ২৪ ঘণ্টাত বৰাক উপত্যকাৰ শ্রীভূমি আৰু কাছাৰ জিলাত এজনকৈ লোকৰ মৃত্যু হয়। এছ ডি আৰ এফে ধেমাজি আৰু হাইলাকান্দি জিলাৰ লগতে আন কেইবাখনো জিলাত আবদ্ধ লোকৰ উদ্ধা...

June 2, 2025 8:00 PM

views 63

জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বানপীড়িত এলেকাসমূহৰ পশুধনৰ বাবে ৭০০ কুইণ্টল পশুখাদ্য বিতৰণ

কামৰূপ মহানগৰৰ জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বানপীড়িত এলেকাসমূহৰ পশুধনৰ বাবে আজি জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰায় ৭০০ কুইণ্টল খাদ্য বিতৰণ কৰা হয়। সমষ্টিটোৰ ধাৰাপুৰ, মাজিৰগাঁও, কেন্দুকুছি, আগচীয়া, গড়ল আৰু মির্জাপুৰৰ বিভিন্ন অঞ্চলত পশু খাদ্য বিতৰণ কাৰ্যসূচীত জালুকবাৰী সমজিলাৰ আয়ুক্ত ড০ জীৱন কৃষ্ণ গোস্বামী আজাৰা ৰাজহচক্ৰৰ চক্ৰবিষয়া অপ্রতিম গোস্বামী আৰু বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য উপস্থিত থাকে।

June 2, 2025 7:58 PM

views 48

বানৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলা প্রশাসনৰ ১১৫ খন বিদ্যালয় স্বাভাৱিক অৱস্থা ঘূৰি নহা পৰ্যন্ত বন্ধ ৰখাৰ বাবে নিৰ্দেশ জাৰি

নগাঁও জিলা প্রশাসনে বানৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ ১১৫ খন বিদ্যালয় স্বাভাৱিক অৱস্থা ঘূৰি নহা পৰ্যন্ত বন্ধ ৰখাৰ বাবে নিৰ্দেশ জাৰি কৰিছে। জিলাখনত সাম্প্রতিক বানত যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ উপৰি ভালেসংখ্যক বিদ্যালয় বানত বুৰ যোৱাৰ পৰিপ্ৰেক্ষিতত ছাত্র-ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এই নিৰ্দেশ জাৰি কৰিছে।

June 2, 2025 7:55 PM

views 45

ভূমিস্খলনত মৃত্যু হোৱা মালিগাঁৱৰ ৰবীন দাস নামৰ লোকজনৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ ৪ লাখ টকাৰ চেক প্ৰদান

গুৱাহাটী মহানগৰীত ভূমিস্খলনত মৃত্যু হোৱা মালিগাঁৱৰ ৰবীন দাস নামৰ লোকজনৰ পৰিয়ালক আজি ৰাজ্য চৰকাৰে ৪ লাখ টকাৰ চেক প্ৰদান কৰে। গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু মুখ্যমন্ত্ৰীৰ বিশেষ কর্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে আজি মালিগাঁৱত প্ৰয়াত ৰবীন দাসৰ পত্নীৰ হাতত এই আর্থিক সাহায্যৰ চেক প্ৰদান কৰে। তেওঁলোকে লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। শ্ৰীমতী মেধিয়ে পাহাৰত বসবাস কৰা লোকসকলক প্ৰতিকূল বতৰৰ সময়ত অধিক সতর্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায়।

June 2, 2025 7:48 PM

views 47

অসমৰ দুখন ৰাজ্যসভা আসনৰ বাবে হ’বলগীয়া নিৰ্বাচনৰ বাবে আজি আনুষ্ঠানিক জাননী জাৰি

অসমৰ দুখন ৰাজ্যসভা আসনৰ বাবে হবলগীয়া নিৰ্বাচনৰ বাবে আজি আনুষ্ঠানিক জাননী জাৰি কৰা হৈছে। এই আসন দুখনৰ বাবে অহা ১৯ জুনত নিৰ্বাচন অনুষ্ঠিত হব। ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু মিছন ৰঞ্জন দাসৰ ৬ বছৰীয়া কাৰ্যকালৰ ম্যাদ অহা ১৪ জুনত অন্ত পৰিব। ১৯ জুনত হবলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনত অসমৰ দুখন আসনৰ লগতে তামিলনাডুৰ ছখন আসনৰ বাবেও নির্বাচন অনুষ্ঠিত হব।